/asomiyapratidin/media/media_files/2025/05/28/F0fCfMCJsI3Rke5erP27.jpg)
ডিজিটেল ডেস্ক: 'খিচিৰি যদি মই দুই-তিনিদিনলৈ নোখোৱাকৈ থাকো। তেন্তে মই আন খাদ্য শান্তিৰে খাব নোৱাৰো। খিচিৰি অবিহনে মোৰ জীৱন অনৰ্থক।' এই মন্তব্য কাপুৰ পৰিয়ালৰ অন্যতম সুন্দৰী অভিনেত্ৰী কৰীণা কাপুৰ খানৰ। কেইদিনমান পূৰ্বে পুষ্টিবিদ ৰুজুতা দিৱেকাৰৰ ‘দ্য কমনচেন্স ডায়েট’ নামৰ কিতাপখন উন্মোচন কৰি এই মন্তব্য কৰে ৪৪ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে।
এই অনুষ্ঠানত বলীউডৰ 'ডিভা' কৰীনা কাপুৰ খানে অনুৰাগীক 'ফিট' হৈ থাকিবলৈ কিছু টিপছ দিছে। তেওঁ কয়, 'মই সদায় ফিট হৈ থাকিবলৈ বিচাৰো, যাতে বয়স বৃদ্ধিৰ লগে লগে অহা প্ৰতিটো সমস্যাৰ সন্মুখীন হ’ব পাৰো। যিমান পাৰো সিমান দিন কাম কৰি পাৰিবাৰিক জীৱন উপভোগ কৰিম। বয়স মাত্ৰ এটা সংখ্যাহে। ৭০,৭৫ বছৰ বয়সতো মই শ্বুটিঙলৈ যাম। মই গোটেই জীৱন কাম কৰি থাকিবলৈ বিচাৰো। স্বাস্থ্যকৰ খাদ্য, ব্যায়াম আৰু যোগাসনে আমাৰ জীৱনটোক খুব বেছিকৈ প্ৰভাৱিত কৰে। মই ঘিউ খাই ভাল পাওঁ, খিচিৰি খাওঁ। খিচিৰিয়ে শৰীৰক শক্তি দিয়ে। খিৰিচে অবিহনে মই জীয়াই থাকিব নোৱাৰো। দৈনিক অলপ খোজ কাঢ়ো, সূৰ্য্য নমস্কাৰ কৰো। এইখিনি কৰিলে ছালৰ চিকিৎসা আৰু বটক্সৰ নামত আপোনালোকে টকা খৰচ কৰিব নালাগে।'
অভিনেত্ৰীগৰাকীয়ে লগতে কয় যে, তেওঁৰ ছবিৰ সংলাপৰ দৰেই তেওঁ নিজকে বহুত ভাল পায়। এইটোৱেই একমাত্ৰ উপায়, যিয়ে এগৰাকী মহিলাক ভিতৰৰ পৰা সজীৱ কৰি ৰাখে। প্ৰতিগৰাকী মহিলাই নিজৰ জীৱনটো এইদৰেই কটাব লাগে। কাৰণ আত্মবিশ্বাসেই সকলো। আপুনি নিজক বিশ্বাস কৰিলেহে পাছত আনে আপোনাক বিশ্বাস কৰিব।'