/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/f84dc066-8d11-4329-a8ea-96639a8aa256/bondho.jpg)
জামুগুৰিহাটত সৰ্বাত্মক বন্ধৰ প্ৰভাৱ
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ অসম চৰকাৰে শোণিতপুৰ জিলাৰ অন্তৰ্গত বিভিন্ন অঞ্চল সমূহ বি টি আৰত অন্তৰ্ভূক্ত কৰাৰ কথা ঘোষণাৰ পাছত সম্প্ৰতি উতপ্ত হৈ পৰিছে শোনিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ সমীপৱৰ্তী অঞ্চল সমূহ ৷ শুকুৰবাৰৰ পৰা চতিয়া সমষ্টিৰ অন্তৰ্গত চাৰিদুৱাৰত প্ৰতিবাদকাৰীয়ে এক প্ৰকাৰ যুদ্ধংদেহী মনোভাৱৰে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰি কোনো কাৰনতে বি টি আৰ মানি নোলোৱাৰ হুংকাৰ দিয়ে।
লগতে বিজেপি চৰকাৰে এই সিদ্ধান্ত যদিহে বাতিল নকৰে তেন্তে বি টি আৰৰ বিৰুদ্ধে অনাগত দিনত জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও জনজাতীয় ছাত্ৰ নেতাই সকলে অৱগত কৰে । আনহাতে বি টি আৰৰ বিৰুদ্ধে আছা (AASA) ই আহ্বান জনোৱা শোণিতপুৰ জিলা বন্ধ কাৰ্যসূচী আজি ঠাই বিশেষে সৰ্বাত্মক প্ৰভাৱ বিস্তাৰ কৰা পৰিলক্ষিত হৈছে ।
জামুগুৰিহাটৰ সমীপৰ ইটাখোলাকে ধৰি চতিয়া সমষ্টিৰ উত্তৰ অঞ্চল বালিজুৰি খেৰবাৰী বাটামাৰী আদি অঞ্চল সমূহৰ দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ সম্পূৰ্নৰূপে বন্ধ থকাৰ লগতে ব্যক্তিগত যান বাহনৰ বাহিৰে অন্যান্য যাত্ৰী বাহী বাহনসমূহৰ চলাচল সম্পুৰ্ণৰূপে বন্ধ আছে । বৃহত্তৰ অঞ্চলটোৰ ৰাইজে স্বত: স্ফূৰ্ত ভাৱে এই বন্ধক পূৰ্ণ সমৰ্থন জনোৱা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে ।
আৰু পঢ়কঃ ঘোৰ নিদ্ৰাত প্ৰশাসন : মাটি কঢ়িওৱা ডাম্পাৰে নষ্ট কৰিছে পকী পথ