
ডিজিটেল ডেস্কঃ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পুনৰ ৰাজ্যৰ দুটাকৈ বিভাগত ১২০৮ গৰাকী যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰিলে। ১ লাখ নিযুক্তিৰ লক্ষ্যৰে শাসনলৈ অহাৰ পিছৰে পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ধাৰাবাহিক ভাৱে কেইবাটাও বিভাগত এই পৰ্যন্ত ৪১ হাজাৰ ৭১০ টা পদত নিযুক্তি প্ৰদান কৰিলে।
গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত আজি নিযুক্তি প্ৰদান কৰাসকলৰ ভিতৰত আছে ১১৩৬ গৰাকী নাৰ্চ আৰু ৭২ গৰাকী গৃহ বিভাগৰ অধীনস্থ বিভিন্ন পদত নিযুক্তি প্ৰাপ্ত। অনুষ্ঠানটোত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও উপস্থিত থাকে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিৱ তথা সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, বিশেষ সঞ্চালক প্ৰধান জিপি সিং, গৃহ বিভাগৰ প্ৰধান সচিব নিৰজ বাৰ্মা আৰু স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী।
উল্লেখ্য যে, শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠকে গ্ৰহণ কৰিছিল এক বিশেষ সিদ্ধান্ত। সেই সিদ্ধান্ত আছিল যিসকল আৰক্ষীৰ ছহিদ পৰিয়াল আছিল সেই পৰিয়ালৰ যোগ্য ব্যক্তিক অনুকম্পামূলক নিযুক্তি।
সেই সিদ্ধান্তৰেই অংশ হিচাপে অসম আৰক্ষীৰ মুঠ ৪০০ ছহিদ আৰক্ষী পৰিয়ালৰ ভিতৰত আজি ৭২ টা পৰিয়ালৰ একোগৰাকীকৈ যোগ্য ব্যক্তিক গৃহ বিভাগৰ বিভিন্ন পদত নিযুক্তি প্ৰদান কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই ১০ গৰাকী নিযুক্তি প্ৰাপ্তৰ হাতত আনুষ্ঠানিক ভাৱে তুলি দিয়ে নিযুক্তিৰ পত্ৰ।
আনহাতে চৰকাৰে অনুকম্পামূলক ভাৱে নিযু্ক্তি দিয়াৰ যি প্ৰচেষ্টা হাতত লৈছে সেই প্ৰচেষ্টা অব্যাহত থাকিব বুলিও মন্তব্য কৰে। ইয়াৰোপৰি অনুষ্ঠানত যিসকলে নাৰ্চে চাকৰি লাভ কৰিলে তেওঁলোকক মৰমিয়াল হ’বলৈও পৰামৰ্শ আগবাঢ়ালে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।