ডিজিটেল ডেস্ক: ছ’চিয়েল মেডিয়াত ভাইৰেল হোৱা এটা বিশেষ ভিডিঅ’ৰ বাবে এতিয়া তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে প্ৰখ্যাত অভিনেত্ৰী ডিম্পল কাপাডিয়া। এই ভিডিঅ’টোত দেখা পোৱা মতে অভিনেত্ৰীগৰাকীয়ে কণিষ্ঠ অভিনেতা-অভিনেত্ৰীক কেন্দ্ৰ কৰি এক বিশেষ মন্তব্য কৰিছে।
আচলতে, শেহতীয়াকৈ অনুষ্ঠিত মামী মুম্বাই চলচ্চিত্ৰ মহোৎসৱত বলীউডৰ বহু নামী-দামী তাৰকাই অংশ গ্ৰহণ কৰে।ডিম্পল কাপাডিয়াও কন্যা টুইংকল খান্না আৰু জোৱাই অক্ষয় কুমাৰৰ সৈতে এই মহোৎসৱত অংশ গ্ৰহণ কৰে।এখন ছবিৰ স্ক্ৰীণিঙৰ পৰা ওলাই অহাৰ সময়তে কন্যা টুইংকলৰ সৈতে তেওঁক ৰেড কাৰ্পেটত ফটো উঠিবৰ বাবে সংবাদকৰ্মীসকলে অনুৰোধ কৰে। সেইমতে, টুইংকল খান্নায়ে ফটো উঠিবলৈ মাতৃৰ কাষলৈ আহোতেই ডিম্পল কাপাডিয়া তেওঁৰ সৈতে ফটো উঠিবলৈ অমান্তি হৈ ‘মই জুনিয়ৰৰ সৈতে ফটো নুঠো’ বুলি আঁতৰি যায়।ইয়াৰ পিছত অৱশ্যে টুইংকল খান্নায়ে স্বামী অক্ষয় কুমাৰৰ সৈতে ৰেড কাৰ্পেটত প’জ দিয়ে।
এই অদ্ভুট আচৰণৰ বাবে প্ৰখ্যাত অভিনেত্ৰীগৰাকীক ছ’চিয়েল মেডিয়াত খুব বেয়াকৈ সমালোচনা কৰা হৈছে।একাংশৰ মতে, এইদৰে তেওঁ ব্যঙ্গাত্মক মনোভাৱ প্ৰকাশ কৰিছে।আন একাংশই আকৌ ৰাজহুৱা স্থানত এই আচৰণ কোনোপধ্যেই গ্ৰহণযোগ্য হ’ব নোৱাৰে বুলি মন্তব্য কৰিছে।
Also Read: নিজৰে তুলনা দি অনুৰাগীক উৎসাহ দিলে 'বাবা নিৰালা'ই