দৃষ্টিশক্তি বৃদ্ধিৰ বাবে শিশুক কেনে খাদ্য খুৱাব লাগে জানি লওঁক

আজিকালি অধিকাংশ শিশুয়েই ম'বাইল আসক্ত।যাৰ ফলত খুব কম বয়সতে তেওঁলোকৰ দৃষ্টি শক্তি দুৰ্বল হৈ পৰিছে।তদুপৰি, ভুল খাদ্যাভ্যাসো শিশুৰ দৃষ্টিশক্তি দুৰ্বল হোৱাৰ এক অন্যতম কাৰণ।কিন্তু খোৱাৰ ক্ষেত্ৰত কিছু সচেতন হ'লেই আপুনি আপোনাৰ শিশুৰ দৃষ্টিশক্তি ঘুৰাই আনিব পাৰে।

author-image
Asomiya Pratidin
New Update
দৃষ্টিশক্তি বৃদ্ধিৰ বাবে শিশুক কেনে খাদ্য খুৱাব লাগে জানি লওঁক

ডিজিটেল ডেস্ক: আজিকালি অধিকাংশ শিশুয়েই ম'বাইল আসক্ত।যাৰ ফলত খুব কম বয়সতে  তেওঁলোকৰ দৃষ্টি শক্তি দুৰ্বল হৈ পৰিছে।তদুপৰি, ভুল খাদ্যাভ্যাসো শিশুৰ দৃষ্টিশক্তি দুৰ্বল হোৱাৰ এক অন্যতম কাৰণ।কিন্তু খোৱাৰ ক্ষেত্ৰত কিছু সচেতন হ'লেই আপুনি আপোনাৰ শিশুৰ দৃষ্টিশক্তি ঘুৰাই আনিব পাৰে।শিশুৰ দৃষ্টিশক্তি বৃদ্ধি কৰিবলৈ আপুনি আপোনাৰ শিশুটিক কিদৰে খোৱাৰ যত্ন ল'ব লাগে, আজি জানো আহক-

Advertisment

ভিটামিন ই 

আপুনি শিশুৰ আহাৰত ভিটামিন-ই সমৃদ্ধ আহাৰ অন্তৰ্ভুক্ত কৰিব পাৰে। ইয়াৰ বাবে আপুনি শিশুসকলক বাদাম, চিনাবাদাম, মাকৈ আদিৰ দৰে খাদ্য খুৱাব পাৰে। 

চেলেনিয়াম 

ই হৈছে এক এণ্টিঅক্সিডেণ্ট, যি য়েষ্ট আৰু সামুদ্ৰিক খাদ্যত থাকে।এনে খাদ্য আপুনি শিশুসকলক পৰিপূৰক হিচাপেও দিব পাৰে। 

ভিটামিন এ 

ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা তথা চকু শক্তিশালী কৰাত সহায় কৰে। যদি শৰীৰত এই ভিটামিনৰ অভাৱ হয়, তেন্তে শিশুৰ দৃষ্টিশক্তি দ্ৰুত গতিত দুৰ্বল হ'বলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত, কণী, মাংসৰ লিভাৰ, গাখীৰ, সেউজীয়া পাচলি, মিঠা আলু আৰু ফল তেওঁলোকৰ খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰিব লাগে।

জিংক 

জিংকৰ অভাৱৰ ফলতো দৃষ্টিশক্তি হ্ৰাস হয়। শিশুৰ শৰীৰৰ পৰা জিংকৰ অভাৱ পূৰণ কৰিবলৈ আপুনি তেওঁলোকক ঘেঁহু আৰু বাদাম দিব পাৰে।

অমেগা ৩ ফেটি এচিড 

শৰীৰত অমেগা ৩ ফেটি এচিডৰ অভাৱৰ বাবেও দৃষ্টিশক্তি দুৰ্বল হয়। এই অভাৱ পূৰণ কৰিবলৈ আপুনি তেওঁলোকক শুকান ফল, মাছ, ব্ৰকলী আদি খাবলৈ দিব পাৰে।

Also Read: এইসমূহ উপায় অৱলম্বন কৰি চকু দুটাক প্ৰদূষণৰ পৰা ৰক্ষা কৰক