/asomiyapratidin/media/media_files/2025/06/24/1cv-2025-06-24-17-52-45.jpg)
ডিজিটেল ডেস্কঃ ভাৰতীয় ৰেলৱেত যাতায়ত কৰাটো ১ জুলাই ২০২৫ৰ পৰা ব্যয়বহুল হ’ব। ৰে’লৱেই ৰে’লৰ ভাড়া বৃদ্ধিৰ কথা ঘোষণা কৰিছে। ৰে’লৱেৰ চৰকাৰী সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, নন-এচি মেইল/এক্সপ্ৰেছ ৰে’লৰ যাত্ৰী ভাড়া প্ৰতি কিলোমিটাৰত ১ পইচা বৃদ্ধি কৰা হ’ব। একে সময়তে প্ৰতি কিলোমিটাৰত ২ পইচা বৃদ্ধি হ’ব এচি ক্লাছৰ ভাড়া।
অৰ্থাত বৰ্ধিত মূল্য দীৰ্ঘ দূৰত্ব আৰু এচি ৰেলৰ বাবে হ’ব। অৱশ্যে স্থানীয় ৰে’লৰ ভাড়া বৃদ্ধি নহয় বুলি জানিব পৰা গৈছে। একে সময়তে মাহিলী ছিজন টিকট (এম এছ টি) কেৱল পুৰণি ৰেটত উপলব্ধ হ’ব। এনে পৰিস্থিতিত কিছুমান শ্ৰেণীয়ে সকাহ পাব।
ৰে’লৱেৰ নতুন শুল্কত সাধাৰণ দ্বিতীয় শ্ৰেণীত ৫০০ কিলোমিটাৰ পৰ্যন্ত যাত্ৰাৰ ভাড়া বৃদ্ধি হোৱা নাই। কিন্তু যদি যাত্ৰা ৫০০ কিলোমিটাৰতকৈ অধিক হয়, তেন্তে প্ৰতি কিলোমিটাৰত আধা পইচা অতিৰিক্ত ধন দিব লাগিব।
উল্লেখ কৰা প্ৰয়োজন যে, শেহতীয়াকৈ ভাৰতীয় ৰে’লৱেই এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে, ২০২৫ চনৰ ১ জুলাইৰ পৰা টাটকাল ৰে’লৰ টিকট বুকিঙৰ বাবে আধাৰ প্ৰমাণীকৰণ বাধ্যতামূলক হ’ব। সূত্ৰ অনুসৰি ৰে’লৱে যাত্ৰীসকলৰ ওপৰত নূন্যতম প্ৰভাৱ পেলাই সেৱাৰ উন্নতিৰ লক্ষ্যৰে এই পৰিৱৰ্তন কৰিছে ভাৰতীয় ৰে'লৱেয়ে।
কিছুদিন পূৰ্বে ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছিল যে,ভাৰতীয় ৰে'লসমূহত প্ৰদান কৰা সুবিধাসমূহৰ ওপৰত ভিত্তি কৰি বিভিন্ন ৰে'ল/শ্ৰেণীৰ ভাড়া নিৰ্ধাৰণ কৰা হয়। ভাৰতীয় ৰে'লৱেই বিভিন্ন ধৰণৰ যাত্ৰী বিভাগৰ বাবে বিভিন্ন ধৰণৰ ৰে'ল চলায়। বন্দে ভাৰত ৰে'লকে ধৰি যাত্ৰী ভাড়াৰ মূল্যায়ন আৰু যুক্তিসংগতকৰণ এক নিৰন্তৰ আৰু চলি থকা প্ৰক্ৰিয়া বুলি মন্তব্য কৰিছিল ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে।