ডিজিটেল ডেস্ক: স্বাস্থ্যৰ প্ৰতি সচেতন হৈ আজিকালি বহুলোকে ৰাতিপুৱা খালী পেটত কেতবোৰ বিশেষ খাদ্য গ্ৰহণ কৰে।কিন্তু কিছুমান খাদ্য খোৱাটোয়ে আমাৰ স্বাস্থ্যৰ অভাৱনীয় ক্ষতি কৰিব পাৰে। হয়, সঠিক সময়ত সঠিক খাদ্য বাছনি কৰাটো আমাৰ স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ। খালী পেটত কিছুমান খাদ্য খালে এচিডিটি, গেছ আৰু পেটৰ অন্যান্য সমস্যা বৃদ্ধি হ'ব পাৰে।
ৰাতিপুৱাৰ সময়খিনি আমাৰ শৰীৰৰ বাবে গুৰুত্বপূৰ্ণ।কিয়নো ই আমাৰ পাচন তন্ত্ৰক সঠিকভাৱে কাম কৰাৰ সুযোগ দিয়ে। কিন্তু যদি আমি ৰাতিপুৱা সঠিক খাদ্য নাখাওঁ, ই আমাৰ স্বাস্থ্যত নেতিবাচক প্ৰভাৱ পেলাব পাৰে।এচিডিটি আৰু পেটৰ অন্যান্য সমস্যা প্ৰতিহত কৰিবৰ বাবে খালী পেটত পৰিহাৰ কৰিবলগীয়া ৭ বিধ খাদ্যৰ বিষয়ে আজি জানো আহক-
টেঙা ফল
কমলা,মৌচুমী আদিকে ধৰি টেঙাজাতীয় ফল খালী পেটত খালে পাকস্থলীত এচিডিটিৰ স্তৰ বৃদ্ধি কৰিব পাৰে, যাৰ ফলত বুকু জ্বলা-পোৰাৰ সমস্যা হয়। এই ফলবোৰে পাকস্থলীৰ আৱৰণত প্ৰভাৱ পেলাব পাৰে আৰু এচিডিটি বৃদ্ধি কৰিব পাৰে। সেয়েহে, খালী পেটত আৰু বেছিকৈ ভোক লাগি থকাৰ সময়ত এইসমূহ খোৱা পৰিহাৰ কৰিব লাগে।
বিলাহী
বিলাহীত উচ্চ পৰিমাণৰ চাইট্ৰিক আৰু মেলিক এচিড থাকে, যিয়ে এচিডিটি বৃদ্ধি কৰিব পাৰে। কিছুমান লোকে ৰাতিপুৱা খালী পেটত বিলাহীৰ ৰস খায়, যাৰ ফলত ডায়েৰিয়া আৰু পেটৰ জ্বলা-পোৰা হ'ব পাৰে।
কেফেইন (চাহ আৰু কফি)
খালী পেটত চাহ বা কফি খালে পাকস্থলীত এচিডিটি বৃদ্ধি হ'ব পাৰে। কেফেইনে পাকস্থলীত অত্যাধিক এচিড উৎপাদন কৰে, যাৰ ফলত জ্বলা-পোৰা, গেছ আৰু বদহজমৰ দৰে সমস্যা হ'ব পাৰে। একো নোখোৱাকৈ এই পানীয়বোৰ সেৱন কৰিলে পাকস্থলীৰ স্বাস্থ্য ব্যাহত হ'ব পাৰে আৰু এচিড ৰিফ্লাক্স হ'ব পাৰে।
মচলাযুক্ত খাদ্য
ৰাতিপুৱা মচলাযুক্ত খাদ্য খোৱাটো পৰিহাৰ কৰিব লাগে। কিয়নো অত্যাধিক তেল আৰু মচলাযুক্ত খাদ্য খালী পেটত হজম কৰাটো কঠিন। ইয়াৰ ফলত এচিডিটি, গেছ আৰু বদহজমৰ দৰে সমস্যা হ'ব পাৰে।
ঠাণ্ডা পানীয়
ঠাণ্ডা পানীয়ত কাৰ্বোনেটেড চ'ডা থাকে, যাৰ ফলত পাকস্থলীত এচিডিটি আৰু গেছ হ'ব পাৰে। এই পানীয়বোৰ খালী পেটত খালে অন্ত্ৰৰ সমস্যা হ'ব পাৰে। ঠাণ্ডা পানীয় সেৱন কৰাটো পাকস্থলীৰ বাবে ক্ষতিকাৰক হ'ব পাৰে আৰু হজম প্ৰক্ৰিয়াত ব্যাঘাত জন্মাব পাৰে।
মিঠা খাদ্য
খালী পেটত মিঠা খাদ্য খালে ইনচুলিনৰ স্তৰ ব্যাহত হ'ব পাৰে আৰু পেটৰ অসুবিধা হ'ব পাৰে। মিঠা খাদ্যত থিঅব্ৰোমিন নামৰ এক পদাৰ্থ থাকে, যিয়ে হজমৰ সমস্যা সৃষ্টি কৰি গেছৰ সমস্যা বৃদ্ধি কৰিব পাৰে। সেয়েহে, ৰাতিপুৱা সোনকালে চকলেট আৰু কেকৰ দৰে মিঠা খাদ্য খোৱা পৰিহাৰ কৰিব লাগে।
নহৰু
খালী পেটত নহৰু, পিয়াজ খালে পাকস্থলীত এচিডিটি বৃদ্ধি হ'ব পাৰে।কিয়নো এইসমূহত পাকস্থলীৰ বাবে ক্ষতিকাৰক যৌগ থাকে আৰু ৰাতিপুৱা খালে এচিডৰ স্তৰ বৃদ্ধি হ'ব পাৰে। যাৰ ফলত পাকস্থলীত জ্বলা-পোৰা আৰু গেছৰ দৰে সমস্যা হ'ব পাৰে। সেয়েহে, ৰাতিপুৱা আহাৰ গ্ৰহণৰ পিছত এই খাদ্য সামগ্ৰীবোৰ গ্ৰহণ কৰা উচিত।
এচিডিটি কি ?
এচিডিটি হৈছে পাকস্থলী সম্পৰ্কীয় সমস্যা য'ত পাকস্থলীৰ এচিডৰ স্তৰ বৃদ্ধি হয়। ইয়াৰ ফলত বুকু জ্বলা আৰু বদহজমৰ দৰে লক্ষণে দেখা দিব পাৰে। যদি সঠিক সময়ত সঠিক আহাৰ খোৱা নহয়, এই সমস্যাটো অধিক হ'ব পাৰে। সেয়েহে, আপোনাৰ ৰাতিপুৱাৰ আহাৰত আপোনাৰ পাচন তন্ত্ৰৰ বাবে উপকাৰী খাদ্য অন্তৰ্ভুক্ত কৰিব।
Also Read: বুকুজ্বলা, পেটৰ বিষক স্বাভাৱিক বুলি ভাবি উপেক্ষা নকৰিব