/asomiyapratidin/media/media_files/2025/05/21/CgvWKVF1RgCiC7UwQe0Y.jpg)
আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস। প্ৰতি বছৰে ২১ মে'ত পালন কৰি অহা হৈছে চাহ দিৱস। চীনৰ ৫ হাজাৰ বছৰীয়া চাহৰ কাহিনীৰ পৰা আৰম্ভ কৰি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ চাহৰ খেতি, চিংফৌ ৰজা বিছাগামৰ পৰা মণিৰাম দেৱান আৰু মণিৰামৰ পৰা মইনা নায়কলৈ এই গোটেই ঘটনা প্ৰবাহক সামৰি তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।
চাহ, নামটোতেই আছে এক সুগন্ধ। ৰঙা চাহেই হওঁক অথবা গাখীৰ চাহেই হওঁক বা আন বিভিন্ন প্ৰকাৰৰ চাহেই হওঁক, ইয়াৰ সোৱাদৰ বৰ্ণনা ইমান সহজ নহয়। অৱশ্যে এই ক্ষেত্ৰত চাহ তৈয়াৰ কৰাৰ ওপৰতো আছে বহু কথা।
বহুতেই চাহ প্ৰস্তুত কৰিব নাজানে। গৰম পানীত এসোপা চাহপাত দি, গাখীৰ আৰু আধা কেজি মান চেনী দি দিলেই চাহ নহয়। চাহকাপৰ প্ৰয়োজন হয় অৱসাদ দেহৰ আঁতৰাবলৈ। চাহ কাপে সেই অৱসাদ দূৰ কৰিব পাৰিব লাগিব।
চাহপাতত থাকে চেলুল'জ, প্ৰ’টিন, এচিড, চেনি, ক’ফিন, টেনিন আদি জৈৱ পদার্থ।শৰীৰত ক’ফিন প্রৱেশ কৰাৰ লগে লগে স্নায়ুতন্ত্র উত্তেজিত হয় ফলত দেহৰ অৱসাদ দূৰ হয়। চাহত বি কমপ্লেক্স থকাৰ বাবে চাহ সেৱন কৰাৰ লগে লগে শৰীৰত কেলৰি বৃদ্ধি হয়। অৱশ্যে অতি মাত্ৰা চাহে দেহৰ ক্ষতিও কৰে।
এই চাহৰ সৈতে আছে আমাৰ আত্মিক সম্পৰ্ক। অসমীয়াৰ চাহৰ সৈতে আছে ২০০ বছৰীয়া ইতিহাস। ৰবাৰ্ট ব্ৰুছ, চিংফৌ ৰজা বিছাগাম, মণিৰাম দেৱানৰ পৰা আৰম্ভ কৰি সৌ সিদিনা কল ঘৰৰ মেচিনত সোমাই পৰা মইনা নায়কলৈকে এই সকলো অসমৰ চাহৰ একো একোটা অধ্যায়।
সেউজীয়া দলিচাহেন বাগিচাৰ মাজত লুকাই থকা চাহ বনুৱাসকলৰ শুকান দেহাই হওঁক বা চাহপাতৰ কেঁচা কেঁচা গোন্ধৰ মাজত হেৰাই যোৱা তেওঁলোকৰ দুখ, দুৰ্দশাই হওঁক সকোলোৰে আছে ইতিহাস। কিছু লিপিবদ্ধ হয়, কিছু সময়ৰ সৈতে হেৰাই যায়। যিদৰে হেৰাই গৈছে শোষনৰ ভৰত নিজক হাৰিয়াৰ জৰিয়তে বাগিচাৰ লাইনত নিজকে হেৰুৱাই পেলোৱা হাজাৰটা বুধোৱাৰ কাহিনী।
