/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/6c50c68a-4864-4ee1-b356-2ccd357181b1/253.jpg)
ডিজিটেল ডেস্ক: অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা থানেশ্বৰ বড়োৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সামাজিক মাধ্যমযোগে সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে, "অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী, অসম গণ পৰিষদৰ এসময়ৰ এগৰাকী সক্ৰিয় নেতা থানেশ্বৰ বড়ো ডাঙৰীয়াৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছোঁ।
শৈক্ষিক খণ্ডৰ উত্তৰণৰ লগতে জাতীয় জীৱনৰ কল্যাণৰ হকে তেখেতে লোৱা ভূমিকা স্মৰণীয় হৈ থাকিব। থানেশ্বৰ বড়ো ডাঙৰীয়াৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ গভীৰ সমবেদনা জনালোঁ। ওম শান্তি।"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/a5c7f071-bc46-4019-9078-f58a99a95576/b44ce2cc-560c-4d39-9e5c-a10eb5146982.jpg)
উল্লেখ্য যে শুকুৰবাৰে পুৱা ৭.০৮ বজাত জি এম চি এইচত দেহাৱসান ঘটিছিল প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৫ বছৰ। শিক্ষান্ত্ৰীৰ লগতে অসমৰ ৰাজহ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল বড়োৱে।