মূৰ্খ বনোৱাৰ আঁৰৰ কাহিনী...

বেছিভাগ মানুহৰে এপ্ৰিল ফুলৰ লগত জড়িত শৈশৱৰ স্মৃতি থাকে। ১ এপ্ৰিলত পৰিয়াল, আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱীৰ ওপৰত কৰা প্ৰেংকে সকলোৰে মুখত হাঁহি বিৰিঙাই দিয়ে।

New Update
3a451c74-046d-446d-8211-cb24f0b2cdfb

এপ্ৰিল মাহৰ ১ তাৰিখে মূৰ্খৰ দিন হিচাপে অভিহিত এপ্ৰিল ফুল দিৱস পালন কৰা হয়। এই দিনটোতে উৰাবাতৰি প্ৰচাৰ কৰি ধেমালিৰে ইজনে সিজনক মুৰ্খ বনোৱাৰ চেষ্টা কৰে ৷ ইটালী, ফ্ৰান্স আৰু বেলজিয়ামত শিশু আৰু বয়স্কসকলে পৰম্পৰাগতভাৱে ইজনে সিজনৰ পিঠিত কাগজৰ ফুল লগাই দিয়ে আৰু স্থানীয় ভাষাত "এপ্ৰিল মাছ!" বুলি চিঞৰে। ইণ্টাৰনেট আৰু সংবাদ মাধ্যমত প্ৰচাৰ আৰু স্বীকৃতিৰ বাবে ভাৰততো এপ্ৰিল ফুল দিৱস অতি উৎসাহেৰে পালন কৰা হয়। কিন্তু ১ এপ্ৰিলতে কিয় পালন কৰা হয় এপ্ৰিল ফুল দিৱস, জানো আহক চয়নিকা শইকীয়াৰ আজিৰ প্ৰতিবেদনত...

Advertisment

বেছিভাগ মানুহৰে এপ্ৰিল ফুলৰ লগত জড়িত শৈশৱৰ স্মৃতি থাকে। ১ এপ্ৰিলত পৰিয়াল, আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱীৰ ওপৰত কৰা প্ৰেংকে সকলোৰে মুখত হাঁহি বিৰিঙাই দিয়ে। এই দিনটোত বহুতে আপোনজনক আচৰিত কৰাৰ নতুন উপায় বিচাৰি পায় আৰু পিছত তেওঁলোকৰ প্ৰতিক্ৰিয়া দেখি আনন্দ লয়।

যুগ যুগ ধৰি ১ এপ্ৰিলত এপ্ৰিল ফুল দিৱস পালন কৰাৰ আঁৰত বহুতো কাহিনী জড়িত হৈ আছে। এই কাহিনীবোৰৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় কাহিনীটো ১৬ শতিকাৰ ফ্ৰান্সৰ সৈতে জড়িত। তেতিয়া ফ্রান্সৰ ৰজা আছিল চার্লছ। সেই সময়ত ফ্ৰান্সৰ বছৰ গণনা আৰম্ভ হৈছিল এপ্রিল মাহৰ পৰা, অর্থাৎ ১ এপ্রিল আছিল বছৰৰ প্রথম দিন।

সেই দিনটোক নৱবৰ্ষৰ প্রথম দিন হিচাপে গণ্য কৰে। ফ্রান্সবাসীয়ে সেইদিনা আনন্দ-উছাহেৰে দিনটো পাৰ কৰিছিল। সেই সময়ত ফ্রান্সৰ এক প্রথা অনুসৰি বছৰৰ প্ৰথম দিনা ফ্ৰান্সৰ প্রতিজন প্রজাই ৰজাক নৱবৰ্ষৰ উপহাৰ দিয়াটো আছিল বাধ্যতামূলক। যিজনে ৰজাক উপহাৰ নিদিয়ে তেওঁক শাস্তি বিহা হৈছিল। সেয়ে ইচ্ছা নাথাকিলেও সকলাে প্রজা ৰাজপ্রাসাদলৈ যাব লগাত পৰিছিল।

কিন্তু ১৫৬৪ চনৰ ১ এপ্রিল আছিল এৰ ব্যতিক্ৰমী দিন । সেইদিনা ৰজা চার্লছে জানুৱাৰীৰ ১ তাৰিখৰ পৰা নতুন বছৰ আৰম্ভ হ'ব বুলি ঘােষণা কৰিছিল। ৰজাৰ কথা শুনি খঙত অগ্নিশৰ্মা হৈছিল প্ৰজা। ইমান দূৰ-দূৰণিৰ পৰা ৰজালৈ বুলি অনা উপহাৰ উভতাই নিব লাগিব বুলি বিক্ষোভ কৰিছিল প্ৰজাই।

