এসপ্তাহতে কিদৰে ৰক্তহীনতাৰ সমস্যা সমাধান কৰিব পাৰি, জানি লওঁক

এসপ্তাহতে কিদৰে  ৰক্তহীনতাৰ সমস্যা সমাধান কৰিব পাৰি, জানি লওঁক
Published on
Updated on

ডিজিটেল ডেস্ক: যদি আপোনাৰ মুখখন শেঁতা হৈ পৰিছে বা মুখৰ উজ্জ্বলতা নাইকিয়া হৈছে, তেনেহ'লে ইয়াৰ কাৰণ হ'ব পাৰে শৰীৰত তেজৰ অভাৱ বা ৰক্তহীনতা।শৰীৰত তেজৰ অভাৱ পূৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ, কিয়নো তেজৰ অভাৱৰ বাবে অংগবোৰে সঠিক পৰিমাণৰ অক্সিজেন লাভ নকৰে।যাৰ ফলত আপুনি গুৰুতৰ স্বাস্থ্য সমস্যাৰ সন্মুখীন হ'বলগীয়াত পৰিব পাৰে।

ৰক্তহীনতাৰ লক্ষণ

১. দুৰ্বলতা, ভাগৰ লগা

২. ছালৰ ৰং বগা বা হালধীয়া হোৱা

৩. ছাল শুষ্ক হোৱা আৰু সহজে আঘাতপ্ৰাপ্ত হোৱা

৪. অনিয়মীয়া হৃদস্পন্দন আৰু উশাহ লোৱাত অসুবিধা

৫. জিভাৰ আলচাৰ

৬. মূৰ ঘূৰোৱা বা মূৰ্চ্ছা যোৱা অনুভৱ কৰা

৭. হাত আৰু ভৰিত ঠাণ্ডা লাগি থকা বা জঠৰতা।

৮. মুৰৰ বিষ

ৰক্তহীনতা দূৰীকৰণৰ প্ৰাকৃতিক উপায়

শৰীৰত তেজৰ অভাৱ হ'লে বহুতেই চিকিৎসকৰ কাষ চাপে আৰু চিকিৎসকে আইৰণৰ ঔষধ বা পৰিপূৰক খাবলৈ পৰামৰ্শ দিয়ে। কিন্তু আপুনি কেইটামান ফল খাই শৰীৰক প্ৰাকৃতিকভাৱেও তেজৰ যোগান ধৰিব পাৰে।সেই ফলকেইটা হৈছে-

ডালিম

ডালিমত আইৰণ, ভিটামিন এ, ভিটামিন চি আৰু ভিটামিন ই থাকে। যিয়ে শৰীৰত তেজ বৃদ্ধি কৰাত সহায়ক। যদি আপুনি শৰীৰত তেজ বৃদ্ধি কৰিব বিচাৰে, তেন্তে ডালিম বা ডালিমৰ ৰস দৈনিক খাবলৈ অভ্যাস কৰিব।

কল

কল আইৰণ আৰু পটাছিয়াম সমৃদ্ধ।কলে শৰীৰত হিমোগ্লোবিনৰ উৎপাদন বৃদ্ধি কৰিব পাৰে। তদুপৰি, কল হৈছে লোফলিক এচিডৰ এক অতি ভাল উৎস, যি শৰীৰত তেজৰ অভাৱ পূৰণ কৰাত সহায়ক।

আপেল

শৰীৰত তেজ বৃদ্ধি কৰাত আপেলও যথেষ্ট কাৰ্যকৰী। আপেল খাই শৰীৰত হিমোগ্লোবিনৰ সংখ্যা বৃদ্ধি কৰিব পাৰি। যদি আপুনি শৰীৰত হিমোগ্লোবিনৰ স্তৰ বৃদ্ধি কৰিব বিচাৰে, তেন্তে দৈনিক বাকলিৰ সৈতে কমেও ১ টা আপেল খাব।

কমলা

কমলা ভিটামিন চি সমৃদ্ধ। কমলা খাইও আপুনি শৰীৰৰ তেজৰ অভাৱ আঁতৰ কৰিব পাৰে। বিশেষজ্ঞৰ মতে, যদি দৈনিক ১ টা কমলা নিয়মীয়াকৈ খোৱা হয়, শৰীৰত হিমোগ্লোবিনৰ সংখ্যা ৭ দিনত বৃদ্ধি হয়।

কিচমিছ

১০-১২ টা কিচমিচ ৰাতিটোৰ ভিতৰত এগিলাচ পানীত তিয়াই ৰাখি পিছদিনা পুৱা কিচমিচ আৰু পানী দুয়োখিনিয়েই খাওক। ই শৰীৰত আপোনাৰ শৰীৰত পৰ্যাপ্ত তেজ যোগান ধৰিব।


বি.দ্ৰ: যদি এই সকলোবোৰ খোৱাৰ পিছতো আপোনাৰ শৰীৰত তেজৰ অভাৱ দূৰ নহয়, তেন্তে চিকিৎসকৰ পৰামৰ্শ ল’ব।

এসপ্তাহতে কিদৰে  ৰক্তহীনতাৰ সমস্যা সমাধান কৰিব পাৰি, জানি লওঁক
এইদৰে বনাই খাওঁক স্বাস্থ্যসন্মত মাখনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in