/asomiyapratidin/media/media_files/2025/08/25/homework-2025-08-25-13-09-29.jpg)
ডিজিটেল ডেস্ক: বিগত কেইদিনমানৰ পৰা বেছ চৰ্চাত আছে এখন বিশেষ অসমীয়া ছবি। ছবিখনৰ নাম ‘হোমৱ’ৰ্ক’। ছবিখনৰ শেহতীয়া মুক্তিপ্ৰাপ্ত গীত ‘যন্ত্ৰ’য়ে ইতিমধ্যেই দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। এই গীতটো জুবিন গাৰ্গৰ জনপ্ৰিয় গীত ‘যন্ত্ৰ’ৰ নতুন সংস্কৰণ, যাক ছবিখনৰ লগত খাপ খোৱাকৈ সজাই লোৱা হৈছে।
‘আউট ৰীচ এডভাৰটাইজিং প্ৰাইভেট লিমিটেড’ৰ বেনাৰত নিৰ্মাণ হোৱা ‘হোমৱৰ্ক’ৰ প্ৰযোজনা মুকেশ মোৰ আৰু নিধি মোৰৰ। সহযোগী প্ৰযোজনা বিৰিঞ্চি মোহন শৰ্মাৰ। কাহিনী আৰু পৰিচালনা অচিন্ত শংকৰৰ। ছবিখনৰ সংগীত পৰিচালনা কৰিছে জুবিন গাৰ্গ আৰু অৰুপজ্যোতি বৰুৱাই। চিত্ৰনাট্য আৰু সংলাপ হিমাংশু নাথৰ। চিত্ৰগ্ৰহণ কৰিছে ৰূপমজ্যোতি শইকীয়াই। শব্দসজ্জা দেৱজিৎ গায়নৰ আৰু আৱহ সংগীত পৰাণ বৰকটকীৰ। ছবিখন সম্পাদনা কৰিছে ৰিতু ৰঞ্জন হাতীমূৰীয়াই। ‘হোমৱ’ৰ্ক’ত দেবজিৎ মজুমদাৰ, হিৰণ্য ডেকা, দেবজিত হাজৰিকা, পদ্মৰাগ গোস্বামী, চিন্ময় চক্ৰৱৰ্তী, ৰিম্পী দাস, গায়ত্ৰী মহন্ত, শিশু শিল্পী সূৰ্যাংগ জিউ মাৰ্ঘেৰিটা, বৃত্তান্ত নয়ন কাশ্যপ, অলংকৃতাৰ লগতে বহু ন-পুৰণি শিল্পীয়ে অভিনয় কৰিছে।
ছবিখনৰ সন্দৰ্ভত পৰিচালক অচিন্ত শংকৰে কয়, ‘নিজৰ সন্তানৰ সুন্দৰ ভবিষ্যতক লৈ সজাগ সকলো পিতৃ-মাতৃ, ছাত্ৰ-ছাত্ৰীক জ্ঞানৰ পোহৰ দিয়া শিক্ষা গুৰু,পঢ়া শুনাৰ পৰা আৰম্ভ কৰি সকলোতে প্ৰথম হ'বলৈ প্ৰতিযোগিতাত দৌৰি থকাসকলকে ধৰি আটাইৰে বাবে উপযোগী চিনেমা ‘হোমৱ'ৰ্ক’। ছবিখনৰ মূল নায়ক এটি শিশু যদিও এই কাহিনীৰ প্ৰতিটো চৰিত্ৰই সাঙুৰি লৈছে সমাজৰ বিভিন্ন স্তৰৰ লোকক। প্ৰতিনিধিত্ব কৰিছে বিভিন্ন বয়স আৰু ভিন্ন বৃত্তিৰ মানুহক। এই ছবিখনৰ কাহিনী আমি দেখি থকা বা ভাবি থকা আৰু ব্যক্তিগত অভিজ্ঞতাৰ পৰাই সৃষ্টি হৈছে। ‘হোমৱ’ৰ্ক’ কেৱল এখন শিশু ছবি নহয়, এই ছবিখনে প্ৰতিগৰাকী শিশুৰ বৰ্তমান আৰু ভবিষ্যতৰ কথা ক'ব, প্ৰতিগৰাকী অভিভাৱকৰ নিজৰ শৈশৱৰ কথা সোঁৱৰাব। সকলোতকৈ গুৰুত্বপূৰ্ণ এয়ে যে, কিদৰে সন্তানৰ বৰ্তমানটোক অধিক সুন্দৰ কৰি তুলিব পাৰি, সেয়াও উপস্থাপন কৰা হৈছে ‘হোমৱ’ৰ্ক’ত।’
ৰূপালী পৰ্দালৈ উভতিল গায়ত্ৰী মহন্ত
উল্লেখ্য যে, ‘হোমৱ’ৰ্ক’ত দীৰ্ঘবিৰতিৰ পাছত দৰ্শকে পুনৰ দেখিবলৈ পাব অভিনেত্ৰী গায়ত্ৰী মহন্তৰ অভিনয়ৰ যাদু। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰা সূৰ্যাংগ জিউ মাৰ্ঘেৰিটা গায়ত্ৰী মহন্ত আৰু মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ বৰ পুত্ৰ। এই বাণিজ্যিক ছবিখন অসমীয়াৰ লগতে হিন্দী ভাষাতো মুক্তি দিয়া হ’ব। ১২ ছেপ্টেম্বৰত ছবিগৃহলৈ আহিবলগীয়া ‘হোমৱ’ৰ্ক’য়ে দৰ্শকক কিদৰে আকৰ্ষিত কৰিবলৈ সক্ষম হয়, সেয়া অৱশ্যে সময়েহে ক’ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us