বৃহত্তৰ নাৰেংগী অঞ্চলৰ কৃত্ৰিম বানৰ পৰা ৰক্ষাৰ ব্যৱস্থা গ্ৰহণ চৰকাৰৰ...

বৃহত্তৰ নাৰেংগী অঞ্চলৰ কৃত্ৰিম বানৰ পৰা ৰক্ষাৰ ব্যৱস্থা গ্ৰহণ চৰকাৰৰ...

author-image
Asomiya Pratidin
New Update
বৃহত্তৰ নাৰেংগী অঞ্চলৰ কৃত্ৰিম বানৰ পৰা ৰক্ষাৰ ব্যৱস্থা গ্ৰহণ চৰকাৰৰ...

বৃহত্তৰ নাৰেংগী অঞ্চলৰ কৃত্ৰিম বানৰ পৰা ৰক্ষাৰ ব্যৱস্থা গ্ৰহণ চৰকাৰৰ...

ডিজিটেল সংবাদ গুৱাহাটীঃ বিগত প্রায় ৫ বছৰ ধৰি বাৰিষা সময়ত হৈ থকা কৃত্রিম বানৰ বাবে বৃহত্তৰ নাৰেংগী অঞ্চলত প্ৰধানকৈ নাৰেংগী-চন্দ্ৰপুৰ পথ আৰু আৱাসিক এলেকাত যাতায়াতৰ এক জটিল পৰিস্থিতি সৃষ্টি হৈ আহিছে। যোৱাটো বাৰিষাত মূল পথকে কেন্দ্ৰ কৰি বৃহত্তৰ নাৰেংগী অঞ্চলৰ উপ-পথসমূহত প্ৰায় ২ ৰ পৰা ৫ ফুটলৈ কৃত্রিম বানৰ পানীয়ে প্লাবিত কৰিছিল।

Advertisment

এনে সমস্যাৰ আশু সমাধান বিচাৰি স্থানীয় শান্তা মণিকা কল্যাণ সমিতিয়ে সভাপতি উমাকান্ত বুঢ়াগোহাইৰ নেতৃত্বত এই সমিতিয়ে কৃত্রিম বানৰ উৎস বিচাৰি চৰজমিন তদন্তৰ ভিত্তিত চৰকাৰক আৱেদন কৰিছিল। আৰু পৰৱৰ্তী সময়ত চৰকাৰে ইয়াৰ ভিত্তিত জি এম ডি এ, লোকনির্মাণ বিভাগ, জলসম্পদ বিভাগ আৰু তাইল ইণ্ডিয়াৰ যৌথ সহযোগত কাৰ্যকৰী কৰাৰ এখন আঁচনি প্ৰস্তুত কৰে।

Also Read: মাটিয়া ডিটেনশ্যন কেম্পলৈ গোৱালপাৰা কাৰাগাৰৰ পৰা শিশুসহ ৬৮ বিদেশীক স্থানান্তৰ...

ইয়াৰ ভিতৰত প্ৰথম পদক্ষেপত নাৰেংগী বজাৰ অঞ্চলসমূহ পানীভাগ ৰে'ল লাইনৰ কাষেৰে উত্তৰ দিশলৈ প্ৰায় ৩০০ মিটাৰ নৰ্দমা নিৰ্মাণ কৰি বোৱাই লৈ পুৰণি এন.বি.চি.চি নৰ্দমাৰে বোন্দাজানলৈ প্ৰেৰণ কৰিব। ইয়াৰ ফলত নাৰেংগী হাউছিং কলনীৰ মাজেৰে বৈ যোৱা নলাটোত অন্য অঞ্চলৰ পৰা বৈ অহা পানী অতি সীমিত হৈ পৰিব।

দ্বিতীয়তে, নাৰেংগী-চন্দ্ৰপুৰ পথৰ ওপৰত মাৰিয়া পাব্লিক স্কুলৰ সমীপত এখন অতিৰিক্ত নৰ্দমা ও দলং নিৰ্মাণ কৰি বোন্দাজানৰ পানী বহন ক্ষমতা দুগুণলৈ বৃদ্ধি কৰিব। ইয়াৰ লগতে অতিৰিক্ত হিচাপে ৰে'ল ষ্টেচনৰ সমীপৰ নৰ্দমাটো বহল আৰু পকীকৰণ কৰি বোন্দা পাম্পিং ষ্টেচনলৈ নিৰ্মাণ কৰিব লগতে অতিৰিক্ত আৰু এটা পানী নিষ্কাশনৰ বাবে পাম্প স্থাপন কৰিব।

ইতিমধ্যে এইসমূহ আঁচনি চৰকাৰে গৃহীত কৰি যাৱতীয় কাৰ্যকৰী কৰাৰ বাবে নিৰ্দেশ দিছে বুলি চৰকাৰৰ এক নিৰ্দেশ পত্ৰৰ পৰা জানিব পৰা গৈছে। ইয়াৰে প্ৰথম দুটা কাম লোকনির্মাণ বিভাগে আৰু আনটো প্ৰকল্প জি এম ডি এক দায়িত্ব প্ৰদান কৰিছে।

Also Read: অতীত হ'ল ৰাষ্ট্ৰপতি ভৱনৰ মোগল গাৰ্ডেন ! দ্ৰৌপদী মুৰ্মুৱে সলনি কৰিলে নাম...

বানপানী কৃত্ৰিম বান নাৰেংগী