উৎকত গৰমত পেট ঠাণ্ডা কৰিবলৈ কি খাব লাগে জানি লওঁক

বৰ্ধিত তাপৰ ফলত গৰমৰ দিনকেইটাত স্বাস্থ্য সম্পৰ্কীয় সমস্যা বহু পৰিমাণে বৃদ্ধি হয়। এই দিনকেইটাত বিশেষকৈ হিট ষ্ট্ৰ’ক, মূৰৰ বিষ, জ্বৰ, মূৰ্চ্ছা যোৱাৰ দৰে সমস্যাই আমাক আগুৰি ধৰে।

author-image
সংগীতা দাস
New Update
ঔষধ seo

ডিজিটেল ডেস্ক: বৰ্ধিত তাপৰ ফলত গৰমৰ দিনকেইটাত স্বাস্থ্য সম্পৰ্কীয় সমস্যা বহু পৰিমাণে বৃদ্ধি হয়। এই দিনকেইটাত বিশেষকৈ হিট ষ্ট্ৰ’ক, মূৰৰ বিষ, জ্বৰ, মূৰ্চ্ছা যোৱাৰ দৰে সমস্যাই আমাক আগুৰি ধৰে। তদুপৰি, পেটৰ সমস্যাইও এই দিনকেইটাত বাৰুকৈয়ে জ্বলা-কলা খুৱায়। সাধাৰণ ভাষাত ইয়াক গৰম সোমোৱা বুলিয়েই কোৱা হয়। গৰম সোমালে সঘনাই শৌচ, বদহজম, পেট ফুলা আদি সমস্যা হয়। এনে পৰিস্থিতিত, আপুনি এই ঋতুত কেতবোৰ বিশেষ খাদ্য খাই পেটটো ঠাণ্ডা কৰি নিজকে সুস্থ ৰাখিব পাৰে।স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি গৰম দিনকেইটাত আপুনি খাবলগীয়া খাদ্যসমূহ হৈছে-

Advertisment

দৈ 

গৰমৰ দিনকেইটাত পেটটো ঠাণ্ডা কৰি ৰাখিবলৈ আপুনি দৈ খাব পাৰে।দৈত ছ'ডিয়াম, পটাছিয়াম, আঁহ, কেলচিয়াম, আইৰণ আৰু ভিটামিন-ডিৰ দৰে পুষ্টি থাকে। দৈ খোৱাৰ ফলত পাকস্থলী ঠাণ্ডা হোৱাৰ লগতে হাড় শক্তিশালী হয়। তদুপৰি, দৈয়ে হজম উন্নত কৰে আৰু শৰীৰটোক স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে।

চফ 

পেটৰ পৰা তাপ আঁতৰাবলৈ চফ খাব পাৰে। আপুনি ইয়াক পানীত উতলাই বা এনেয়েও চোবাই খাব পাৰে। চফৰ প্ৰভাৱ ঠাণ্ডা। সেয়েহে ই পাকস্থলী সম্পৰ্কীয় সমস্যা হ্ৰাস কৰে। চফত আঁহ, কেলচিয়াম, আইৰণ আৰু ভিটামিন-ডি থাকে। 

তিয়ঁহ 

গ্ৰীষ্মকালত তিয়ঁহ খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। ই শৰীৰক শীতল আৰু হাইড্ৰেটেড কৰি ৰাখে। 

পুদিনা 

গ্ৰীষ্মকালত পুদিনা খোৱাটোও শৰীৰৰ বাবে খুব লাভজনক। পুদিনাৰ প্ৰভাৱ শৰীৰত ঠাণ্ডা। সেয়েহে ই পেটৰ তাপ আঁতৰ কৰাত সহায় কৰে। পুদিনাই বদহজম, গেছ আৰু পেটৰ সমস্যাৰ পৰাও সকাহ দিয়ে।

ভেষজ চাহ 

ভেষক হজমৰ বাবেও অতি উপকাৰী বুলি গণ্য কৰা হয়। ইয়াক সেৱন কৰিলে হজমৰ সমস্যা হ্ৰাস কৰাত সহায় কৰে। তদুপৰি, ভেষজ চাহে পেট ফুলা সমস্যা হ্ৰাস কৰে।