Advertisment

ৰাতিপুৱা বিচনাৰ পৰা উঠোতে সাৱধান হ'ব

শীতকালত হৃদআক্ৰমণ আৰু ষ্ট্ৰ’কৰ ঘটনা তুলনামূলকভাৱে বৃদ্ধি হয়। ঠাণ্ডাৰ দিনত শৰীৰত বহু পৰিৱৰ্তন হয়, যি আমাৰ স্বাস্থ্যৰ বাবে বিপদজনক প্ৰমাণিত হ'ব পাৰে। বিশেষকৈ পুৱা বিচনাৰ পৰা উঠোতে কৰা কেতবোৰ ভুলৰ বাবে হৃদআক্ৰমণ আৰু ষ্ট্ৰ’কৰ দৰে ভয়াৱহ ঘটনা ঘটিব পাৰে।

author-image
Asomiya Pratidin
New Update
heart

ডিজিটেল ডেস্ক: শীতকালত হৃদআক্ৰমণ বা হাৰ্ট এটেক আৰু ষ্ট্ৰ’কৰ ঘটনা তুলনামূলকভাৱে বৃদ্ধি হয়। ঠাণ্ডাৰ দিনত শৰীৰত বহু পৰিৱৰ্তন হয়, যি আমাৰ স্বাস্থ্যৰ বাবে বিপদজনক প্ৰমাণিত হ'ব পাৰে। বিশেষকৈ আমি ৰাতিপুৱা বিচনাৰ পৰা উঠোতে কৰা কেতবোৰ ভুলৰ বাবে হৃদআক্ৰমণ আৰু ষ্ট্ৰ’কৰ দৰে ভয়াৱহ ঘটনা ঘটিব পাৰে।হৃদআক্ৰমণ আৰু ষ্ট্ৰ’কৰ পৰা বাচি থাকিবলৈ বিচনাৰ পৰা উঠাৰ সময়ত ল'বলগীয়া সাৱধানতাৰ বিষয়ে আজি জানো আহক- 

Advertisment

ৰাতিপুৱা বিচনাৰ পৰা সোনকালে নুঠিব 

শীতৰ বতৰত কম্বলৰ তলৰ পৰা ওলাই লগে লগে থিয় নহ'ব। ঠাণ্ডাৰ ফলত আপোনাৰ শৰীৰৰ ৰক্তনলীবোৰ সংকুচিত হ'ব পাৰে, যিয়ে ৰক্ত সঞ্চালন প্ৰভাৱিত কৰে। হঠাতে বিচনাৰ পৰা উঠি দিয়াৰ ফলত হৃদযন্ত্ৰ আৰু মগজুলৈ তেজৰ প্ৰবাহ সঠিকভাৱে নহয়, যিয়ে হৃদ আক্ৰমণ বা ষ্ট্ৰ’কৰ আশংকা বৃদ্ধি কৰিব পাৰে। সেয়েহে, শীতকালত বিচনাৰ পৰা উঠাৰ সময়ত কেইছেকেণ্ডৰ বাবে বহিব। ই আপোনাৰ শৰীৰক ঠাণ্ডাৰ সৈতে খাপ খোৱাৰ সুযোগ দিয়ে আৰু ৰক্ত সঞ্চালন ভাল কৰে।

ভৰি তললৈ ওলোমাই ৰাখক

ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পিছত ভৰি দুটা ২০-৩০ ছেকেণ্ডৰ বাবে তললৈ ওলমাই ৰাখিব। ই ৰক্ত সঞ্চালন উন্নত কৰাত সহায় কৰে। যেতিয়া আপুনি শুই থাকে, তেজৰ প্ৰবাহ কম হয়। কিন্তু যেতিয়া আপুনি ভৰিও ওলোমাই ৰাখে, ৰক্তনলীবোৰ পুনৰ খুলিবলৈ আৰম্ভ কৰে আৰু তেজৰ প্ৰবাহ ভাল হয়। ভৰি ওলমাই ৰাখিলে আপোনাৰ শৰীৰৰ তাপমাত্ৰাও ক্ৰমান্বয়ে স্বাভাৱিক হয়, যিয়ে ঠাণ্ডা বতৰৰ প্ৰভাৱ হ্ৰাস কৰে।

