লেলাৱতি ওলোৱাটো এটা বেমাৰ, এই বেমাৰৰ কাৰণ জানি লৈ সাৱধান হওঁক

আমাৰ অধিকাংশ লোকৰে টোপনিত লেলাৱতি ওলায় আৰু সকলোয়েই এই অৱস্থাক সাধাৰণ বুলি ভাৱিয়েই উপেক্ষা কৰে। কিন্তু লেলাৱতি ওলোৱাতো এটা গুৰুতৰ স্বাস্থ্য সমস্যা।

author-image
সংগীতা দাস
New Update
web ap 1

ডিজিটেল ডেস্ক: আমাৰ অধিকাংশ লোকৰে টোপনিত লেলাৱতি ওলায় আৰু সকলোয়েই এই অৱস্থাক সাধাৰণ বুলি ভাৱিয়েই উপেক্ষা কৰে। কিন্তু লেলাৱতি ওলোৱাতো এটা গুৰুতৰ স্বাস্থ্য সমস্যা। টোপনিৰ সময়ত লেলাৱতি ওলোৱাৰ কাৰণ, কেনেদৰে এই সমস্যা দূৰ কৰিব পাৰি, আজি জানো আহক-

Advertisment

কিয় হয় এই সমস্যা ?

কিছুমান ব্যক্তিৰ ৰাতি শুই থকাৰ সময়ত মুখৰ পৰা লেলাৱতি ওলায়। যাক চিকিৎসা ভাষাত 'ড্ৰলিং' বোলা হয়। গভীৰ টোপনিত থাকিলে মুখৰ পেশীবোৰ ঢিলা হৈ পৰে। মাজে মাজে এনে হোৱাটো চিন্তাৰ বিষয় একেবাৰেই নহয়। কিন্তু, যদি সদায় আপোনাৰ টোপনিত এনে হয়, তেতিয়া ই চিন্তাৰ বিষয় হৈ পৰে। প্ৰকৃততে, শৰীৰত পুষ্টিৰ অভাৱ হ’লে দৈনিক লেলাৱতি ওলায়।

হয়, Carehospitals.comৰ এক প্ৰতিবেদন অনুসৰি, যেতিয়া শৰীৰত ভিটামিন B12ৰ অভাৱ হয়, তেতিয়া স্নায়ুতন্ত্ৰত গভীৰ প্ৰভাৱ পৰে। ইয়াৰ ফলত পেশী নিয়ন্ত্ৰণৰ ক্ষমতা দুৰ্বল হৈ পৰে। যাৰ বাবে কিছুমান মানুহৰ টোপনিত লেলেৱতি ওলায়। এই সমস্যা কোনো গুৰুতৰ ৰোগৰ লক্ষণো হ’ব পাৰে। গতিকে ইয়াক আওকাণ কৰা উচিত নহয়।

Everlywell (everlywell.com) ৰ ৰিপৰ্ট অনুসৰি ভিটামিন B1 আৰু B6 ৰ অভাৱে ‘মুড’ সলনি, খিংখিঙীয়া স্বভাৱ আৰু মানসিক ক্লান্তিৰ সৃষ্টি কৰিব পাৰে। যদিও B6ৰ গুৰুতৰ অভাৱ সোনকালে নহয়, তথাপিও এই ভিটামিনৰ অভাৱ যাতে নহয়, খাদ্যৰ প্ৰতি মনোযোগ দিয়াটো অতি গুৰুত্বপূৰ্ণ।

শৰীৰত ভিটামিন B12ৰ গুৰুত্ব

আমাৰ শৰীৰৰ বহুতো অত্যাৱশ্যকীয় প্ৰক্ৰিয়াৰ বাবে ভিটামিন B12ৰ প্ৰয়োজন হয়। ভিটামিন B12ক কোবালামিন বুলিও কোৱা হয়। এই ভিটামিনে স্নায়ুতন্ত্ৰ আৰু মগজুৰ কাৰ্য্যক্ষমতা বজাই ৰখাত সহায় কৰে।

শৰীৰত ভিটামিন B12ৰ অভাৱৰ বাবে কি হয় ?

শৰীৰত B12ৰ অভাৱ হ’লে স্নায়ু দুৰ্বল হয় আৰু পেশী নিয়ন্ত্ৰণৰ ক্ষমতা কমিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত টোপনিৰ সময়ত মুখ বন্ধ কৰি ৰখাত অসুবিধাৰ সৃষ্টি হয়। যাৰ বাবে মুখখন খোলা হৈ থাকে আৰু লেলাৱতি ওলায়।

B12ৰ অভাৱ হ'লে শৰীৰত দেখা দিয়া আন লক্ষণসমূহ হ'ল-

১) ভাগৰুৱা অনুভৱ।

২) হাত-ভৰিৰ জিনজিননি 

৩) স্মৃতিশক্তি দুৰ্বল

৪) জিভাত অস্বাভাৱিক অনুভৱ

৫) খিংখিঙীয়া হোৱা

উল্লেখ্য যে, এই সমস্যা বেছিকৈ বৃদ্ধ, নিৰামিষভোজী আৰু যিসকল লোকৰ খাদ্যাভ্যাস সুষম নহয় বা যিসকলৰ হজম শক্তি দুৰ্বল, তেওঁলোকৰ হয়। সেয়েহে, খাদ্যৰ প্ৰতি সচতেন হোৱাটো খুবেই দৰকাৰ।

বি.দ্ৰ: এই লেখাটো ইণ্টাৰনেটত উপলব্ধ তথ্যৰ ভিত্তিত লেখা হৈছে।

Also Read: ঘৰুৱা প্ৰতিকাৰৰ দ্বাৰাই বাহিৰ কৰক শৰীৰৰ বিষাক্ত পদাৰ্থ