সেই কাহিনী বাৰু আজিলৈ থাকক। আজি কওঁ চাহৰ কিছু সোণসেৰিয়া কাহিনী। আৰম্ভ কৰোঁ চীনৰ পৰাই। দৰাচলতে চাহ গছৰ উৎপত্তি প্ৰথমে ক’ত হৈছিল সেই সম্পৰ্কে সঠিকভাৱে জনা নাযায়।
কিন্তু ৫ হাজাৰ বছৰ পূৰ্বেই চীনত চাহৰ প্ৰচলনৰ কথা জানিব পৰা গৈছে। পৰৱৰ্তী সময়ত ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত চাহ গছৰ আৱিষ্কাৰ হৈছিল। বিশ্বাস কৰা হয় উত্তৰ পূব ভাৰত, ম্যনমাৰৰ উত্তৰ প্ৰান্ত আৰু দক্ষিণ-পশ্চিম চীনৰ হাবি, বননিৰ মাজতেই চাহৰ উৎপত্তি হৈছিল।
চীনত চাহ গছৰ উৎপত্তিক লৈ এক কাহিনী প্ৰচলিত হৈ আছে। খ্ৰীষ্টপূৰ্ব ২৭৩৭ চনত চীনা সম্ৰাট শ্বেন নুং এজোপা গছৰ তলত বহি থকাৰ সময়ত তেওঁৰ সেৱকে খাবলৈ পানী উতলাইছিল। নিজকে সুস্থ কৰি ৰাখিবলৈ তেওঁ সদায়েই গৰম পানী খাইছিল।
সেই উতলা পানীত গছ জোপাৰ কিছু পাত পৰিছিল। শ্বেন নুং আছিল প্ৰখ্যাত ভেষজ বিশেষজ্ঞও।উতলা পানীখিনিত গছজোপাৰ পাত পৰাৰ লগে লগে পানীৰ ৰং সলনি হ’ল আৰু তাৰ পৰা এক সুগন্ধও আহিবলৈ ধৰিলে। ভেষজ বিশেষজ্ঞ শ্বেন নুঙে সেৱকৰ বাধাকো আওকান কৰি সেই ৰঙচুৱা পানীৰ সোৱাদ ল’লে।
লগে লগে তেওঁৰ দেহটো সতেজ যেন অনুভৱ হ’ল। সেয়ে তেওঁ সেৱকসকলৰ জৰিয়তে সেই গছৰ পাতবোৰ বিচাৰি উলিয়ালে আৰু লগতে নিৰ্দেশ দিলে যে প্ৰতিদিনেই যাতে তেওঁক এই পাতেৰে সিজোৱা পানী খাবলৈ দিয়ে।
তাৰ পাছত লাহে লাহে এই পানী ইমানেই জনপ্ৰিয় হৈ পৰিল যে তেতিয়াৰ পৰা কেৱল সম্ৰাটেই নহয়, সকলোৱেই এই একেই পানীয় পান কৰিবলৈ আৰম্ভ কৰিলে। তেনেকৈয়ে চীনত জনপ্ৰিয় হৈ উঠে চাহ।
অৱশ্যে সেই সময়ত এই পানীয় বিধৰ বিষয়ে চীনৰ বাহিৰৰ কোনো লোকেই জনা নাছিল। সেয়ে পৃথিৱীৰ অন্য প্ৰান্তত চাহৰ আৱিষ্কাৰৰ বিষয়ে গম পোৱা নাছিল। হাজাৰ বছৰ ধৰি চীনে চাহক পানীয় হিচাপে ব্যৱহাৰ কৰি আহিছিল যদিও ব্ৰিটিছে এই বিষয়ে বহু পিছতহে জানিবলৈ পাৰে।
প্ৰথমে ১৬০০ চনৰ ইংৰাজ ডায়েৰিষ্ট ছেমুৱেল পেপিছৰ ডায়েৰিত চাহৰ বিষয়ে উল্লেখ হৈছিল। তেওঁ চাহক Tcha বুলি উল্লেখ কৰি ইয়াক Excellent and by all Physicians approved, China drink বুলি উল্লেখ কৰিছিল।
