Advertisment

‘এতিয়া ঘৰলৈ উভতাৰ সময়’- চিনেমাৰ পৰা অৱসৰ ঘোষণা অভিনেতা বিক্ৰান্ত মেছিৰ

টুৱেল্ফ  ফেইল, চেক্টৰ ৩৬, সবৰমতী ৰিপ’ৰ্ট আদিৰ দৰে জনপ্ৰিয় চিনেমাত অভিনয় কৰা বিক্ৰান্ত মেছিয়ে চলচিত্ৰ জগতৰ পৰা ঘোষণা কৰিলে অৱসৰ । নিজৰ সুকীয়া অভিনয় শৈলীৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা মেচিযে অভিনয় জীৱনৰ পাতনি মেলিছিল ধাৰাবাহিকৰ জৰিয়তে ।

author-image
Asomiya Pratidin
New Update
Vikrant

ডিজিটেল ডেস্কঃ   টুৱেল্ফ  ফেইল, চেক্টৰ ৩৬, সবৰমতী ৰিপৰ্ট আদিৰ দৰে জনপ্ৰিয় চিনেমাত অভিনয় কৰা বিক্ৰান্ত মেছিয়ে চলচিত্ৰ জগতৰ পৰা ঘোষণা কৰিলে অৱসৰ । নিজৰ সুকীয়া অভিনয় শৈলীৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা মেচিযে অভিনয় জীৱনৰ পাতনি মেলিছিল ধাৰাবাহিকৰ জৰিয়তে ।

Advertisment

 কম দিনৰ ভিতৰতে জনপ্ৰিয়তাৰ শীৰ্ষত অধিষ্ঠিত হোৱা মেছিৰ টুৱেল্ফ  ফেইল চলচিত্ৰখনে সকলো ধৰণৰ দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল । নিজৰ ইষ্টাগ্ৰাম একাউণ্টত অৱসৰৰ কথা ঘোষণা কৰে অভিনেতা গৰাকীয়ে । তেওঁ লগতে কয় যে শেহতীয়া দুখন ছবিত দৰ্শকৰ সমাদাৰে তেওঁক যথেষ্ট আনন্দিত কৰি তুলিছিল ।

২০২৫ চনত শেষবাৰৰ বাবে ৰূপালী পৰ্দাত নিজকে দেখা যাব বুলিও উল্লেখ কৰে ইনষ্টাগ্ৰাম বাৰ্তাত । তেওঁৰ এই বাৰ্তাৰ পিছতেই অনুৰাগীসকলে তেওঁক এই সিদ্ধান্ত সলনি কৰিবলৈ সামাজিক মাধ্যমত অনুৰোধ কৰা দেখা গৈছে ।

নিজৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰাৰ স্বাৰ্থত অভিনয় জগতৰ পৰা অৱসৰ ঘোষণা কৰা বুলি উল্লেখ কৰে অভিনেতা গৰাকীয়ে  ৰিপৰ্ট অনুসৰি বৰ্তমানে তেওঁ ব্যস্ত আছে য়াৰ জিগ্ৰী আৰু আখোঁ কি গুষ্টাখিয়া নামৰ দুখন চলচিত্ৰৰ শ্বুটিঙত ।

উল্লেখযোগ্য যে তেওঁৰ সদ্যমুক্তিপ্ৰাপ্ত চলচিত্ৰ সবৰমতী ৰিপৰ্টক লৈ যথেষ্ট চৰ্চা অব্যাহত আছে । ২০০২ চনৰ গোধৰা ৰেল জ্বলাই দিয়া কাণ্ডৰ ওপৰত নিৰ্মিত চলচিত্ৰখনে দৰ্শকক আপ্ৰুত কৰিবলৈ সক্ষম হৈছে । অভিনয় জগতৰ পৰা অৱসৰ ঘোষণাৰ চৰ্চা অব্যাহত থকাৰ মাজতে আন এক খবৰে পুনৰ বিক্ৰান্ত মেছিক চৰ্চাৰ মাজলৈ আনিছে ।

সোমবাৰে বিয়লি ৪ বজাত সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উপভোগ কৰিব বিক্ৰান্ত মেছি অভিনীত সবৰমতী ৰিপৰ্ট । ২০০২ চনৰ গোধৰা কাণ্ডৰ সময়ত গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল বৰ্তমানৰ প্ৰধানমন্ত্ৰী গৰাকী ।  সেয়েহে এই চলচিত্ৰখনে স্বাভাৱিকতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

এই খবৰে বিক্ৰান্ত মেছিৰ অভিনয় দক্ষতাক পুনৰ এবাৰ প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে ।  সেয়া যি নহওঁক বিক্ৰান্ত মেছিযে ৩৭ বছৰ বসয়তে চলচিত্ৰৰ পৰা অৱসৰ ঘোষণা কৰা খবৰে অনুৰাগীসকলক শোকাকুল কৰি তুলিছে ।

 

bollywood