/asomiyapratidin/media/media_files/2025/02/20/jfCPIKAVgEqlrg3hPJSl.jpg)
ডিজিটেল ডেস্ক: উপদেশতকৈ আৰ্হি ভাল। তাকেই যেন প্ৰমাণ কৰিলে এজন দায়িত্বশীল চিকিৎসকে। ৰোগীক উৎসাহ যোগাবলৈ চিকিৎসকে হ্ৰাস কৰিলে তেওঁৰ শৰীৰৰ ওজন। হয়, এই চিকিৎসকজনে শৰীৰৰ ওজন ৯৭.৫ কিলোগ্ৰামৰ পৰা ৭৩.৫ কিলোগ্ৰামলৈ হ্ৰাস কৰি বহুজনৰ বাবে আদৰ্শ হৈ পৰিছে।
চীনৰ এই চিকিৎসকজনৰ নাম ৱু তিয়ানগেন। শল্য বিভাগৰ চিকিৎসক ৱুৰ বয়স ৩১ বছৰ। প্ৰকৃততে, বিগত বৰ্ষত এই চিকিৎসকজনৰ শৰীৰত ফেটী লিভাৰ ধৰা পৰিছিল। তেতিয়াই তেওঁ নিজকে সুস্থ ৰাখিবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছিল। আনহাতে, শৰীৰৰ ওজন হ্ৰাস কৰি সুস্থ থাকিবলৈ বিচৰাসকলক অনুপ্ৰেৰণা দিবলৈ সংকল্প লৈছিল।
উল্লেখ্য যে, এই প্ৰতিজ্ঞা লৈ চিকিৎসকজনে মাত্ৰ ৪৫ দিনত ২৫ কিলোগ্ৰাম হ্ৰাস কৰিবলৈ সক্ষম হৈছিল। অগণন লোকৰ আদৰ্শ এই চিকিৎসকজনৰ মতে, 'কৰো বুলি ভাবিলে মানুহে কৰিব নোৱাৰা কাম একো নাই। দিনটোত দুঘণ্টা ব্যায়াম, ৬ঘণ্টা টোপনি আৰু খোৱাৰ ক্ষেত্ৰত সচেতন হৈ এক সুস্থিৰ জীৱনশৈলী গ্ৰহণ কৰিলেই ওজন হ্ৰাস প্ৰক্ৰিয়াটো সহজ হৈ পৰে।'
উল্লেখ্য যে, ৱু তিয়ানগেনে শৰীৰৰ ওজন হ্ৰাস কৰি চিকিৎসক ৱু তিয়ানগেনে চীনৰ মিষ্টাৰ বডীবিল্ডিংৰ খিতাপ অৰ্জন কৰিবলৈও সক্ষম হয়।
Also Read: ঘোঁৰাৰ দৰেই বাবা ৰামদেৱ...