একেদিনাই ভাৰতীয় বায়ু সেনাৰ দুখন যুঁজাৰু বিমান দুৰ্ঘটনাতপতিত, ১জন পায়লটৰ মৃত্যু...

ভাৰতীয় বায়ু সেনাৰ ২খনকৈ যুজাৰু বিমান একেদিনাই দুৰ্ঘটনাত পতিত হৈছে। এই দুৰ্ঘটনাত পতিত হোৱা বিমন দুখনৰ এখন চুখই এছ ইউ ৩০ আৰু আনখন মিৰাজ ৩০০০।
একেদিনাই ভাৰতীয় বায়ু সেনাৰ দুখন যুঁজাৰু বিমান দুৰ্ঘটনাতপতিত, ১জন পায়লটৰ মৃত্যু...

ডিজিটেল ডেস্ক: ভাৰতীয় বায়ু সেনাৰ ২খনকৈ যুজাৰু বিমান একেদিনাই দুৰ্ঘটনাত পতিত হৈছে। এই দুৰ্ঘটনাত পতিত হোৱা বিমন দুখনৰ এখন চুখই এছ ইউ ৩০ আৰু আনখন মিৰাজ ৩০০০।

প্ৰশিক্ষণৰত অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত এজন বায়ু সেনাৰ পায়লটৰো মৃত্য়ু হৈছে বুলি বায়ু সেনা সূত্ৰই প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক এই দুৰ্ঘটনাৰ খবৰ দিয়াৰ পাছতে তেওঁ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা পায়লট গৰাকী আৰু উক্ত ঘটনা সন্দৰ্ভত গভীৰ শোক প্ৰকাশ কৰিছে।

মধ্য প্ৰদেশত সংঘটিত হৈছে এই দুৰ্ঘটনা। দুৰ্ঘটনাত আন দুজন বায়ু সেনা পায়লট গুৰুতৰভাৱে আহত হৈছে। ইয়াৰ এখন বিমান ভূপতিত হয় মধ্যপ্ৰদেশৰ মৰেনাত। আনখন ভাৰতাপুৰত ভূপতিত হয়।

সুখই বিমানখনত আছিল ২ জন পায়লট। এই বিমান খনত থকা দুই গৰাকী পায়লটে বিমানখনৰ পৰা বাহিৰ হয় যদিও তেওঁলোক গুৰুতৰভাৱে আহত হোৱাত হেলিকপ্টাৰেৰে হাস্পাতাললৈ লৈ যোৱা হয়। দুৰ্ঘটনা সন্দৰ্ভত বায়ু সেনা মুৰব্বীয়ে উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে।

আৰু পঢ়ক: নতুন শিক্ষা নীতিৰে এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in