অতীত হ'ল ৰাষ্ট্ৰপতি ভৱনৰ মোগল গাৰ্ডেন ! দ্ৰৌপদী মুৰ্মুৱে সলনি কৰিলে নাম...

অতীত হ'ল ৰাষ্ট্ৰপতি ভৱনৰ মোগল গাৰ্ডেন ! দ্ৰৌপদী মুৰ্মুৱে সলনি কৰিলে নাম...
অতীত হ'ল ৰাষ্ট্ৰপতি ভৱনৰ মোগল গাৰ্ডেন ! দ্ৰৌপদী মুৰ্মুৱে সলনি কৰিলে নাম...

ডিজিটেল ডেস্কঃ অতীত হ'ল মোগল গাৰ্ডেন। ৰাষ্ট্ৰপতি ভৱনৰ চালে চকুৰোৱা মোগল গাৰ্ডেন আৰু নাথাকিব। ইয়াৰ পৰিৱৰ্তে ৰাষ্ট্ৰপতি ভৱনত আপুনি এতিয়াৰে পৰা বিচাৰি পাব অমৃত উদ্যানহে। কেন্দ্ৰীয় চৰকাৰে শনিবাৰে নতুন দিল্লীস্থিত ৰাষ্ট্ৰপতি ভৱনৰ উদ্যান মোগল গাৰ্ডেনৰ নাম সলনি কৰি অমৃত উদ্যান কৰিলে।

ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে 'অমৃত মহোৎসৱ'ৰ বিষয়বস্তুৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় চৰকাৰে মোগল গাৰ্ডেনৰ নাম সলনি কৰি অমৃত উদ্যন ৰাখিছে। ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মুৰ উপ-প্ৰেছ সচিব নাভিকা গুপ্তাই এই সন্দৰ্ভত জনাইছে যে, "স্বাধীনতাৰ ৭৫ বছৰ উদযাপন উপলক্ষে 'আজাদী কা অমৃত মহোৎসৱ' হিচাপে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতি ভৱনৰ বাগিচাসমূহক অমৃত উদ্যান নামেৰে এক উমৈহতীয়া নাম দিছে।"

অতীত হ'ল ৰাষ্ট্ৰপতি ভৱনৰ মোগল গাৰ্ডেন ! দ্ৰৌপদী মুৰ্মুৱে সলনি কৰিলে নাম...
আকৌ ১২০৮ গৰাকীক দিলে নিযুক্তিঃ ২০ মাহ উকলিল, ১ লাখ নিযুক্তিলৈ কিমান বাকী...

নতুনকৈ নামাকৰণ কৰা এই অমৃত উদয়নখন ২৯ জানুৱাৰী, দেওবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মুয়ে উদ্বোধন কৰিব। ৩১ জানুৱাৰীৰ পৰা ২৬ মাৰ্চলৈ দুমাহৰ বাবে ৰাইজৰ বাবে নতুনকৈ নামাকৰণ কৰা অমৃত উদ্যানখন মুকলি থাকিব। সাধাৰণতে, বাগিচাখন ফেব্ৰুৱাৰীৰ পৰা মাৰ্চলৈ এমাহৰ বাবে ৰাইজৰ দৰ্শনৰ বাবে মুকলি থাকে। এই সময়ছোৱাত এই উদ্যানখনৰ ফুলবোৰ সম্পূৰ্ণকৈ শোভা বৰ্ধন কৰি থাকে।

নাভিকা গুপ্তাই কয় যে, এতিয়াৰে পৰা ৰাইজৰ দৰ্শনৰ বাবে দুমাহৰ বাবে এই উদ্যানখন মুকলি থাকিব। ইয়াৰোপৰি কৃষক আৰু বিশেষভাৱে সক্ষম সকলৰ বাবে বাগিচাখন সকলো সময়তে মুকলি ৰখাৰ পৰিকল্পনা কৰিছে।

অতীত হ'ল ৰাষ্ট্ৰপতি ভৱনৰ মোগল গাৰ্ডেন ! দ্ৰৌপদী মুৰ্মুৱে সলনি কৰিলে নাম...
কটন বিশ্ববিদ্যালয়ত আলোচনা সত্ৰ সম্পন্ন

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in