দৰিদ্ৰক সহায়ৰ বাবে বলীউডৰ ‘ভাইজান’য়ে ল’লে নতুন পদক্ষেপ

ছলমান খানৰ অনুৰাগীসকললৈ ভাল খবৰ। এতিয়াৰে পৰা ছলমানে অংকন কৰা আকৰ্ষণীয় পেইণ্টিংসমূহ সকলো অনুৰাগীয়েই কিনিব পাৰিব।হয়, অভিনেতাজনে তেওঁৰ পেইণ্টিংসমূহ অনুৰাগীসকলে যাতে সহজে লাভ কৰিব পাৰে, তাৰ বাবে বাবে ফাইন আৰ্ট কোম্পানী আৰ্টফাইৰ সৈতে সহষোগিতা কৰিছে।

author-image
Asomiya Pratidin
New Update
দৰিদ্ৰক সহায়ৰ বাবে বলীউডৰ ‘ভাইজান’য়ে ল’লে নতুন পদক্ষেপ

ডিজিটেল ডেস্ক: ছলমান খানৰ অনুৰাগীসকললৈ ভাল খবৰ। এতিয়াৰে পৰা ছলমানে অংকন কৰা আকৰ্ষণীয় পেইণ্টিংসমূহ সকলো অনুৰাগীয়েই কিনিব পাৰিব।হয়, অভিনেতাজনে তেওঁৰ পেইণ্টিংসমূহ অনুৰাগীসকলে যাতে সহজে লাভ কৰিব পাৰে, তাৰ বাবে বাবে ফাইন আৰ্ট কোম্পানী আৰ্টফাইৰ সৈতে সহষোগিতা কৰিছে।

Advertisment

এই সন্দৰ্ভত জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা মতে, প্ৰথমবাৰৰ বাবে ছলমান খানৰ 'ইউনিটি ১' আৰু 'ইউনিটি ২' শীৰ্ষক বিখ্যাত পেইণ্টিংসমূহ এতিয়া আংশিক মালিকীস্বত্বৰ জৰিয়তে সকলোৰে বাবে উপলব্ধ হ'ব।আনহাতে, অভিনেতাজনে এই বিষয়ে প্ৰকাশ কৰা মতে, ‘মোৰ চিত্ৰসমূহ সুলভ কৰি তোলাৰ এই প্ৰচেষ্টাত আৰ্টফাইৰ সৈতে সম্পৰ্ক স্থাপন কৰি মই আনন্দিত আৰু মোৰ কলা সমগ্ৰ বিশ্বৰ লোকসকলৰ সৈতে ভাগ বতৰা কৰাৰ সুবিধা লাভ কৰিও মই যথেষ্ট সুখী।’ 

উল্লেখ্য যে, বলীউডৰ ছুপাৰষ্টাৰজনে দৰিদ্ৰ লোকসকলৰ বাবে পুঁজি সংগ্ৰহ কৰিবলৈ ইতিমধ্যে তেওঁৰ পেইণ্টিংসমূহ নিলাম কৰিছে।কেইদিনমান পূৰ্বে ভাইৰেল হোৱা এটা ভিডিঅ'ত তেওঁ এক মিনিটতে কিদৰে চিত্ৰ অংকন কৰিব পাৰে, সেয়া দেখি অনুৰাগীসকল এক প্ৰকাৰ আচৰিত হৈ পৰিছিল।ছলমান খানৰ এই পেইণ্টিংসমূহ লাখ আৰু কোটি টকাত বিক্ৰী হয় আৰু এই সকলো ধন পোনপটীয়াকৈ তেওঁৰ এনজিঅ' ‘বিয়িং হিউমেন’ৰ পুঁজিত জমা হয়।

Also Read: ছলমান খানেই নহয়, সঞ্জয় দত্তও বলীয়া হৈছিল ঐশ্বৰ্য ৰয়ৰ প্ৰেমত