/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-02/i6e46vjd/WhatsApp-Image-2024-10-01-at-2.05.22-PM-2.jpeg)
kangana-ranaut-buys-new-luxury-car-
ডিজিটেল ডেস্ক: কংগনা ৰাণাৱট, ব্যতিক্ৰমী ব্যক্তিত্ব তথা অদমনীয় অভিনয়ৰ বাবে চৰ্চাৰ শীৰ্ষত থাকে বলীউডৰ এইগৰাকী অভিনেত্ৰী।বৰ্তমান আন এক পৰিচয়ৰেও পৰিচিত কংগনা। হয়, অভিনেত্ৰী কংগনা ৰাণাৱট বৰ্তমান লোকসভাৰ সাংসদ।পিছে এইবাৰ ছবি বা ৰাজনীতিৰ বাবে নহয়, এক বিশেষ কাৰণতহে চৰ্চালৈ আহিছে অভিনেত্ৰীগৰাকীৰ নাম।
প্ৰকৃততে, কংগনাই শেহতীয়াকৈ ক্ৰয় কৰিছে এখন বিলাসী গাড়ী। ৰেঞ্জ ৰ'ভাৰৰ ৫খন আসনযুক্ত এই গাড়ীখনৰ মূল্য ৩.৮১ কোটি।গাড়ীখন ক্ৰয় কৰাৰ এখন বিশেষ ফটো এতিয়া ছ'চিয়েল মেডিয়াত ভাইৰেল হৈছে।ভাইৰেল ফটোখনত বহু অনুৰাগীয়ে কংগনাই ঘৰ বিক্ৰী কৰি গাড়ী কিনিছে বুলি মন্তব্য কৰিছে।
উল্লেখ্য যে, কংগনাই অলপতে মুম্বাইৰ পালি হিলত থকা তেওঁৰ বাংলোটো ৩২ কোটিত বিক্ৰী কৰছে। ৰেণ্ড ৰ’ভাৰ মোডী মটৰ্ছৰ অফিচিয়েল একাউণ্টে ইনষ্টাগ্ৰামত কেইবাখনো ফটো শ্বেয়াৰ কৰে, য'ত কংগনাক তেওঁৰ নতুন বিলাসী গাড়ীৰ সন্মুখত ফটোৰ বাবে প’জ দিয়া দেখা গৈছিল। প’ষ্টটোৰ শিৰোনামটোত লেখা হৈছে, ‘বলীউডৰ ৰাণী শ্ৰীমতী কংগনা ৰাণাৱতক তেওঁৰ আকৰ্ষণীয় নতুন গাড়ী ৰেঞ্জ ৰভাৰৰ বাবে অভিনন্দন ! ৰূপালী পৰ্দাত শাসন কৰাৰ পৰা আৰম্ভ কৰি সকলো পথ কিদৰে নিজ ষ্টাইলত জয় কৰিব লাগে, সেয়া সকলো আপুনি ভালদৰে জানে। এই পাৱাৰহাউচ সৰ্বশ্ৰেষ্ঠতকৈ কম প্ৰাপ্য নহয় ! ইয়াত বিলাসিতাত ভ্ৰমণ কৰক আৰু প্ৰতিটো যাত্ৰা আপোনাৰ দৰে সাহসী আৰু নিৰ্ভীক কৰি তোলক।’
Also Read: ছলমান খানেই নহয়, সঞ্জয় দত্তও বলীয়া হৈছিল ঐশ্বৰ্য ৰয়ৰ প্ৰেমত