আপোনাকো কোষ্ঠকাঠিন্যৰ সমস্যাই জ্বলা-কলা খুৱাইছে নেকি ?

ভুল খাদ্যাভ্যাসৰ বাবে খাদ্য সঠিকভাৱে হজম নহয়। যাৰ ফলত পাকস্থলীত লেতেৰা জমা হ'বলৈ আৰম্ভ কৰে। এই লেতেৰা দীঘলীয়া সময়ৰ বাবে পেটত থাকিলে কোষ্ঠকাঠিন্যৰ সমস্যা হয়। কোষ্ঠকাঠিন্যৰ ফলত গেছ তথা পেট ফুলা সমস্যা বৃদ্ধি হয়।আজিকালি অধিকাংশ লোকেই এই স্বাস্থ্য সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। কিন্তু মাত্ৰ কেইবিধমান ফল আপোনাৰ খাদ্যত অন্তৰ্ভূক্ত কৰিয়েই কোষ্ঠকাঠিন্যৰ পৰা আপুনি সকাহ পাব পাৰে।

author-image
Asomiya Pratidin
New Update
আপোনাকো কোষ্ঠকাঠিন্যৰ সমস্যাই জ্বলা-কলা খুৱাইছে নেকি ?

ডিজিটেল ডেস্ক: ভুল খাদ্যাভ্যাসৰ বাবে খাদ্য সঠিকভাৱে হজম নহয়। যাৰ ফলত পাকস্থলীত লেতেৰা জমা হ'বলৈ আৰম্ভ কৰে। এই লেতেৰা দীঘলীয়া সময়ৰ বাবে পেটত থাকিলে কোষ্ঠকাঠিন্যৰ সমস্যা হয়। কোষ্ঠকাঠিন্যৰ ফলত গেছ তথা পেট ফুলা সমস্যা বৃদ্ধি হয়।আজিকালি অধিকাংশ লোকেই এই স্বাস্থ্য সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। কিন্তু মাত্ৰ কেইবিধমান ফল আপোনাৰ খাদ্যত অন্তৰ্ভূক্ত কৰিয়েই কোষ্ঠকাঠিন্যৰ পৰা আপুনি সকাহ  পাব পাৰে।যদি আপুনিও কোষ্ঠকাঠিন্যত ভূগি আছে, তেন্তে কি কি ফল খালে এই সমস্যাৰ পৰা সকাহ পাব পাৰি, আজি জানি লওঁক-

Advertisment

আপেল 

বিশেষজ্ঞসকলৰ মতে, আপেলত যথেষ্ট পৰিমাণে আঁহ পোৱা যায়। আপেল খালে অন্ত্ৰৰ চলাচল বৃদ্ধি হয়।আপেলত থকা পেকটিনে অন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে আৰু কোষ্ঠকাঠিন্যৰ পৰা সকাহ দিয়ে।কিন্তু আপেল সদায় বাকলিৰ সৈতে খাব।

নাচপতি 

নাচপতিত বহু পুষ্টি থাকে, যি হজম উন্নত কৰাত সহায় কৰে। নাচপতিত আঁহ, ফ্ৰুক্টোজ আৰু চৰ্বিটলৰ দৰে উপাদান থাকে। এই পুষ্টিবোৰে অন্ত্ৰৰ চলাচল বৃদ্ধি কৰাত সহায় কৰে।নাচপতি খাই আপুনি কোষ্ঠকাঠিন্য তথা পেট সম্পৰ্কীয় সকলো সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে।

কিৱি 

কিৱিত যথেষ্ট পৰিমাণে পানী আৰু আঁহ থাকে, ই কোষ্ঠকাঠিন্য উপশম কৰাত সহায় কৰে। তদুপৰি, কিৱিত এক্টিনিডিন নামৰ এবিধ এনজাইম পোৱা যায়।এই এনজাইম বিধে হজম স্বাস্থ্যকৰ কৰাত সহায় কৰে। কিৱি খোৱাটোৱে অন্ত্ৰৰ চলাচল প্ৰক্ৰিয়াটো সংশোধন কৰে আৰু পাকস্থলী পৰিস্কাৰ কৰাত সহায় কৰে। 

অমিতা

অমিতাক পেটৰ বাবে আশীৰ্বাদ বুলি গণ্য কৰা হয়। কোষ্ঠকাঠিন্যত অমিতাই ঔষধৰ দৰে কাম কৰে।ইয়াত পোৱা পেপাইন নামৰ এনজাইমে হজম উন্নত কৰে।অমিতা নিয়মীয়াকৈ খালে পেট সম্পৰ্কীয় সকলো সমস্যা দূৰ হয়।

কমলা 

যদি আপোনাৰ কোষ্ঠকাঠিন্যৰ সমস্যা আছে, তেন্তে আপুনি পাৰিলে সদায়েই কমলা খাব। কমলাত আঁহ যথেষ্ট পৰিমাণে পোৱা যায়।যিয়ে পাচন তন্ত্ৰ শক্তিশালী কৰাত সহায় কৰে।কমলা খালে অন্ত্ৰত থকা লেতেৰাবোৰ বাহিৰ ওলাই যায়।তদুপৰি, কমলাত নাৰিংগেনিন পোৱা যায়, যিয়ে কোষ্ঠকাঠিন্য উপশম কৰাত সহায় কৰে।

Also Read: এইসমূহ বিপদজনক ৰোগ পেটৰ চৰ্বিৰ বাবে হয়, আজিয়েই জানি লওঁক চৰ্বি হ্ৰাসৰ সহজ উপায়