Advertisment

আৰ্থিক দুৰৱস্থাৰ বাবে চিকিৎসাৰ পৰা বঞ্চিত অভিনেতা...

এখন হাত আৰু এখন ভৰি অকামিলা হৈ পৰিল শিল্পী অৰুণ বৰাৰ। অভিনয় কৰি উপাৰ্জন কৰা পইচাৰে পৰিয়াল পোহপাল দিয়া অভিনেতা গৰাকী হৈ পৰিল এজন নিবনুৱা। বৰ্তমান এখন সৰু দোকান দিয়েই চলিছে পৰিয়ালটো।

author-image
Asomiya Pratidin
New Update
3

ডিজিটেল সংবাদ, গোলাঘাট: এসময়ত ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চ কঁপাই আছিল ব্যক্তিজনে। অভিনয়ৰ মাজেৰে সময়ত হাজাৰ হাজাৰ দৰ্শকক হঁহুৱাইছিল, শিহৰিত কৰি তুলিছিল অগণন দৰ্শকক। বহু সময়ত তেওঁৰ অভিনয়ে কন্দুৱাইছিল দৰ্শকক।তেনে এগৰাকী বলিষ্ঠ অভিনেতাই আজি দুবেলা দুমুঠিৰ বাবে কৰিব লগীয়া হৈছে হাহাকাৰ।

Advertisment

সুদীৰ্ঘ ৩৪ বছৰ ধৰি ভ্ৰাম্যমাণৰ মঞ্চ কঁপাই থকা এইজন অভিনেতা হ'ল অৰুণ বৰা। অৰুণ বৰাৰ ঘৰ গোলাঘাট জিলাৰ শেনচোৱা গাঁৱত । ১৯৮২ চনতে ভ্ৰাম্যমানৰ মঞ্চত অভিনয় কৰিবলৈ লোৱা অৰুণ বৰা যোৱা ২০১৮ চনত  'ভাগ্যদেবী থিয়েটাৰ'ৰ মঞ্চত অভিনয় কৰি থকা অৱস্থাত হঠাৎ ঢলি পৰিছিল। সেই দুৰ্ঘটনাৰ পাছৰে পৰা সুদক্ষ অভিনেতা অৰুণ বৰাৰ জীৱনলৈ নামি আহিল ঘোৰ অমানিশা।

এখন হাত আৰু এখন ভৰি অকামিলা হৈ পৰিল শিল্পী অৰুণ বৰাৰ। অভিনয় কৰি উপাৰ্জন কৰা পইচাৰে পৰিয়াল পোহপাল দিয়া অভিনেতা গৰাকী হৈ পৰিল এজন নিবনুৱা। বৰ্তমান এখন সৰু দোকান দিয়েই চলিছে পৰিয়ালটো।

অলংকাৰ, মুকুন্দ, আৱাহন, বৰদৈচিলা, ভাগ্যদেৱীৰ দৰে আগশাৰী ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় কৰা শিল্পী জনৰ এতিয়াও থিয়েটাৰ দেখিলে অভিনয় কৰিবলৈ মন যায়। কিন্তু স্বাস্থ্যজনিত কাৰণত অভিনয় কৰিবলৈ নাপাই মনত বহুত দুখ লাগে বুলি মন্তব্য কৰে অৰুণ বৰাই।

অৰ্থৰ অভাৱত উপযুক্ত চিকিৎসা গ্ৰহণ কৰিবলৈ নোপোৱা বুলিও আক্ষেপ শিল্পীগৰাকীৰ। চিকিৎসা ব্যয় বহন কৰাটো দূৰৈৰ কথা এতিয়া দুবেলা দুসাঁজ খাবৰ বাবেও চিন্তাত কৰিব লগীয়া হৈছে শিল্পী অৰুণ বৰা।কেতিয়া উপযুক্ত চৰকাৰী সা-সুবিধা পাব অৰুণ বৰাৰ দৰে শিল্পী সকলে? 

অভিনেতা