ৰজাৰ নতুন নীতিৰ প্রতিবাদ কৰিবলৈ সকলাে প্ৰজা ৰাজপ্রসাদৰ ফালে আগবাঢ়িল। প্রজাৰ বিক্ষোভ দেখি ৰাজপ্রসাদৰ এজন কর্মচাৰীয়ে আগবাঢ়ি আহি উত্তেজিত জনতাক উদ্দেশ্যি তেওঁলোকক ধৈর্য ধৰিবলৈ অনুৰোধ কৰে ৷ লগতে তেওঁ কয় যে, ৰজাই আপােনালােকৰ মংগলৰ কাৰণেই নতুন আদেশ ঘােষণা কৰিছে ৷ ৰাইজ, ১ জানুৱাৰীত নতুন বছৰ আৰম্ভ হ’ব হয়, কিন্তু সেইদিনা প্রজাই ৰজাক উপহাৰ নিদিলেও হ’ব।

এই কথা শুনা পাছতে ৰজাৰ নতুন সিদ্ধান্ত প্রজাৰ ভালৰ কাৰণেই কৰা হৈছে বুলি অনুভৱ কৰে প্ৰজা সকলে। লগে লগে বিক্ষোভৰ শাম কাটে। লগতে ৰজাৰ বিৰুদ্ধে থিয় দি মূৰ্খামি কৰা বুলি অনুভৱ কৰা প্ৰজাই। সেই দিনাৰ পৰাই এপ্রিল মাহৰ ১ তাৰিখটো ‘মূৰ্খৰ দিন’ হিচাপে পালন কৰা হয়।

অন্য এক কাহিনী মতে, ১৩৮১ চনৰ পৰা এপ্রিল ফুল দিৱস আৰম্ভ হৈছিল। কোৱা হয় যে সেই সময়ত ৰজা ৰিচাৰ্ড জয়ী আৰু বোহেমিয়াৰ ৰাণী এন্নে ১৩৮১ চনৰ ৩২ মাৰ্চত তেওঁলোকৰ এংগেজমেন্ট হ'ব বুলি ঘোষণা কৰিছিল। এংগেজমেণ্টৰ খবৰ শুনি জনসাধাৰণ সুখী হৈছিল যদিও ১৩৮১ চনৰ ৩১ মাৰ্চত মানুহে বুজি পাইছিল যে ৩২ মার্চ তাৰিখ নাইয়েই।ইয়াৰ পিছত মানুহে বুজি পালে যে তেওঁলোকক বুর্বক বনোৱা হৈছে। কোৱা হয় যে, তেতিয়াৰ পৰাই ৩২ মার্চ অর্থাৎ ১ এপ্রিল দিনটো মূর্খ দিৱস হিচাপে পালন কৰা হৈছিল।

উল্লেখযোগ্য যে, উৎপত্তিৰ ক'ত সেয়া স্পষ্ট নহ'লেও ‘এপ্রিল ফুল’ক ইংৰাজ সকলে সমগ্র বিশ্বতে জনপ্রিয় কৰি তাুলিলে ৷ ভিন্ন স্থানত এপ্রিল ফুল দিৱস উদযাপনৰ বিভিন্ন ধৰণ আছে। যদি আমি অষ্টেলিয়া, নিউজিলেণ্ড, ইংলেণ্ড আৰু আফ্রিকান দেশৰ কথা কওঁ, তেন্তে তাত এপ্রিল ফুল দিৱস কেৱল ১২ বজালৈকেহে পালন কৰা হয়।

একে সময়তে কানাডা, আমেৰিকা, ৰাছিয়া আৰু ইউৰোপৰ অন্যান্য দেশত ১ এপ্রিলত গোটেই দিনটো এপ্রিল ফুল দিৱস পালন কৰা হয়। কিছু খবৰ অনুসৰি ভাৰতত এই দিনটো ১৯ শতিকাত ইংৰাজে আৰম্ভ কৰিছিল। আজিৰ সময়ত ভাৰততো এই দিনটোত মানুহে আপোনাজন, পৰিয়াল অথবা বন্ধু বান্ধবীৰ লগত ধেমালি কৰে।

এপ্ৰিল ফুল