সেই ডায়েৰীত উল্লেখ থকা অনুসৰিয়েই ১৬৩৫ চনত ইংলেণ্ডত প্ৰতি পাউণ্ড চাহ ৬ ৰ পৰা ১০ ইউৰোত বিক্ৰী কৰা হৈছিল। ইয়াৰ পৰাই বুজা যায় চাহৰ গুৰুত্ব সেই সময়তেই কিমান বেছি বৃদ্ধি পাইছিল।
১৬৬২ চনত ইংলেণ্ডৰ ৰজা ছাৰ্লছ দ্বিতীয়ই পৰ্তুগীজ ৰাজকুমাৰী কেথৰিন ব্ৰাগেন্সক বিয়া কৰোৱাৰ সময়ত যৌতুক হিচাপে বম্বে দ্বীপৰ লগতে চাহেৰে ভৰা এটা চন্দুকো পাইছিল।
১৮ শতিকাত ঔদ্যোগিক বিপ্লৱৰ পিছত ইংলেণ্ডত অভিজাত শ্ৰেণীৰ মাজত চাহ-কফিৰ দৰে পানীয়ৰ চাহিদা বৃদ্ধি পাবলৈ আৰম্ভ কৰে। সেই সময়ত ইংলেণ্ডলৈ চাহ যোগান ধৰাৰ দায়িত্ব লাভ কৰে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে।
কিন্তু তেওঁলোকে বিচৰা ধৰণে এই দায়িত্ব পালন কৰিব নোৱাৰাত J.J. Voute & Sons নামৰ এটা ডাটছ প্ৰতিষ্ঠানে ইংলেণ্ডলৈ চাহৰ যোগান ধৰিবলৈ আৰম্ভ কৰে। কিন্তু এই চাহৰ গুণগত মান আছিল অতি নিম্ন।
সেয়ে পাছত পুনৰ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে উন্নত মানৰ চাহৰ সন্ধানত নামি পৰে আৰু নিজাকৈ উন্নত মানৰ চাহ খেতি কৰাৰ চিন্তা চৰ্চা আৰম্ভ কৰে। ইফালে ১৮ শতিকাত বম্বে হৈ পৰে ব্ৰিটিছসকলৰ বাণিজ্যিক কেন্দ্ৰ।
ব্ৰিটিছসকলৰ বাবে এই ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল ডাটছসকলে। যাৰ পৰিণিতত সংঘটিত হয় Anglo-Dutch যুদ্ধ। এই যুঁজ চলাই নিবলৈ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰূপৰ নাটনি হ’বলৈ ধৰে।
এই ৰূপেৰে তেওঁলোকে চীনৰ পৰা চাহ ক্ৰয় কৰিছিল। এই সমস্যা সমাধানৰ বাবে ব্ৰিটিছে ভাৰতত আফিং উৎপাদন আৰম্ভ কৰে আৰু চীনলৈ সৰবৰাহ কৰে। সেই আফিঙৰ বিনিময়ত তেওঁলোকে চাহ আমদানি কৰে।
তাৰ মাজতেই ব্ৰিটিছে ভাৰতক চাহৰ ৰপ্তানিৰ কেন্দ্ৰ হিচাপেও গঢ়ি তোলাৰ চিন্তা আৰম্ভ কৰে। সেই সময়তেই আকৌ লণ্ডনৰ ‘দ্য ৰয়েল ছ’চাইটি অফ আৰ্টছ’-এ চীনৰ পৰা চাহৰ গছ পুলি আমদানিৰ চিন্তা কৰে।
১৭৫৪ চনত প্ৰতিষ্ঠা হোৱা এই কোম্পানীয়ে ভাৰতত চাহ বাগিচাৰ ওপৰত গৱেষণা আৰম্ভ কৰিছিল। সেই মতেই তেওঁলোকে আৱিষ্কাৰ কৰিছিল অসমৰ চাহ। অসমৰ চিংফৌ জনগোষ্ঠীয়ে নজনাকৈয়ে চাহক পানীয় হিচাপে ব্যৱহাৰ কৰি আছিল। ৰৱাৰ্ট ব্ৰুছে এই কথা আৱিষ্কাৰ কৰিছিল।
