/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/10badc36-a039-4258-860e-41b100232b2c/dengue.jpg)
ডিজিটেল ডেস্ক: আন সময়ৰ তুলনাত গ্ৰীষ্মকালত ডেংগু ৰোগত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হয়। কিয়নো এই দিনকেইটাত মহবোৰৰ অতি দ্ৰুতগতিত বংশ বৃদ্ধি হয় আৰু মানুহক সংক্ৰমিত কৰে।আমি সকলোয়ে জ্ঞাত যে, এডিছ মহৰ কামোৰৰ ফলত ডেংগু জ্বৰ হয়।ই হৈছে এক ফ্লু-সদৃশ ৰোগ, যি ডেংগু ভাইৰাছৰ ফলত হয়।ৰাজীৱ গান্ধী জৈৱ প্ৰযুক্তি কেন্দ্ৰত কৰা এক অধ্যয়নত এইটোও প্ৰকাশ পাইছে যে তাপমাত্ৰা বৃদ্ধি হোৱাৰ লগে লগে ডেংগুৰ আশংকা বৃদ্ধি হয়।আজি ডেংগুৰ লক্ষণ তথা প্ৰতিৰোধৰ উপায়ৰ বিষয়ে জানো আহক-
ডেংগুৰ লক্ষণ
ডেংগুৰ প্ৰধান লক্ষণ হৈছে জ্বৰ। কিন্তু এই জ্বৰ কিশোৰ তথা শিশুৰ ক্ষেত্ৰত সহজে চিনাক্ত কৰিব নোৱাৰি। ডেংগুত ১০৪ ফাৰেনহাইট ডিগ্ৰীৰ জ্বৰ হয়।ইয়াৰ বাহিৰেও আন লক্ষণকেইটা হৈছে-
-মূৰৰ বিষ।
- পেশী, হাড় আৰু গাঁঠিৰ বিষ।
-অসুস্থ অনুভৱ কৰা।
- বমি।
- চকুৰ পিছফালে বিষ।
- গ্ৰন্থি ফুলা।
- ছালত ৰঙা দাগ।
ডেংগুৰ কাৰণ
ডেংগু-পীড়িত এলেকাত বাস কৰা
যদি আপুনি এনে এলেকাত বাস কৰে য'ত এডিছ মহৰ প্ৰাদুৰ্ভাৱ অধিক, তেতিয়া আপোনাৰ ডেংগু সংক্ৰমিত হোৱাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি হয়।
পূৰ্বৰ সংক্ৰমণ
আগতে ডেংগু হোৱা লোকসকল ভাইৰেল সংক্ৰমণৰ পৰা মুক্ত নহয়। এনে পৰিস্থিতিত তেওঁলোকৰ দ্বিতীয়বাৰৰ বাবে ডেংগুত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক বৃদ্ধি হয়।
দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা
যিসকল লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল, তেওঁলোকৰ ডেংগু হোৱাৰ সম্ভাৱনা অধিক।বৃদ্ধ লোকসকলৰ এই ৰোগ হোৱাৰ সম্ভাৱনা অধিক হয়।আনহাতে, ডায়েবেটিচ, হাঁওফাঁওৰ ৰোগ আৰু হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগৰ আশংকা বৃদ্ধি হয়।
প্লেটলেটৰ সংখ্যা কম
যেতিয়া ভুক্তভোগীৰ তেজত প্লেটলেটৰ সংখ্যা হ্ৰাস হ'বলৈ আৰম্ভ কৰে, তেতিয়া ডেংগুৰ আশংকা বৃদ্ধি হয়।
ডেংগুৰ চিকিৎসা
মহৰ প্ৰজনন ক্ষেত্ৰ নিষিদ্ধ কৰা
ডেংগুৰ প্ৰাথমিক উৎস হৈছে এডিছ মহ। যিয়ে স্থিৰ পানীত প্ৰজনন কৰে। আপোনাৰ ঘৰত মহৰ প্ৰজননৰ আশংকা হ্ৰাস কৰিবলৈ পানী ভৰ্তি ঠাইবোৰ তৎক্ষণাৎ পৰিস্কাৰ কৰক।নিয়মিয়াকৈ নলা আৰু পানী নিষ্কাশন পাইপো চাফা কৰি থাকিব।
কীটনাশক ব্যৱহাৰ কৰিব
ছালত মহ নিবাৰণকাৰী প্ৰয়োগ কৰি মহৰ কামোৰাৰ সম্ভাৱনা যথেষ্ট হ্ৰাস কৰিব পাৰে। যদি আপোনাৰ এলেকা বা ঘৰত অধিক মহ আছে, তেনেহ'লে মহ প্ৰতিৰোধক ব্যৱহাৰ কৰিব। মনত ৰাখিব যে সেইবোৰত যাতে ডিইইটি, পিকাৰিডিন, চাইট্ৰোনেলা আৰু নেমু ইউকেলিপ্টাছ তেল অন্তৰ্ভুক্ত থাকে।
দীঘল হাতৰ কাপোৰ পিন্ধিব
সদায়েই ঘৰৰ কলোয়ে দীঘল হাতৰ চাৰ্ট, দীঘল পেণ্ট পৰিধান কৰিব। পাতল ৰঙৰ কাপোৰেও মহক আপোনাৰ পৰা আঁতৰাই ৰাখে।সেয়েহে, পৰাপক্ষত পাতল ৰঙৰ কাপোৰ পিন্ধিব।
খিৰিকী-দুৱাৰ বন্ধ ৰাখিব
ঘৰত মহ প্ৰৱেশ কৰা প্ৰতিহত কৰিবলৈ খিৰিকী আৰু দুৱাৰ বন্ধ ৰখাৰ লগতে মহৰ জাল ব্যৱহাৰ কৰিব।ই মহৰ পৰা সুৰক্ষা লাভ কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায়।আনহাতে, ঘৰৰ ভিতৰত শীতল পৰিৱেশ বজাই ৰাখিবলৈ ফেন বা এয়াৰ কণ্ডিচনিং ব্যৱহাৰ কৰিব কিয়নো ঠাণ্ডা বতৰত মহৰ কাৰ্যকলাপ হ্ৰাস হয়।
অত্যাধিক বাহিৰলৈ যোৱা পৰিহাৰ কৰিব
সন্ধিয়া মহ আটাইতকৈ সক্ৰিয় হয়, সেয়েহে এনে সময়ত পানী ভৰ্তি হোৱা ঠাইলৈ নাযাব।যদি বাহিৰলৈ যোৱাৰ বিশেষ প্ৰয়োজন হয়, সম্পূৰ্ণ হাতৰ কাপোৰ পিন্ধিব আৰু মহ প্ৰতিৰোধক প্ৰয়োগ কৰিব।
Also Read: ‘পিংক আই’ৰ পৰা বাচিবলৈ এইসমূহ সাৱধানতা অৱলম্বন কৰক