Advertisment

কেৱল কৰ্কট ৰোগেই নহয়, বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা আছে তেজপাতৰ...

অসমীয়া খাদ্য ব্যঞ্জনত তেজপাত এক অপৰিহাৰ্য অংগ বুলি ক’লেও বঢ়াই কোৱা নহ’ব। ৰাতিপুৱাৰ ৰঙা চাহকাপৰ পৰা আদি কৰি মাছ- মাংসকে ধৰি প্ৰায়বোৰ অসমীয়া ব্যঞ্জনত তেজপাত ব্যৱহাৰ কৰা হয়। 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
তেজপাত

তেজপাত

ডিজিটেল ডেস্ক : আমাৰ চাৰিওফালে এনে কিছুমান উদ্ভিদ আছে, যাৰ গুণাগুণ জানিলে আচৰিত হ’ব। আমাৰ দৈনন্দিন জীৱনত ব্যৱহৃত এনেবোৰ পাচলি, তৰু-তৃণ তথা মাছলাজাতীয় উদ্ভিদে আমাৰ শৰীৰটোক গম নোপোৱাকৈয়ে কেতবোৰ ৰোগৰ পৰা হাত সৰাই ৰাখে। প্ৰতিষেধকৰ কাম কৰে। 

Advertisment

তেনে এবিধ মছলাজাতীয় উদ্ভিদ হৈছে তেজপাত। অসমীয়া খাদ্য ব্যঞ্জনত তেজপাত এক অপৰিহাৰ্য অংগ বুলি ক’লেও বঢ়াই কোৱা নহ’ব। ৰাতিপুৱাৰ ৰঙা চাহকাপৰ পৰা আদি কৰি মাছ- মাংসকে ধৰি প্ৰায়বোৰ অসমীয়া ব্যঞ্জনত তেজপাত ব্যৱহাৰ কৰা হয়। 
 
তেজপাত কেৱল সুগন্ধি বিলাবৰ বাবেই ব্যঞ্জনত ব্যৱহাৰ কৰা নহয়; ইয়াৰ আছে ঔষধি গুণ। মাংসৰ আঞ্জাত দিয়া তেজপাতে মনোচাৰেটেড ফেট উৎপন্ন কৰে। মনোচাৰেটেড ফেট বা চৰ্বী হৈছে- চৰ্বিৰ অণু। যিবোৰ অণুত এটা অসংপৃক্ত কাৰ্বন বন্ধন থাকে। যাৰ বাবে তেজত থকা বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে। ফলত হৃদৰোগ আৰু ষ্ট্ৰোকৰ সম্ভাৱনা দূৰ কৰে। 

ইয়াৰ উপৰিও আমাৰ শৰীৰৰ কোষবোৰৰ বিকাশ আৰু ৰক্ষণাবেক্ষণত সহায়ক হোৱাকৈ পুষ্টিকৰ উপাদান প্ৰদান কৰে তেজপাতে।  তেজপাতৰ গুণাগুণ সন্দৰ্ভত চলোৱা পৰীক্ষাত গম পোৱা গৈছে যে তেজপাত ব্যৱহাৰৰ বহু উপকাৰ আছে । সেইখিনি কথা জানিলে বহুতো বেমাৰ আৰু স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি।

তেজপাতৰ কিছুমান উপকাৰিতা তলত উল্লেখ কৰা হ’ল-

  • হজম সম্পৰ্কীয় উপসৰ্গ নোহোৱা কৰে ।
  • উখহা নোহোৱা কৰে ।
  • বুকুৰ জলা পোৰা নাইকীয়া কৰে ।
  • এচিডিতি বা অম্লতা নোহোৱা কৰে ।
  • শৌচ খোলোচা কৰে ।
  • গৰম তেজপাতে অন্ত্ৰ প্ৰণালী নিয়মীয়া কৰে ।
  • তেজৰ শৰ্কৰা হ্ৰাস কৰে ।
  • তেজপাত হৈছে এন্টিঅক্সিডেন্ট ।
  • কেইমাহমান তেজপাত চোবাই খালে বা তেজপাতৰ চাহ কৰি খালে শৰীৰে ইনচুলিন উৎপাদন কৰে ।
  • বেয়া কলেষ্টৰেল নোহোৱা কৰে।
  • তেজপাতত ভিটামিন চি প্ৰচুৰ পৰিমাণে থকাৰ কাৰণে পানীলগা, ঠাণ্ডা লগা, ফ্লু আৰু তীব্ৰ কাহত ই বৰ উপকাৰ সাধন কৰে । 
  • তেজপাত দি পানী উতলাই তাৰ ভাপ নাকেৰে উশাহত টানি ল’লে কাহৰ তীব্ৰতা নোহোৱা কৰে আৰু কফ- খেকাৰ আদিৰ পৰা ৰক্ষা পাব পাৰি ।
  • তেজপাতত কাৰ্ডিঅ’ভাচুলাৰ সুৰক্ষাৰ যৌগ থকাৰ কাৰণে ই  হাৰ্টএটেক আৰু ষ্ট্ৰ’ক ৰ পৰাও ৰক্ষা কৰে ।
  • তেজপাতত প্ৰচুৰ পৰিমানৰ এচিড যেনে- কেফেইক এচিদ, কুৰ্চেটিন, ইগ’নল আৰু বাৰ্ট’লিনাইড ইত্যাদি পদাৰ্থ থকাৰ কাৰণে ই শৰীৰত কেঞ্চাৰ কোষ গঠনত বাধা দিয়ে ।
  • ৰ্নিদ্ৰাহীনতা আৰু উদ্বীগ্নতা নোহোৱা কৰে । 
  • দিনে অন্ততঃ দুবাৰকৈ তেজপাত দি উতলাই লোৱা পানী খালে কিডনীৰ পাথৰ গুড়ি কৰি সংক্ৰমণ নোহোৱা কৰে ।
স্বাস্থ্য খাদ্য প্ৰস্তুতকৰণ