মাটিয়া ডিটেনশ্যন কেম্পলৈ গোৱালপাৰা কাৰাগাৰৰ পৰা শিশুসহ ৬৮ বিদেশীক স্থানান্তৰ...

মাটিয়া ডিটেনশ্যন কেম্পলৈ গোৱালপাৰা কাৰাগাৰৰ পৰা শিশুসহ ৬৮ বিদেশীক স্থানান্তৰ...

ডিজিটেল ডেস্কঃ গোৱালপাৰাৰ মাটিয়া ডিটেনশ্যন কেম্পলৈ ৬৮ গৰাকী বিদেশীক স্থানান্তৰ কৰাৰ পিছতে সৃষ্টি হৈছে বিতৰ্ক। কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগৰ নিৰ্দেশত গোৱালাপাৰা জিলাৰ মাটিয়াত ৰাজ্য চৰকাৰে নিৰ্মাণ কৰা এই ডিটেনশ্যন কেম্পৰ চৰকাৰী নাম ট্ৰেঞ্জিত কেম্প।

এই ট্ৰেঞ্জিত কেম্পলৈয়ে শেহতীয়াকৈ ৬৮ গৰাকী লোকক স্থানান্তৰ কৰা হৈছে। এই ৬৮ গৰাকী লোকৰ ভিতৰত আছে ৪৫ গৰাকী পুৰুষ, ২১ গৰাকী মহিলা আৰু ২ টাকৈ শিশু। এই আটাইকেইজন লোকক গোৱালপাৰা কাৰাগাৰৰ পৰা স্থানান্তৰ কৰা হৈছে।

উল্লেখ্য যে, গোৱালাপাৰা মাটিয়াৰ এই ট্ৰাঞ্জিত কেম্পৰ নিৰ্মাণ কাৰ্যকলৈ পূৰ্বৰে পৰা বিতৰ্কৰ সূচনা হৈ আহিছে। ইয়াৰ নিৰ্মাণতো যথেষ্ট দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে। এই ট্ৰেঞ্জিত কেম্পটোৰ এখন দেৱাল দুবাৰকৈ পানীয়ে ভাঙি পেলোৱা বুলিও বাতৰি প্ৰকাশ পাইছিল।

মাটিয়া ডিটেনশ্যন কেম্পলৈ গোৱালপাৰা কাৰাগাৰৰ পৰা শিশুসহ ৬৮ বিদেশীক স্থানান্তৰ...
অতীত হ'ল ৰাষ্ট্ৰপতি ভৱনৰ মোগল গাৰ্ডেন ! দ্ৰৌপদী মুৰ্মুৱে সলনি কৰিলে নাম...

জানিব পৰা মতে ট্ৰেঞ্জিত কেম্প হিচাপে নামাকৰণ কৰা এই ডিটেনশ্যন কেম্পত ভিছা, পাছপ'ৰ্ট আদিৰ গোচৰত অভিযুক্তকো ৰখা হ'ব। সন্দেহযুক্ত বিদেশীকো ৰখা হ'ব ইয়াত। তেজপুৰ, যোৰহাট, ডিব্ৰুগড়, কোকৰাঝাৰ আদি কাৰাগাৰত বন্দী হৈ থকা বিদেশীকো ইয়ালৈ স্থানান্তৰ কৰা হ'ব।

মুঠ ২৬ বিঘা মাটিত নিৰ্মাণ কৰা এই ডিটেনশ্যন কেম্পটো প্ৰায় ৬ খন ফুটবল খেলপথাৰৰ সমান। ইয়াৰ ভিতৰত আছে স্কুল, হাস্পতাল আদি। আছে মহিলাক পৃথকৈ ৰাখিব পৰাৰ ব্যৱস্থা। ডিটেনশ্যন কেম্পটোক ৩ হাজাৰ বিদেশীক একেলগে ৰাখিব পৰাকৈ নিৰ্মাণ কৰা হৈছে।

মাটিয়া ডিটেনশ্যন কেম্পলৈ গোৱালপাৰা কাৰাগাৰৰ পৰা শিশুসহ ৬৮ বিদেশীক স্থানান্তৰ...
কটন বিশ্ববিদ্যালয়ত আলোচনা সত্ৰ সম্পন্ন

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in