অসমৰ পৰিবেশ অধ্যয়ন কৰি ইয়াত যে চাহৰ খেতি কৰিব পাৰি সেই বিষয়ে নিশ্চিত হোৱাত ৰবাৰ্ট ব্ৰুচে ১৮২৪ চনত অসমত ব্যৱসায়িক পৰ্যায়ত চাহ বাগিচাৰ আৰম্ভণি কৰে। ১৮৩৪ চনত তেতিয়াৰ গৱৰ্ণৰ জেনেৰেল উইলিয়াম বেনণ্টিংকৰ অধীনত গঠন হয় চাহ সমিতি।
এই সমিতিৰ কাম আছিল চাহৰ খেতি, প্ৰক্ৰিয়াকৰণ আৰু ব্যৱসায়ৰ ওপৰত চকু ৰখা। ১৮৩৪ চনত চীনৰ পৰা ভাৰতলৈ চাহৰ গুটি আৰু প্ৰযুক্তিৰ অনাৰ বাবে দুই বিষয় ছাৰ্লছ গুটজলাফ আৰু জৰ্জ গৰ্ডন চীনলৈ প্ৰেৰণ কৰে। সেই অভিযান সফল নহ’ল যদিও ইয়াৰ ১৮৪৪ চনত ৰবাৰ্ট ফৰ্চুউন চীনলৈ যায় আৰু চাহ বাগান সন্দৰ্ভত অধ্যয়ন কৰে।
পিছত তেওঁক ইষ্ট ইণ্ডিয়া কোম্পানীয়ে “Great British Tea Heist” নামৰ চীনৰ পৰা চাহ বাগিচাৰ নমুনা নকল বা চুৰি কৰাৰ এক অভিযানৰ দায়িত্ব দিয়ে। এই অভিযানক জনা যায় দ্য গ্ৰেট টি ৰবাৰী হিচাপে।
ফৰ্চুনে ১৮৪৮ চনত চীনলৈ গৈ তাত চীনা সাজ-পোছাক পৰিধান কৰি প্ৰথমে Wuyi Shan উপত্যকাৰ এটা চাহ কাৰখানাত প্ৰৱেশ কৰে। তাৰ পিছত ক্ৰমে Zhejiang আৰু Zhejiang ৰ চাহ বাগিচালৈ যায়।
প্ৰায় ৩ মাহ ধৰি চলা এই অভিযানৰ পিছত তেওঁ ১৮৪৯ চনত নিজৰ লগত বৃহৎ পৰিমাণৰ চাহৰ গুটি আৰু সৰু সৰু পুলি আনিবলৈ সক্ষম হয়। সেইবোৰ পিছত হংকং হৈ কলিকতালৈ প্ৰেৰণ কৰা হয়।
তেওঁ সংগ্ৰহ কৰা ১৩ হাজাৰ নমুনাৰ ভিতৰত আছিল ১০ হাজাৰ চাহ বীজ। এইবোৰ তেওঁ চোৰাংভাৱে সৰবৰাহ কৰিছিল। এইসমূহৰ জৰিয়তেই ব্ৰিটিছে ভাৰতত ঘৰুৱা চাহৰ উৎপাদনৰ কাম আৰম্ভ কৰিছিল।
ইফালে ১৮৩৪ চনৰ পিছৰে পৰা অসমত ক্ষুদ্ৰ পৰিসৰত চাহ উৎপাদন আৰম্ভ হৈছিল। ইয়াৰ পিছত ১৮৩৮ চনত ভাৰতত উৎপাদিত চাহ প্ৰথমবাৰৰ বাবে ব্ৰিটেইনলৈ প্ৰেৰণ কৰা হয়। ১৮৩৮ ৰ পৰা ১৮৫৩ চনলৈ ভাৰতত চাহৰ উৎপাদন বৃদ্ধি পোৱাৰ ফলত চীনৰ পৰিৱৰ্তে ভাৰতক ‘নেচাৰেল হোম অফ দ্য টি প্লাণ্ট’ বুলি ঘোষণা কৰা হয়।
