এইবাৰ শ্ৰীৰামৰ অৱতাৰ ল’ব ৰণবীৰ কাপুৰে

অদমনীয় অভিনয় তথা ব্যতিক্ৰমী ব্যক্তিত্বৰ বাবে বলীউডত ৰণবীৰ কাপুৰৰ এক সুকীয়া স্থান আছে। প্ৰতিখন ছবিতেই প্ৰদৰ্শন কৰা আকৰ্ষণীয় চেহেৰা তথা দুৰ্দান্ত অভিনয়ে অভিনেতাজনক বিশেষভাৱে চৰ্চাত ৰাখে।

author-image
Asomiya Pratidin
New Update
এইবাৰ শ্ৰীৰামৰ অৱতাৰ ল’ব ৰণবীৰ কাপুৰে

ডিজিটেল ডেস্ক: অদমনীয় অভিনয় তথা ব্যতিক্ৰমী ব্যক্তিত্বৰ বাবে বলীউডত ৰণবীৰ কাপুৰৰ এক সুকীয়া স্থান আছে। প্ৰতিখন ছবিতেই প্ৰদৰ্শন কৰা আকৰ্ষণীয় চেহেৰা তথা দুৰ্দান্ত অভিনয়ে অভিনেতাজনক বিশেষভাৱে চৰ্চাত ৰাখে।পিছে এইবাৰ অভিনয়ৰ বাবে নহয়, সাংঘাটিকভাৱে কৰা শাৰিৰীক পৰিৱৰ্তনৰ বাবেহে সম্প্ৰতি চৰ্চাত আছে ৰণবীৰৰ নাম।

Advertisment

হয়, ‘এনিমেল’ ছবিখনৰ অভূতপূৰ্ব সফলতাৰ পাছত এইবাৰ ৰণবীৰক দেখা যাব 'ৰামায়ন' ছবিখনত। য’ত তেওঁ ল’ব ৰামৰ অৱতাৰ। ৰামৰ চৰিত্ৰটো নিঁখুতভাৱে ফুটাই তুলিবলৈ এতিয়া ৰণবীৰে নিজকে সলনি কৰিছে।অভিনেতাজনৰ এই 'নতুন লুক'ৰ ফটো শেহতীয়াকৈ ছ'চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে।প্ৰকৃততে, ৰণবীৰৰ ব্যক্তিগত প্ৰশিক্ষক শিৱহামে ৰণবীৰৰ এখন ফটো শ্বেয়াৰ কৰিছে। য'ত, শিৱহামে অভিনেতাজনৰ এই শাৰীৰিক পৰিৱৰ্তনক ‘এক সুন্দৰ যাত্ৰা’ বুলি অভিহিত কৰি ‘ৰামায়ন’ৰ বাবে তেওঁ ৰণবীৰক শুভকামনা জনায়। 

উল্লেখ্য যে, মুক্তিৰ পূৰ্বেই যথেষ্ট চৰ্চা লাভ কৰা ৰামায়নত সীতাৰ চৰিত্ৰত অভিনয় কৰিছে সাই পল্লৱীয়ে।আনহাতে, লাৰা দত্তই কৈকেয়ী, ৰাকুলপ্ৰীত সিঙে সূৰ্পনখা, ছানী দেউলে হনমুান, অৰুণ গোভিলে দশৰথ আৰু ৰবী ডুবেয়ে লক্ষ্মণৰ চৰিত্ৰত অভিনয় কৰিছে।সম্প্ৰতি পূৰ্ণ গতিত দৃশ্যগ্ৰহণ চলি থকা ৰামায়ন চলিত বৰ্ষৰ শেষৰফালে ছবিগৃহলৈ আহিব।

Also Read: Alia Bhatt: আপোনাৰ-মোৰ দৰেই আলিয়া ভাটৰো প্ৰিয় দালি-ভাত