ডিজিটেল ডেস্ক: ছবিপ্ৰেমীসকলৰ বাবে ভাল খবৰ।হয়, ছবিগৃহত পুনৰ মুক্তি দিয়া হ’ব সকলোৰে মনে-প্ৰাণে প্ৰভাৱ পেলোৱা বলীউডৰ সৰ্বকালৰ অন্যতম সৰ্বশ্ৰেষ্ঠ ছবি ‘কৰণ অৰ্জুন’।বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খান আৰু ছলমান খানে তেওঁলোকৰ ‘আইকনিক’ ছবি ‘কৰণ অৰ্জুন’ৰ পুনৰ মুক্তিৰ কথা ঘোষণা কৰি বিশ্বজুৰি অনুৰাগীসকলক ৰোমাঞ্চিত কৰিছে।
প্ৰকৃততে, ‘কৰণ অৰ্জুন’ৰ ৩০ সংখ্যক বাৰ্ষিকী উদযাপন কৰিবলৈ চলিত বছৰৰ ২২ নৱেম্বৰত এই ছবিখন পুনৰ ছবিগৃহলৈ আহিবলৈ সাজু হৈছে।এই বিষয়ে ছ’চিয়েল মেডিয়াযোগে অনুৰাগীক জনালে শ্বাহৰুখ আৰু ছলমানে। ছবিখনৰ ট্ৰেইলাৰ শ্বেয়াৰ কৰি শ্বাহৰুখে লেখিছে, ‘কুছ বন্ধন আইচে হোতে হে, জিনকে লিয়ে এক জনম পুৰা নহয় হোতা !’ উল্লেখ্য যে, ৰাকেশ ৰোশনৰ দ্বাৰা পৰিচালিত এই ব্লকবাষ্টাৰ ছবিখন ২০০৫চনত মুক্তি লাভ কৰিছিল।সংলাগ আৰু গীতৰ বাবে বৰ্তমানেও দৰ্শকৰ মনত সুকীয়া স্থান দখল কৰা এই ছবিখনত শ্বাহৰুখ-ছলমানৰ লগতে মুখ্য চৰিত্ৰত দেখা গৈছিল কাজলক।
এই খবৰ মূহুৰ্ততে চৌদিশে বিয়পি পৰাৰ লগে লগে ছ’চিয়েল মেডিয়াযোগে অগনন অনুৰাগীয়ে তেওঁলোকৰ মন্তব্য আগবঢ়াইছে। সকলোয়ে ছবিখন পুনৰ উপভোগ কৰিবলৈ উয়য়সাহিত হৈ পৰিছে। ইয়াৰ সকলো আইকনিক সংলাপ আৰু স্মৰণীয় গানৰ সৈতে আকৌ এবাৰ ভাতৃত্ববোধ আৰু প্ৰতিশোধৰ মহাকাব্যিক কাহিনীৰ অভিজ্ঞতা লাভ কৰিবলৈ সকলোয়ে এতিয়া অপেক্ষা কৰিছে।
Also Read: জাপানতো আছে বলীউডৰ মোহ