অস্কাৰ বিজয়ী ‘The Elephant Whisperers’ৰ বিষয়ে আপুনি জানেনে ?

অস্কাৰ বিজয়ী ‘The Elephant Whisperers’ৰ বিষয়ে আপুনি জানেনে ?

ডিজিটেল ডেস্ক: আজিৰ দিনটো ভাৰতীয়ই গৌৰৱান্বিত। হয়, দুটা শাখাত ভাৰতে লাভ কৰিলে বিশ্বৰ ছবিজগতৰ সৰ্বোচ্চ সন্মান অস্কাৰ বঁটা।‘দ্য এলিফেন্ট হুইছপাৰ’ নামৰ তথ্যচিত্ৰ আৰু ‘আৰ আৰ আৰ’ ছবিখনৰ ‘নাটু নাটু’ গীতটোয়ে ৯৫ সংখ্যক অস্কাৰত ভাৰতৰ নাম উজলাবলৈ সক্ষম হৈছে। 

‘দ্য এলিফেন্ট হুইছপাৰ' নেটফ্লিক্সত মুক্তি পোৱা এখন চুটি তথ্যচিত্ৰ।এই তথ্যচিত্ৰখনৰ পৰিচালনা  কাৰ্তিকী গনছালভেছৰ। ‘দ্য এলিফেন্ট হুইছপাৰ'ত ‘ৰঘু’ নামৰ এটা অকলশৰীয়া হাতী আৰু এই হাতীটোৰ যত্ন লওঁতা এহাল দম্পতীৰ মাজত অটুট বন্ধনৰ কাহিনীক চিত্ৰৰূপ দিয়া হৈছে।

অস্কাৰ বিজয়ী এই তথ্যচিত্ৰখনত প্ৰাকৃতিক পৰিৱেশৰ ওপৰতো যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে। দক্ষিণ ভাৰতৰ তামিলনাডুৰ মুদুমালাই ৰাষ্ট্ৰীয় উদ্যানত তথ্যচিত্ৰখনৰ দৃশ্যগ্ৰহণ কৰা হৈছে।জনজাতীয় লোকসকলে প্ৰকৃতিৰ সৈতে কেনেদৰে মিল ৰাখি বাস কৰে, ‘দ্য এলিফেন্ট হুইছপাৰ'ত ইয়াক সুন্দৰ ৰূপত দেখুওৱা হৈছে। এটা জন্তুৰ সৈতে মানৱ সংযোগ তথা তেওঁলোকৰ সম্প্ৰীতিৰে জীয়াই থকাৰ সামৰ্থ্যৰ এক বিৱৰণেই নহয়, ই ভাৰতীয় সংস্কৃতি আৰু দেশৰ পৰিৱেশ সংৰক্ষণৰ দীঘলীয়া ইতিহাসৰ বিষয়েও এই তথ্যচিত্ৰখনত উপস্থাপন কৰা হৈছে। 

এই তথ্যচিত্ৰখনৰ বিষয়ে সৱিশেষ জানো আহক- 

মুক্তিৰ প্লেটফৰ্ম- নেটফ্লিক্স

মুক্তিৰ তাৰিখ- ৮ ডিচেম্বৰ, ২০২২

সময়- ৩৯ মিনিট

ভাষা- তামিল, ইংৰাজী আৰু তেলেগু

কাহিনী, লিখক- প্ৰিচিলা গনচালভেছ

প্ৰযোজক- ডগলাছ ব্লাছ

             কাৰ্তিকি গনচালভেচ

             গুনীত মঙ্গা

             অচিন জৈন

চিত্ৰগ্ৰহণকাৰী- কৰণ থাপলিয়াল

                   কৃষ মাখিজা

                   আনন্দ বনছাল

                   কাৰ্তিকি গনচালভেচ

সম্পাদনা- সঞ্চৰী দাস মলিক

              ডগলাছ ব্লাছ

সংগীত - স্বেন ফাউলকোনাৰ

উল্লেখ্য যে, এই তথ্যচিত্ৰখন কাৰ্তিকি গনচালভেছৰ প্ৰথম পৰিচালনা। এই তথ্যচিত্ৰখনে 'শ্বৰ্টছ: চেঞ্জ মেকাৰ' শ্ৰেণীৰ অধীনত ডিঅ'চি এনৱাইচিৰ দ্বাৰা তালিকাভুক্ত হৈছিল আৰু মিডিয়া এৱাৰ্ডছ আৰু আইডিএ ডকুমেণ্টৰী এৱাৰ্ডছত হলিউড মিউজিকৰ বাবে মনোনীত হৈছিল।

অস্কাৰ বিজয়ী ‘The Elephant Whisperers’ৰ বিষয়ে আপুনি জানেনে ?
অস্কাৰ, ২০২৩ : কোন উজলিল কি শিতানত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in