‘পিংক আই’ৰ পৰা বাচিবলৈ এইসমূহ সাৱধানতা অৱলম্বন কৰক

সমগ্ৰ দেশতে এতিয়া চকুৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে।দ্ৰুতগতিত বিয়পিবলৈ ধৰা এই সংক্ৰমণৰ মূল লক্ষণসমূহ হৈছে চকু ফুলা, ৰঙা পৰা আৰু চকুত তীব্ৰ বিষ অনুভৱ হোৱা। এই সংক্ৰমণক চিকিৎসা বিজ্ঞানৰ ভাষাত 'পিংক আই' বুলি কোৱা হয়।

author-image
Asomiya Pratidin
New Update
‘পিংক আই’ৰ পৰা বাচিবলৈ এইসমূহ সাৱধানতা অৱলম্বন কৰক

ডিজিটেল ডেস্ক: সমগ্ৰ দেশতে এতিয়া চকুৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে।দ্ৰুতগতিত বিয়পিবলৈ ধৰা এই সংক্ৰমণৰ মূল লক্ষণসমূহ হৈছে চকু ফুলা, ৰঙা পৰা আৰু চকুত তীব্ৰ বিষ অনুভৱ হোৱা। এই সংক্ৰমণক চিকিৎসা বিজ্ঞানৰ ভাষাত 'পিংক আই' বুলি কোৱা হয়।এই সংক্ৰমণৰ ফলত কমেও একসপ্তাহ চকুৰ পৰা নিৰন্তৰ পানী ওলাই থকাৰ লগতে চকুত তীব্ৰ জ্বলা-পোৰা আৰু বিষ হয়।যদি আপুনি এই ভয়ানক চকুৰ সংক্ৰমণৰ পৰা নিজকে বচাই ৰাখিব বিচাৰে, তেনেহ'লে কিছুমান সাৱধানতা অৱলম্বন কৰাটো খুবেই জৰুৰী।পিংক আই'ৰ সংক্ৰমণৰ পৰা বাচি থাকিবলৈ আপুনি কেতবোৰ ঘৰুৱা উপায় অৱলম্বন কৰিব পাৰে। আজি এই বিষয়ে জানো আহক- 

Advertisment

এইসমূহ সাৱধানতা অৱলম্বন কৰিব-

- যদি আপোনাৰ ঘৰৰ চাৰিওফালে বা ঘৰত কাৰোবাৰ সংক্ৰমণ হয়, তেন্তে তেওঁলোকৰ পৰা দূৰত থাকিব। কিয়নো ৰোগীৰ সংস্পৰ্শলৈ আহি আপুনিও ইয়াৰ কৱলত পৰিব পাৰে।

- সংক্ৰমিত ব্যক্তিজনৰ টাৱেল, কাপোৰৰ আদি ব্যৱহাৰ নকৰিব। ৰোগীৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলতো আপোনাৰ সংক্ৰমণ হ’ব পাৰে।

- যদি আপোনাৰ চকু ক্ষতিগ্ৰস্ত হয়, তেন্তে উজ্জ্বল পোহৰত বাহিৰলৈ নাচাব। বাহিৰ ওলালে ছানগ্লাছ ব্যৱহাৰ কৰিব।ইয়াৰ বাহিৰেও যিকোনো বস্তু স্পৰ্শ কৰাৰ পিছত হাত ভালকৈ ধুব। 

চকুৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ ঘৰুৱা প্ৰতিকাৰ

- যদি আপোনাৰ চকু সংক্ৰমিত হয়, তেন্তে আপুনি এটা বাটিত উনি-উনি গৰম পানী ল'ব।এতিয়া এই পানীত পৰিস্কাৰ কপাহৰ কাপোৰ এখন তিয়াই চকুটো চাফা কৰিব।

-ইয়াৰ উপৰিও আপুনি ঠাণ্ডা পানী চকুত ছটিয়াইও চকুৰ সংক্ৰমণৰ লক্ষণবোৰ হ্ৰাস কৰিব পাৰে। ইয়াৰ বাবে কাপোৰ এখন ঠাণ্ডা পানীত তিয়াই লৈ লাহে লাহে আপোনাৰ চকুত প্ৰয়োগ কৰিব। মনত ৰাখিব যাতে, আপোনাৰ চকুত জোৰেৰে হেঁচা নিদিয়ে চকুৰ পতাত পোনপটীয়াকৈ বৰফ প্ৰয়োগ নকৰে।

- কেষ্টৰ অইলৰ প্ৰদাহ-প্ৰতিৰোধী গুণাগুণ থাকে, যি চকুৰ প্ৰদাহ হ্ৰাস কৰিব পাৰে।সংক্ৰমণৰ ফলত চকু ফুলি গ’লে চকুৰ চাৰিওফালে এই তেল প্ৰয়োগ কৰিব।

বি.দ্ৰ: চকুৰ এই সংক্ৰমণৰ বাবে যিকোনো ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব।

Also Read: লক্ষণ জানি লৈ সৰ্তকতা অৱলম্বন কৰক, অন্যথা হেৰুৱাব দৃষ্টিশক্তি