ছুৱেটাৰ বা জেকেট পিন্ধিব

ৰাতিপুৱা যেতিয়া বিচনাৰ পৰা উঠে, প্ৰথমে ছুৱেটাৰ বা জেকেট পিন্ধিব। ঠাণ্ডা পৰিহাৰ কৰিবলৈ গৰম কাপোৰ পিন্ধাটো গুৰুত্বপূৰ্ণ, যাতে আপোনাৰ শৰীৰে তাপ বাহাল ৰাখে আৰু ঠাণ্ডাৰ বাবে ৰক্ত নলীবোৰ বেছি সংকুচিত নহয়। ছুৱেটাৰ বা জেকেট পিন্ধিলে আপোনাক শাৰীৰিক আৰাম দিয়ে আৰু আপুনি সোনকালে ঠাণ্ডাৰ পৰা নিজকে সুৰক্ষিত কৰিব পাৰে। ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু হৃদআক্ৰমণ আৰু ষ্ট্ৰ’কৰ আশংকা হ্ৰাস কৰে।

বিচনাৰ পৰা লাহে লাহে উঠিব

সাৰ পোৱাৰ পিছত অলপ সময় ৰৈ ভৰি ওলোমাই ৰখাৰ পিছত ছুৱেটাৰ বা জেকেট পিন্ধি লাহে লাহে বিচনাৰ পৰা উঠিব, খৰধৰ নকৰিব।লাহে লাহে উঠিলে ৰক্ত সঞ্চালন সঠিকভাৱে হয়,  যিয়ে হৃদআক্ৰমণ বা ষ্ট্ৰ’কৰ দৰে সমস্যা প্ৰতিহত কৰে।

ব্যায়াম কৰা

ৰাতিপুৱা সদায় ব্যায়াম কৰাৰ অভ্যাস কৰিব। ই শৰীৰত তেজৰ প্ৰবাহ বৃদ্ধি কৰে আৰু পেশীবোৰলৈ নমনীয়তা আনে।দৈনিক ব্যায়াম কৰি আপুনি বহু ৰোগৰ পৰা বাচিও থাকিব পাৰে। 

ভিটামিন-ডি গ্ৰহণ, পানী খাব

শীতকালত সূৰ্যৰ পোহৰ কম হয়, যাৰ ফলত শৰীৰত ভিটামিন ডিৰ অভাৱ হ'ব পাৰে। ৰাতিপুৱা ৰ'দ লৈ শৰীৰত ভিটামিন ডি-ৰ অভাৱ নিৰাময় কৰিব পাৰে, যি হৃদযন্ত্ৰ আৰু শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। লগতে বিচনাৰ পৰা উঠাৰ পিছত পানী খোৱাৰ অভ্যাস কৰিব আৰু দিনটোত সময়ে সময়ে পানী খাই থাকিব। শৰীৰত পানীৰ অভাৱৰ ফলত ৰক্ত সঞ্চালন হ্ৰাস হ'ব পাৰে।

ইতিবাচক মানসিকতা গ্ৰহণ কৰিব

শীতকালত শাৰীৰিকতকৈও মানসিক স্বাস্থ্যৰ যত্ন লোৱাটো খুব জৰুৰী। চাপ আৰু উদ্বেগ আপোনাৰ হৃদযন্ত্ৰৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। সেয়েহে আপোনাৰ দৈনন্দিন ৰুটিনত যোগ, প্ৰাণায়াম আৰু ধ্যান অন্তৰ্ভুক্ত কৰক। ই কেৱল মানসিক চাপ হ্ৰাস কৰাৰ লগতে হৃদযন্ত্ৰও স্বাস্থ্যৱান কৰি ৰাখে।

Also Read: আপুনি কফি খাইনে ?