তাৰ পিছত ১৮৮৮ চনলৈ ব্ৰিটিছে আমদানি কৰা চাহৰ পৰিমাণৰ ক্ষেত্ৰত চীনক অতিক্ৰম কৰে ভাৰতে।১৮৮০ চনত ভাৰতীয় চাহে লণ্ডন, আয়াৰলেণ্ড, স্কটলেণ্ড, ইউৰোপ আৰু আমেৰিকাৰ আন বহু ঠাইত বজাৰ দখল কৰে। ১৮৮১ চনত লণ্ডনৰ অক্সফৰ্ড ষ্ট্ৰীটত প্ৰথমটো “দ্য ইণ্ডিয়ান টি ষ্ট’ৰ” মুকলি হয়।
ভাৰতত আকৌ ১৮৭৮ চনত ডাৰ্জিলিং হিমালয়ান ৰে’লৱে মুকলি হোৱাৰ পিছত চাহৰ বজাৰ আৰু বৃদ্ধি হয়। ১৯০১ চনলৈকে ভাৰত হৈ পৰে চাহৰ এখন বৃহৎ বজাৰ।
ইফালে ১৮৩৯ চনত ব্ৰিটিছে অসমৰ প্ৰথম চাহ কোম্পানী ‘আছাম টি কোম্পানী’ গঠন কৰে। এই কোম্পানীয়েই অসমত চাহ খেতি আৰম্ভ কৰাত সহায় কৰে। চাবুৱাত ব্ৰিটিছসকলে প্ৰথমে এই খেতি আৰম্ভ কৰে।
সেই সময়তেই ১৮৩৯ চনতে মণিৰাম দেৱানে মৌজাদাৰৰ চাকৰি বাদ দি আছাম টি কোম্পানীত দেৱান পদ গ্ৰহণ কৰে। তাৰ পিছত ১৮৪৫ চনত তেওঁ কোম্পানীৰ চাকৰি এৰি এতিয়াৰ যোৰহাট জিলাৰ চেনিমৰাত আৰু শিৱসাগৰ জিলাৰ চিংলৌত নিজাকৈ দুখন চাহবাগান আৰম্ভ কৰে। মণিৰামেই আছিল অসমৰ প্ৰথমগৰাকী চাহ খেতিয়ক।
ইফালে অসমত চাহ খেতি আৰম্ভ কৰাৰ লগে লগে প্ৰয়োজন হৈ পৰে শ্ৰমিকৰ। সেয়ে অসমত চাহ খেতি কৰিবলৈ ১৮৬৩ চনৰ মে’ মাহৰ পৰা উৰিষ্যা, ঝাৰখণ্ড, ছত্তিশগড়, অন্ধ্ৰপ্ৰদেশ, তেংলাগানা, হাজাৰীবাগ, বিহাৰ, মহাৰাষ্ট্ৰৰ বিদৰ্ভ, মধ্যপ্ৰদেশ, পশ্চিমবংগৰ পশ্চিমাঞ্চল, ছোটনাগপুৰ আদি ঠাইৰ পৰা শ্ৰমিক আনিবলৈ আৰম্ভ কৰে।
সেই যে শ্ৰমিকসকলক তেতিয়া অসমলৈ অনা হৈছিল তেতিয়াৰে পৰা তেওঁলোকে অসমকে নিজৰ ঘৰ বুলি ভাবি অসমকেই আপোন কৰি ল’লে। তেতিয়াৰ পৰাই অসমত সৃষ্টি হ’ল চাহ জনগোষ্ঠী নামেৰে এটা নতুন জনগোষ্ঠী।
এই জনগোষ্ঠী বিলীন হৈ গ’ল অসমীয়াত্বৰে। চৰকাৰী তথ্য মতেই ১৮৬৭-৬৮ চনৰ বংগৰ প্ৰশাসনীয় প্ৰতিবেদনৰ মতে, সেই সময়ত অসমৰ চাহ-বাগিছাসমূহত ২২,৮০০ জন আমদানিকৃত শ্ৰমিক আৰু ১১,৬৩৩ জন স্থানীয় শ্ৰমিক কৰ্মৰত আছিল৷ বৰ্তমান অসমত চাহ জনগোষ্ঠীয় লোকৰ সংখ্যা ৬৫ লাখৰো অধিক।
চীনৰ পৰা আৰম্ভ হোৱা চাহৰ এই কাহিনী আহি আহি অসম পালেহি। অসমৰ ২০০ বছৰীয়া চাহৰ ইতিহাসত আছে লিখিত, অলিখিত বহু বৰ্ণময় কাহিনী। যি কাহিনীৰ শেষ নাই। এই প্ৰতিটো কাহিনীয়েই ৰক্ত ৰঞ্জিত। সেয়ে হয়তো চাহৰ ৰঙো ৰঙচুৱা।