প্ৰথমবাৰৰ বাবে একেলগে অভিনয়ৰ যাদু দেখুৱাব আদিল হুছেইন, ৰবি শৰ্মাই

বহু চৰ্চাৰ অন্তত অৱশেষত মুক্তিৰ বাবে সাজু হৈছে অসমীয়া ছবি 'ৰুদ্ৰ'। ইতিমধ্যে বিভিন্ন কাৰণত বহুবাৰ এই ছবিখনৰ মুক্তিৰ দিন পিছুওৱা হৈছিল যদিও  ২৭ জুনৰ পৰা সমগ্ৰ ৰাজ্যজুৰি দৰ্শকে উপভোগ কৰিব পাৰিব 'ৰুদ্ৰ'।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
'ৰুদ্ৰ'

ডিজিটেল ডেস্ক: বহু চৰ্চাৰ অন্তত অৱশেষত মুক্তিৰ বাবে সাজু হৈছে অসমীয়া ছবি 'ৰুদ্ৰ'। ইতিমধ্যে বিভিন্ন কাৰণত বহুবাৰ এই ছবিখনৰ মুক্তিৰ দিন পিছুওৱা হৈছিল যদিও  ২৭ জুনৰ পৰা সমগ্ৰ ৰাজ্যজুৰি দৰ্শকে উপভোগ কৰিব পাৰিব 'ৰুদ্ৰ'। মুক্তিৰ পূৰ্বেই যথেষ্ট চৰ্চা লাভ কৰা 'ৰুদ্ৰ'ত জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই মুখ্য অৰ্থাৎ 'ৰুদ্ৰ'ৰ চৰিত্ৰত অভিনয় কৰিছে। 

'ৰুদ্ৰ'ৰ কাহিনী আৰু পৰিচালনা ৰূপক গগৈৰ। প্ৰযোজনা কৰিছে ৰাজেশ কুমাৰ ম’ৰ, অ’ পি গাৰোদিয়া, অৰবিন্দ গাৰোদিয়া, গৌতম বেৰিয়া, অনুপ বেৰিয়া, মনোজ কুমাৰ কেডিয়া, ৰাজ চৌধুৰী আৰু সুজাতা চৌধুৰীয়ে। শ্যাম প্ৰডাকছনৰ বেনাৰত নিৰ্মিত এই ছবিখন এখন একশ্যন থ্ৰীলাৰ। 'ৰুদ্ৰ'ৰ একশ্যন পৰিচালকৰ দায়িত্বত আছে মণ্টু দেউৰী। ছবিখনত প্ৰখ্যাত অভিনেতা আদিল হুছেইনেও এক খুব গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। ৰুদ্ৰৰ এক বিশেষ দিশ এয়ে যে পোন প্ৰথমবাৰৰ বাবে এই ছবিখনত দৰ্শকে আদিল হুছেইন আৰু ৰবি শৰ্মাক একেলগে দেখিবলৈ পাব। ছবিখনৰ সংগীত পৰিচালনা কৰিছে দিগন্ত ভাৰতীয়ে। গীত সমূহত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, নীল আকাশ আৰু ভাস্বতী ভাৰতীয়ে। নৃত্য পৰিচালনা কৰিছে হেমেন শৰ্মা আৰু উপাসনা মহন্ত গগৈয়ে। ৰবি শৰ্মা, আদিল হুছেইনৰ লগতে ছবিখনত চেতনা দাস, মঞ্জুলা বৰুৱা, ৰাজীৱ ক্ৰ’, নন্দিনী কাশ্যপ, অৰ্শিতা আগৰৱাল, নিলোৎপল বৰুৱা, ৰাজীৱ দেউৰী, বিজিত দেৱ চৌধুৰী, হিমাংশু গগৈ, আধ্যাশ্ৰী উপাধ্যায়, অলোক নাথকে ধৰি বহু ন পুৰণি অভিনেতা-অভিনেত্ৰীয়ে।

পৰিয়ালৰ সকলো সদস্যই একলগে বহি চাব পাৰিব 'ৰুদ্ৰ'

'ৰুদ্ৰ'ৰ সন্দৰ্ভত অভিনেতা ৰবি শৰ্মাই কয়,  'এজন সৈনিকৰ জীৱনক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে 'ৰুদ্ৰ'। মই আশাবাদী, প্ৰতিগৰাকী দৰ্শকেই ছবিখন উপভোগ কৰি ভাল পাব। 'ৰুদ্ৰ'ৰ কাহিনীত আৱেগ, ৰোমাঞ্চ, একশ্যন সকলো আছে। সকলোতকৈ ডাঙৰ কথা এয়ে যে, ঘৰৰ সকলো সদস্যই একেলগে বহি এই ছবিখন উপভোগ কৰিব পাৰিব।'