গৰ্ভৱতী ৰাখী ছাৱন্ত ! 'ৰাখী ছাৱন্ত ফাতিমা' হ’ল ৰাখীৰ নতুন নাম

বিবাহপাশত আৰম্ভ হ’ল বহু বিতৰ্কিত অভিনেত্ৰী ৰাখী ছাৱন্ত।শেহতীয়াকৈ ছ’ছিয়েল মেডিয়াত ৰাখীয়ে শ্বেয়াৰ কৰা বিয়াৰ কেইখনমান ফটোয়ে এতিয়া দেশ তোলপাৰ লগাইছে। ।

author-image
Asomiya Pratidin
New Update
গৰ্ভৱতী ৰাখী ছাৱন্ত ! 'ৰাখী ছাৱন্ত ফাতিমা' হ’ল ৰাখীৰ নতুন নাম

ডিজিটেল ডেস্ক: বিবাহপাশত আৰম্ভ হ’ল বহু বিতৰ্কিত অভিনেত্ৰী ৰাখী ছাৱন্ত।শেহতীয়াকৈ ছ’ছিয়েল মেডিয়াত ৰাখীয়ে শ্বেয়াৰ কৰা বিয়াৰ কেইখনমান ফটোয়ে এতিয়া দেশ তোলপাৰ লগাইছে। হয়, দীৰ্ঘদিনীয়া প্ৰেমিক আদিল খান দুৰানীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছে ৰাখী।আদিল আৰু ৰাখী ইছলামিক ৰীতি-নীতি অনুসৰি ‘নিকাহ’ কৰিছে। তেওঁলোকৰ 'নিকাহ নামা' (বিবাহৰ প্ৰমাণপত্ৰ)ৰ লগতে নিকাহৰ আন বহুকেইখন ফটো ছ’চিয়েল মিডিয়াত ৰাখীয়ে নিজেই শ্বেয়াৰ কৰিছে।

Advertisment

বিবাহ পাশত আবদ্ধ হৈ এতিয়া ৰাখী হৈ পৰিছে ৰাখী ছাৱন্ত ফাতিমা। প্ৰকৃততে ৰাখী আৰু আদিলৰ ‘নিকাহ’ ২০২২ চনৰ ২৯ মে’ মাহতে সম্পন্ন হৈছিল।এই বিষয়ে স্পষ্ট কৰি ফটোৰ ‘কেপশ্যন’ত ৰাখীয়ে লিখিছে, ‘অৱশেষত…. মই বহুত সুখী যে মই সাত মাহৰ পিছত মোৰ বিবাহৰ বিষয়ে ৰাজহুৱাকৈ প্ৰকাশ কৰিব পাৰিছো।’

Also Read: ন’ৰা- আৰ্য়নৰ ঘনিষ্ঠ মূহুৰ্তৰ ফটো ভাইৰেল

উল্লেখ্য, ৰাখীৰ অনুৰাগী হিচাপে আত্মপ্ৰকাশ কৰি পাছত তেওঁৰ প্ৰেমত পৰিছিল আদিল।আদিল পেছাত এগৰাকী ব্যৱসায়ী। প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠাৰ পাছত আদিল-ৰাখীক প্ৰায়ে ৰাজহুৱা স্থানত একেলগে দেখিবলৈ পোৱা গৈছিল। ৰাখীয়েও সঘনাই তেওঁলোক দুয়োৰে ফটো ছ’ছিয়েল মেডিয়াত শ্বেয়াৰ কৰি অনুৰাগীৰ দৃষ্টি আকৰ্ষিত কৰি আহিছিল। 

আনহাতে, আন এক খবৰ অনুসৰি ৰাখী সম্প্ৰতি গৰ্ভৱতী।যাৰ বাবে তেওঁ ততাতৈয়াকৈ বিয়াৰ খবৰ ৰাজহুৱা কৰিছে।এই সন্দৰ্ভত অৱশ্যে দম্পতীহালৰ এজনেও বৰ্তমানলৈ স্পষ্ট মত প্ৰকাশ কৰা নাই।এই সমগ্ৰ বিষয়টোক লৈ এতিয়া অনুৰাগীসকলৰ মাজত গুজৱ উঠাও পৰিলক্ষিত হৈছে।ৰাখীৰ বিয়াৰ খবৰ চৌদিশে প্ৰকাশ হোৱাৰ পাছতে বলীউডৰ বহু নামী-দামী তাৰকাৰ পৰা সাধাৰণ অনুৰাগীয়ে অভিনেত্ৰীগৰাকীক শুভেচ্ছা জ্ঞাপন কৰি বৈবাহিক জীৱন সুখী হোৱাৰ কামনা কৰিছে। 

Also Read: নিজৰ কাপোৰ নিজেই চিলাই পিন্ধে উৰ্ফী জাভেদে

বিগত বৰ্ষত স্বামী ৰীতেশ ৰাজৰ লগত বিবাহ বিচ্ছেদ হোৱাৰ পাছতেই আদিলৰ সৈতে প্ৰেম হৈছিল অভিনেত্ৰীগৰাকীৰ।ৰাখী আৰু ৰিতেশক একেলগে ছলমান খানৰ বহু চৰ্চিত ৰিয়েলিটি শ্ব' ‘বিগ বছ ১৫’ত একেলগে দেখা গৈছিল।

bollywood actress bollywood rakhi sawant