/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/8477ac25-4cb8-4439-a629-efe2e2045ca3/sars.jpg)
ডিজিটেল ডেস্ক : পোহৰৰ উৎসৱ দিপাৱলী ক্ৰমে কাষ চাপি অহাৰ লগে লগেই দেশত বায়ু প্ৰদূষণৰ বাবে বৃদ্ধি পাইছে উদ্বেগ । দেশৰ ৰাজধানী দিল্লীত ৰবিবাৰে বায়ুৰ মানদণ্ডৰ সূচাংকই স্পৰ্শ কৰে ২৬৬ । যি বায়ু প্ৰদূষণৰ সূচাংকত শোচনীয়া অৱস্থাক সূচাই । আনহাতে, দিল্লী বিশ্ববিদ্যালয়ৰ নিকটৱৰ্তী অঞ্চলত এই সূচাংকই ৰবিবাৰে স্পৰ্শ কৰে ৩২৭ । তেনেস্থলত, আগন্তুক দিপাৱলীৰ পাছত ফটকাৰ প্ৰদূষণে এক ভয়াৱহ প্ৰভাৱ পেলাব বুলি আশংকা কৰিছে বিশেষজ্ঞ সকলে ।
উল্লেখ্য যে, এই সন্দৰ্ভত 'ফ'ৰ্টিছ এছক'ৰ্ট হাৰ্ট ইনষ্টিটিউত'ৰ অধ্যক্ষ ড০ অশোকৰ মন্তব্য অনুসৰি মানুহে বায়ু প্ৰদূষণৰ ফলত হাওঁফাওঁত হ'ব পৰা ৰোগ সন্দৰ্ভত অৱগত যদিও প্ৰদূষণে হৃদপিণ্ডত পেলাব পৰা ক্ষতি সম্পৰ্কে অৱগত নোহোৱাৰ ফলত অতি সহজেই অগ্ৰাজ্য কৰে প্ৰদূষণক । ইয়াৰ ওপৰিও বিগত ২০ বছৰত নৱ প্ৰজন্মৰ শৰীৰত দেখা দিয়া হৃদপিণ্ডৰ ৰোগৰ মূল কাৰণো বায়ু প্ৰদূষণ বুলিয়েই জনায় চিকিৎসক গৰাকীয়ে ।
চিকিৎসা বিজ্ঞানৰ অনুসৰি, বায়ু প্ৰদুষণে হৃদপিণ্ডৰ ধমনী সমূহৰ ক্ষতি সাধন কৰে যি পৰৰ্ৱতী সময়ত হৃদপিণ্ডৰ ক্ষতি কৰে । কাৰণ বায়ুত কাৰ্বন মনোক্সাইড, ছালফাৰ ডাই অক্সাইড, নাইট্ৰাছ অক্সাইডো থাকে যি অত্যাধিক মাত্ৰাত শৰীৰৰ ভিতৰত প্ৰৱেশ কৰিলে বিভিন্ন ৰোগ সৃষ্টি কৰাৰ লগতে মাৰাত্মকো হ'ব পাৰে । এই পদাৰ্থ সমূহ ধমনীৰ ভিতৰলৈ প্ৰৱেশ কৰিলে তেজ গোট মৰা প্ৰক্ৰিয়াটো আৰু অধিক খৰতকীয়া কৰি তোলে ।
এনে এক ভয়াৱহতাৰ সকিয়নীৰ পাছত দিল্লীৰ দিপাৱলী উদযাপনৰ প্ৰস্তুতিত কেনে প্ৰভাৱ পেলাব সেইয়া সন্দেহৰ আবৰ্তত ।