/asomiyapratidin/media/media_files/2024/12/03/R7ePoJtjOphFvR2OPLOY.jpeg)
ডিজিটেল ডেস্ক:ব্যতিক্ৰমী ব্যক্তিত্ব, দুৰ্দান্ত অভিনয় দক্ষতা তথা সুদৰ্শন চেহেৰাৰ বাবে প্ৰায়েই চৰ্চাৰ বিষয় হৈ থাকে বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেতা ৰণবীৰ কাপুৰ। অৱশ্যে এইবাৰ আন এক বিশেষ কাৰণতহে চৰ্চাত আছে ৰণবীৰৰ নাম। হয়, অনুৰাগীক প্ৰশ্নৰ সঠিক উত্তৰ দি এতিয়া সকলোৰে পৰা প্ৰশংসা লাভ কৰিছে অভিনেতাজনে।
প্ৰকৃততে, শেহতীয়া এক অনুষ্ঠানত এজন ব্যক্তিয়ে ৰণবীৰৰ ছবি ‘এনিমেল’ আৰু ‘সঞ্জু’ৰ পৰা দৰ্শকে যি বাৰ্তা লাভ কৰিছে, সেয়া সমাজৰ বাবে উপকাৰী নহয়। ‘এনিমেল’, ‘সঞ্জু’ৰ দৰে ছবিয়ে দৰ্শকক বিপথে পৰিচালিত কৰিছে বুলি অভিনেতাজনৰ সৈতে কৰা বাৰ্তালাপত স্পষ্টকৈ উল্লেখ কৰে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰণবীৰে কয়, ‘মই আপোনাৰ মতামতৰ সৈতে সম্পূৰ্ণৰূপে সন্মত। এজন অভিনেতা হিচাপে সমাজলৈ এক ইতিবাচক পৰিৱৰ্তন অনা চিনেমা অনাটো আমাৰ দায়িত্ব। কিন্তু মই এজন অভিনেতা। বিভিন্ন শৈলী আৰু বিভিন্ন চৰিত্ৰত অভিনয় কৰি দৰ্শকক মনোৰঞ্জন কৰাটোও মোৰ অন্যতম প্ৰধান দায়িত্ব।কিন্তু আপুনি যি কৈছে সেয়া সম্পূৰ্ণ শুদ্ধ। আমি নিৰ্মাণ কৰা চিনেমাৰ প্ৰতি আমি আৰু অধিক দায়বদ্ধ হ'ব লাগিব।’ ৰণবীৰৰ এই মন্তব্যৰ ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে অনুৰাগীসকলে তেওঁক অত্যন্ত প্ৰশংসা কৰিছে। ৰণবীৰৰ স্পষ্ট কথাক ছ'চিয়েল মেডিয়াতে সকলোয়ে একেমুখে শলাগ লৈছে।
উল্লেখ্য যে, বিগত বৰ্ষত মুক্তি লাভ কৰা ‘এনিমেল’ ছবিখনে সমালোচকসকলৰ পৰা মিশ্ৰিত সমালোচনা লাভ কৰিছিল। ছবিখনত দেখুওৱা বিদ্বেষ, বিষাক্ত পুৰুষত্ব, চলচ্চিত্ৰৰ বিষয়বস্তু আৰু গ্ৰাফিক হিংসাৰ চিত্ৰণৰ বাবে সমালোচনা কৰা হৈছে। ‘এনিমেল’ হৈছে সন্দীপ ৰেড্ডী ভাঙ্গাৰ দ্বাৰা পৰিচালিত এখন একচন ড্ৰামা চলচ্চিত্ৰ। ছবিখনত ৰণবীৰ কাপুৰ, অনিল কাপুৰ, ববি দেওল, ৰশ্মিকা মান্দন্না আৰু ত্ৰিপতি ডিমৰীয়ে অভিনয় কৰিছে।
Also Read: ‘এতিয়া ঘৰলৈ উভতাৰ সময়’- চিনেমাৰ পৰা অৱসৰ ঘোষণা অভিনেতা বিক্ৰান্ত মেছিৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us