Best Time to Drink Water: এই ৫ টা সময়তহে পানী খাব

Best Time to Drink Water: এই ৫ টা সময়তহে পানী খাব

ডিজিটেল ডেস্ক: পানীয়েই প্ৰাণীৰ প্ৰাণ। হয়, শৰীৰটোৰ স্বাস্থ্য আৰু সুস্থতা বজাই ৰাখিবলৈ দৈনিক পানী খোৱাটো কিমান প্ৰয়োজনীয়, সেয়া হয়তো পুনৰাই কোৱাৰ প্ৰয়োজন নাই।আমাৰ শৰীৰৰ প্ৰতিটো কোষৰ বাবেই পানী অতি দৰকাৰী। বিশেষকৈ হজম, হৃদযন্ত্ৰ, হাঁওফাঁও তথা মগজুৰ কাৰ্যৰ বাবে পানী যথেষ্ট গুৰুত্বপূৰ্ণ। শৰীৰটোৰ কথা ভাবি আপুনি পানী খায় ঠিকেই, পিছে সঠিক সময়ত খায়নে ? যিকোনো সময়ত পানী খালে ই স্বাস্থ্যৰ পক্ষে হানিকাৰকহে হ’ব পাৰে।

পানী খোৱাৰ আটাইতকৈ উত্তম সময়ৰ বিষয়ে আজি জানো আহক-

পুৱা শুই উঠিয়েই পানী খাওঁক

ৰাতিপুৱা শুই উঠি দিনটোৰ কাম-কাজ আৰম্ভ হোৱাৰ পূৰ্বে আপুনি এটা ডাঙৰ গিলাছত এক গিলাছ পানী খাওঁক। ৰাতিপুৱা খোৱা পানীয়ে কেৱল যে তৃষ্ণা পূৰণ কৰাত সহায় কৰে সেয়া নহয়, ই দীৰ্ঘম্যাদী সময়লৈ শৰীৰটোক পানীৰ প্ৰয়োজনীতা পূৰণ কৰে।লগতে ই মানুহৰ মনোভাৱ, মগজুৰ কাৰ্যক্ষমতা তথা শক্তিৰ স্তৰ উন্নত কৰাত সহায় কৰিব পাৰে।

খাদ্যৰ পূৰ্বে অথবা খাদ্য খোৱাৰ সময়ত

আহাৰ খোৱাৰ আগতে এক গিলাছ পানী খালে ই ওজন হ্ৰাস কৰাত যথেষ্ট সহায় কৰিব পাৰে। কিয়নো ই আপোনাৰ অত্যাধিক খোৱা প্ৰতিহত কৰাত সহায় কৰিব পাৰে। আনহাতে, খাদ্য খোৱাৰ সময়ত খোৱা পানীয়ে হজম কৰাত সহায় কৰে।

পানীক চাহৰ স্থান দিয়ক 

আবেলি প্ৰায় ৩বজাত হয়তো আপোনাৰ চাহ একাপ খাবলৈ বৰ মন যায়।কিন্তু এই সময়ছোৱাত চাহ-কফি খোৱাৰ সলনি এক গিলাছ পানী খাওঁক। কিয়নো শোৱাৰ ছয় ঘণ্টা আগতে কেফেইন সেৱনে কৰিলে ই আপোনাৰ টোপনি ব্যাহত কৰিব পাৰে। চাহ খাবলৈ মন গৈ থকাটো এক প্ৰকাৰ ‘ডিহাইড্ৰেচন’। সেয়েহে চাহ বেছিকৈ খাবলৈ মন গ’লে আপুনি পানী খাব।

ব্যায়াম কৰাৰ সময়ত 

শৰীৰটো সুন্দৰ-আটিল কৰিবৰ বাবে আমি সকলোয়ে ব্যায়াম কৰো।কিন্তু ব্যায়াম আৰম্ভ কৰাৰ আধা ঘণ্টাৰ আগতে এক গিলাছ পানী খাবলৈ চেষ্টা কৰিব লাগে।কিয়নো ব্যায়াম কৰি থাকোতে শৰীৰৰ পৰা বাহিৰ হোৱা ঘামৰ জৰিয়তে পানী আৰু ইলেক্ট্ৰ’লাইট হেৰুৱায়।সেয়েহে ব্যায়াম কৰাৰ আগতে, ব্যায়াম কৰাৰ সময়ত তথা পাছত যথেষ্ট পৰিমাণে পানী খাব লাগে।

মুৰৰ বিষ অথবা মাইগ্ৰেইনত 

মুৰৰ বিষ তথা মাইগ্ৰেইনৰ সমস্যাত যিয়ে ভোগে, সিহে ইয়াৰ যাতনা বুজে। মুৰৰ বিষ ‘ডিহাইড্ৰেচন’ৰ এক সচৰাচৰ লক্ষণ হ'ব পাৰে। সেয়েহে এনে হ’লে অধিক পানী খোৱাটোয়েই ইয়াৰ প্ৰাথমিক চিকিৎসা বুলি ক'ব পাৰি। মাইগ্ৰেইন হ’লেও যথেষ্ট পৰিমাণে পানী খায় ..ই সমস্যা বহু পৰিমাণে হ্ৰাস কৰিব পাৰি।

Best Time to Drink Water: এই ৫ টা সময়তহে পানী খাব
Protein Diet: কণীতকৈ অধিক প্ৰটিন থাকে এই ৫ টা সস্তা নিৰামিষ খাদ্যত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in