Advertisment

ছন অৱ চৰ্ডাৰ 2 ৰ পৰা বাহিৰ হ'ল সোনাক্ষী...

নতুন চিত্ৰনাট্যৰ দাবী অনুসৰি ছবিখনত ফিট হোৱা নাই সোনাক্ষী সিনহা ...

author-image
Asomiya Pratidin
New Update
ছন অৱ চৰ্ডাৰ 2 ৰ পৰা বাহিৰ হ'ল সোনাক্ষী...

ডিজিটেল ডেস্কঃ আগন্তুক ছবি ছন অৱ চৰ্ডাৰ 2 ক লৈ ব্যস্ত হৈ পৰিছে বলিউদ তাৰকা অজয় দেৱগন। ২০১২ চনত মুক্তি পোৱা ছন অৱ চৰ্ডাৰে ব্লক ছবিত ভাল ফল দেখুৱাৰ পাছতে চিকুৱেলৰ বাবে সাজু হৈছে কলা-কৌশলী সকল। শীঘ্ৰে ছবিখনৰ ছুটিঙৰ কাম আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে। ছবিখনৰ মুখ্য ভূমিকাত দেখা যাব অভিনেতা অজয় দেৱগনক।

Advertisment

শেহতীয়াকৈ ছবিখনৰ কাষ্ট সন্দৰ্ভত এটা ডাঙৰ আপডেট ওলাইছে। প্ৰথম ছবিখনত অজয় ​​দেৱগন আৰু সোনাক্ষী সিনহাক মুখ্য চৰিত্ৰত দেখা গৈছিল। এতিয়া নিৰ্মাতাসকলে ছবিখনৰ দ্বিতীয় খণ্ড নিৰ্মাণ কৰিবলৈ ওলাইছে যদিও দ্বিতীয় খণ্ডত সোনাক্ষী সিনহাক সলনি কৰা হৈছে।

খবৰ অনুসৰি অজয় ​​দেৱগনৰ ছবি ‘ছন অৱ চৰ্দাৰ 2’ ৰ নিৰ্মাতাসকলে কাষ্টিং আৰম্ভ কৰিছে। অজয় ​​দেৱগনৰ বিপৰীতে ছবিখনত ম্ৰূণাল ঠাকুৰক মুখ্য চৰিত্ৰত দেখা যাব। সোনাক্ষী সিনহাৰ ঠাইত ম্ৰূণাল ঠাকুৰে ‘ছন অৱ চৰ্দাৰ 2’ ত অভিনয় কৰিব।

উল্লেখ কৰাটো প্ৰয়োজন যে, নতুন চিত্ৰনাট্যৰ দাবী অনুসৰি সোনাক্ষী সিনহা ছবিখনত ফিট হোৱা নাই বুলি মেকাৰসকলে অনুভৱ কৰিছে।

‘ছন অৱ চৰ্দাৰ 2’ ত ম্ৰূণাল ঠাকুৰৰ প্ৰৱেশ সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই মেকাৰসকলে।

উল্লেখ্য যে,চলিত বৰ্ষৰ জুন মাহৰ পৰা ছবিখনক শ্বুটিং আৰম্ভ হ'ব। লগতে ২০২৫ চনৰ মাজ মানত ছবিখনে মুক্তি লাভ কৰিব পাৰে।

Also Read: মহাৰাষ্ট্ৰৰ থানেত বিধ্বংসী অগ্নিকাণ্ড : ৪জন নিহত

mrunal thakur ajay devgan sonakshi sinha son of sardar 2 bollywood