ডিজিটেল ডেস্ক: ‘মই এতিয়াও কেতিয়াবা বিশ্বাস নহয় যে মই এগৰাকী মাতৃ ! যেতিয়া মই কাৰোবাৰ সৈতে কথা পাতি থাকোতে ভেডাভিডক 'মোৰ পুত্ৰ' বুলি ক’বলগীয়া হয়, তেতিয়া মোৰ মাতটো ডাঙৰ হৈ যায় আৰু বিশ্বাস কৰিবলৈ বাধ্য হওঁ যে মই এতিয়া এগৰাকী মাতৃ।’ এই মন্তব্য বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী য়ামী গৌতমৰ।মাতৃত্বৰ সুখ লাভ কৰাৰ পাছত প্ৰথমবাৰলৈ এইদৰে ৰাজহুৱাকৈ মন্তব্য কৰি মাতৃত্বৰ অভিজ্ঞতাৰ বিষয়ে অনুৰাগীক অৱগত কৰে অভিনেত্ৰীগৰাকীয়ে।
তেওঁ লগতে কয়, ‘ঘৰলৈ সন্তানৰ আগমনৰ পিছত মাতৃ আৰু পৰিয়ালৰ অগ্ৰাধিকাৰ সলনি হয় বুলি যে কয়, সেয়া মই এতিয়া বিশ্বাস কৰিছো। মোৰ মনত আছে যেতিয়া মই চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি আহিছিলো আৰু সকলোয়ে মোৰ সন্তানকহে চাবলৈ বিচাৰিছিল।কিন্তু খুব কম লোকেহে মোৰ স্বাস্থ্যৰ বুজ লৈছিল। মাতৃত্ব লাভৰ পাছত এগৰাকী নাৰী মানসিক, আৱেগিক আৰু শাৰীৰিক সকলো ভাৱেই সলনি হয়।মইও সকলো ফালৰ পৰাই সলনি হৈছো।প্ৰতিদিনেই নতুন নতুন অভিজ্ঞতা লাভ কৰিছো।নতুন কথা শিকিছো, যিবোৰ মই ইণ্টাৰনেটৰ পৰা শিকিব নোৱাৰো। ঈশ্বৰৰ সৰ্বশ্ৰেষ্ঠ সৃষ্টি হৈছে মাতৃ বুলি কোৱা হয়। ঈশ্বৰক ধন্যবাদ !’
উল্লেখ্য যে, ২০২১ৰ ৪জুনত য়ামী গৌতমে পৰিচালক আদিত্য ধৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আৰু চলিত বছৰৰ মেত এটি পুত্ৰ সন্তানৰ অভিভাৱক হয় য়ামী আৰু আদিত্য।
Also Read: আকৌ ছবিগৃহলৈ আহিব 'কৰণ অৰ্জুন'