/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/28d638fa-aafa-432e-a76f-5a2230fbfd90/254.jpg)
ডিজিটেল ডেস্ক : বাংলাদেশ টেনিছ ফেডাৰেচনৰ উদ্যোগত ঢাকাত অনুষ্ঠিত ১৪বছৰ অনুৰ্ধ এছিয়ান টেনিছ টুৰ্ণামেণ্ট-২০২৪ত সোণৰ পদক লাভ কৰিছে অসমৰ নঈম হুছেইনে। প্ৰতিশ্ৰুতি সম্পন্ন খেলুৱৈগৰাকীয়ে উক্ত প্ৰতিযোগিতাত গাৰ্লছ ডাবলছ শাখাত খিতাপ দখল কৰি সোণৰ পদক লাভ কৰে।
উল্লেখ্য যে ১৩মে'ৰ পৰা ১৭মে'লৈকে চেইখ জামাল নেচনেল স্প'ৰ্টছ কম্প্লেক্সত অনুষ্ঠিত হৈছিল ১৪বছৰ অনুৰ্ধ এছিয়ান টেনিছ টুৰ্ণামেণ্ট-২০২৪ শীৰ্ষক প্ৰতিযোগিতাখন। শুকুৰবাৰে প্ৰতিযোগিতাখনৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যিক মন্ত্ৰী খালিদ মাহমুদ চৌধুৰী।
প্ৰতিযোগিতাৰ সমাৰণি অনুষ্ঠানত মুখ্য অতিথিগৰাকীৰ উপস্থিতিত খেলুৱৈসকলক বঁটা প্ৰদান কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/ff6410a3-4687-4a9c-8f57-2301ef71c642/64e53659-214b-4d2f-b903-9a5715cb25f0.jpg)
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে উক্ত প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰা নাঈম হুছেইন গুৱাহাটীৰ মাৰিয়া পাব্লিক স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী। তেঁও যোৱা ২২ ৰ পৰা ২৬ এপ্ৰিললৈকে গুৱাহাটীত অনুষ্ঠিত সৰ্বভাৰতীয় চেম্পিয়নশ্বিপ শৃংখলা টেনিছ টুৰ্ণামেণ্টতো সফলতা লাভ কৰিছিল।
Also Read: প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৰ বিয়োগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শোক প্ৰকাশ