জাপানতো আছে বলীউডৰ মোহ

কেৱল আমাৰ দেশতেই নহয়, বিদেশৰ বহু ঠাইতো বলীউডৰ ছবিৰ বেছ জনপ্ৰিয়তা আছে।হয়, শেহতীয়া এক ভাইৰেল ভিডিঅ'ত এই কথা প্ৰমাণিত হৈছে।

author-image
Asomiya Pratidin
New Update
জাপানতো আছে বলীউডৰ মোহ

famous indian movies

ডিজিটেল ডেস্ক: কেৱল আমাৰ দেশতেই নহয়, বিদেশৰ বহু ঠাইতো বলীউডৰ ছবিৰ বেছ জনপ্ৰিয়তা আছে।হয়, শেহতীয়া এক ভাইৰেল ভিডিঅ'ত এই কথা প্ৰমাণিত হৈছে। ছ'চিয়েল মেডিয়াত চৰ্চা লাভ কৰা এই ভিডিঅ'টোত জাপানত বাস কৰা লোকসকলৰ মাজত খুবেই জনপ্ৰিয় কেইখনমান হিন্দী ছবিৰ বিষয়ে উল্লেখ কৰা হৈছে।

এজন জাপানী ব্যক্তিয়ে ছ'চিয়েল মেডিয়াত এটা ভিডিঅ' শ্বেয়াৰ কৰি এই বিষয়ে জানিবলৈ দিয়ে যে, বিশেষ তিনিখন ভাৰতীয় ছবি আছে, যিকেইখন জাপানীজ লোকসকলৰ খুবেই প্ৰিয়।ছবিৰ ভৌগোলিক সীমা অতিক্ৰম কৰাৰ এক অবিশ্বাস্য ক্ষমতা আছে। সেই কাৰকটোৰ সন্দৰ্ভত আলোকপাত কৰি এজন জাপানী ব্যক্তিয়ে এই তিনিখন ভাৰতীয় ছবিৰ কথা উল্লেখ কৰে।

'ডাইভ ইনটু জাপান' নামৰ বহু চৰ্চিত ইনষ্টাগ্ৰাম একাউণ্টটোত জাপানীজ ব্যক্তিজনে এই ভিডিঅ'টো প'ষ্ট কৰিছে।তেওঁৰ মতে, জাপানীজ লোকসকলৰ মাজত অতি জনপ্ৰিয় এই হিন্দী ছবি তিনিখন হৈছে- ‘চিনি কম’, ‘গৰম মছলা’ আৰু ‘দ্য লাঞ্চ বস্ক’। মনোৰঞ্জনৰ আটাইকেইটা দিশ সামৰি লোৱা তথা কাহিনীৰ বাবেই এই ছবিকেইখন সফল বুলি ব্যক্তিজনে মন্তব্য কৰিছে।

Also Read: অনুৰাগীক বাৰে বাৰে কৃতজ্ঞতা জনালে তৃপ্তিয়ে