/asomiyapratidin/media/media_files/2025/05/24/OQq2QkO4npHMrhEJ2yoT.jpg)
ডিজিটেল ডেস্কঃ ভাৰতৰ সকলো লোকেই চাহৰ আসক্ত বুলি কলেও হয়তো ভুল কোৱা নহ'ব। চাহ অবিহনে একাংশ লোকৰ জীৱন আধৰুৱা। কিন্তু আপুনি জানি আচৰিত হ’ব যে ৯৯% লোকেই চাহ ভুল পদ্ধতিৰে তৈয়াৰ কৰে। যাৰ ফলত ইয়াৰ সোৱাদ নষ্ট হোৱাৰ লগতে স্বাস্থ্যৰ অভাৱনীয় ক্ষতি হয়। হয়, চাহ বনাব নজনাৰ বাবেই চাহ খোৱাৰ পাছত পেটত গেছ, বিষ আদিৰ সমস্যা হয়।
চাহ বনাওঁতে হোৱা সাধাৰণ ভুল
চাহপাত বেছি সময় উতলাই থকাটো চাহ বনাওঁতে হোৱা আমাৰ আটাইতকৈ ডাঙৰ ভুল। চাহ বেছিকৈ উতলাই থাকিলে ইয়াৰ পৰা অধিক পৰিমাণৰ টেনিন আৰু কেফেইন নিৰ্গত হয়। যাৰ ফলত এচিডিটি, গেছ, মূৰৰ বিষ আৰু অনিদ্ৰাৰ সমস্যা হয়। খালী পেটত চাহ খালে পেটৰ আৱৰণত প্ৰভাৱ পৰে আৰু এচিড বৃদ্ধি পায়। অতিৰিক্ত চেনি থকা চাহ খোৱাৰ বাবে মেদবহুলতা, ডায়েবেটিছ আৰু তেজত ৰক্ত শৰ্কৰাৰ আশংকা থাকে। আনহাতে, চাহ বাৰে বাৰে উতলালে ইয়াৰ পুষ্টিকৰ উপাদানসমূহ নষ্ট হৈ তাৰ তিতা বৃদ্ধি কৰে।
চাহ বনোৱাৰ সঠিক আৰু স্বাস্থ্যকৰ উপায়
১ কাপ পানী
১/৪ কাপ গাখীৰ
১/২ চামুচ চাহপাত
সোৱাদ অনুসৰি গুড় বা মৌ, চেনি ব্যৱহাৰ নকৰিব
১ টুকুৰা আদা, ২ টা তুলসীৰ পাত (যদি ইচ্ছা কৰে)
বনোৱাৰ পদ্ধতি
প্ৰথমে পানী গৰম কৰি তাত আদা বা তুলসী দিব। উতলিবলৈ আৰম্ভ কৰিলেই চাহপাতখিনি দি মাত্ৰ ১ৰ পৰা ১.৫ মিনিট উতলিব। এতিয়া গাখীৰ দি আকৌ উতলাব। ইয়াৰ পাছত গেছ বন্ধ কৰি চাহখিনি ছেকী ল'ব। শেষত ৰুচি অনুযায়ী মৌ বা গুৰ দিব। কিন্তু গৰম চাহত কেতিয়াও মৌ নিদিব।
স্বাস্থ্য উপকাৰিতা (যদি সঠিকভাৱে প্ৰস্তুত কৰা হয়)
- ঠিকে থাকে হজম শক্তি।
- টোপনিত প্ৰভাৱ নপৰে।
- বৃদ্ধি নহয় ওজন।
- শৰীৰৰ প্ৰদাহ কমায়।
- হ্ৰাস হয় মানসিক চাপ।
মনত ৰাখিব
দিনটোত ২ কাপতকৈ বেছি আৰু খালী পেটত চাহ নাখাব। চাহৰ লগত বিস্কুট বা নিমখীয়া খাদ্য খোৱাৰ পৰা বিৰত থাকিব। চাহৰ সৈতে এনে খাদ্য খালে হজমৰ সমস্যা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us