কথাই প্ৰতি কান্দি থকাসকলৰ বাবে ভাল খবৰ !

কান্দোন, যাক আমি সকলোয়ে দুখ-শোকৰ প্ৰতীক বুলিয়েই গণ্য কৰো। কিন্তু প্ৰকৃততে আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ সৈতে খুব বিশেষভাৱে সম্পৰ্কিত হৈ আছে এই কান্দোন।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
WhatsApp Image 2025-06-18 at 3.22.29 PM

ডিজিটেল ডেস্ক: কান্দোন, যাক আমি সকলোয়ে দুখ-শোকৰ প্ৰতীক বুলিয়েই গণ্য কৰো। কিন্তু  প্ৰকৃততে আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ সৈতে খুব বিশেষভাৱে সম্পৰ্কিত হৈ আছে এই কান্দোন। শেহতীয়া এক অধ্যয়নত প্ৰমাণ হোৱা মতে, কান্দোনে আমাক এই মানৱ অভিব্যক্তিৰ গুৰুত্ব বুজিবলৈ প্ৰেৰিত কৰে। এই অধ্যয়নত কান্দোনৰ কেতবোৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়েও পোহৰলৈ আহিছে। হয়, আজি কান্দোনৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক-

Advertisment

১. চাপ দূৰ

চকুপানী ওলোৱাৰ ফলত আমাৰ শৰীৰত থকা কৰ্টিচোলৰ স্তৰ হ্ৰাস হয়।কৰ্টিচোল হৈছে এনে হৰমন, যিয়ে চাপ হ্ৰাস কৰে।

২. আৱেগিক স্বাস্থ্য 

কান্দিলে গভীৰ দুখ, শোকৰ দৰে অনুভূতিবোৰ স্বাভাৱিক হয়। যাৰ ফলত আৱেগিক ভাৰসাম্য আৰু সহনশীলতা উন্নত হ'ব পাৰে।

৩. ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত

কান্দিলে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ হয়। যাৰ ফলত ৰোগ প্ৰতিৰোধ প্ৰণালী আৰু সামগ্ৰিক স্বাস্থ্য উন্নত হয়।

৪. শক্তিশালী হয় সম্পৰ্ক 

চকুপানী উলিয়াই আমি আমাৰ অনুভূতিৰ প্ৰকৃততাক স্বীকাৰ কৰো। যি আমাৰ প্ৰিয়জন আৰু পৰিয়ালৰ অংশীদাৰসকলক আমাৰ প্ৰতি সংবেদনশীল হয় আৰু আমাক সমৰ্থন কৰিব পাৰে।

৫. সামগ্ৰিক বিকাশ

কান্দোনে মানসিক স্বাস্থ্য উন্নত কৰাত সহায় কৰিব পাৰে। যিয়ে মানসিক বিকাৰৰ আশংকা হ্ৰাস কৰিব পাৰে। সামাজিক সন্মানৰ বিপৰীতে, কান্দোন হৈছে মানৱ আৱেগৰ এক প্ৰাকৃতিক আৰু গুৰুত্বপূৰ্ণ অংশ। কান্দোনে আৱেগ গ্ৰহণ আৰু নিয়ন্ত্ৰণ কৰাত সহায় কৰে। যাৰ ফলত আমাৰ সামগ্ৰিক বিকাশ হয়।

Also Read: বিবাহিত জীৱনত অশান্তি হ’লে তুলসীৰ তলত কৰিব এই কাম