ন’ৰা- আৰ্য়নৰ ঘনিষ্ঠ মূহুৰ্তৰ ফটো ভাইৰেল

ন’ৰা ফাতেহী হ’ব শ্বাহৰুখ খানৰ বোৱাৰী

author-image
asomiyapratidin
New Update
ন’ৰা- আৰ্য়নৰ ঘনিষ্ঠ মূহুৰ্তৰ ফটো ভাইৰেল

ডিজিটেল ডেস্ক:  দৈনন্দিন জীৱনৰ কৰ্ম কাণ্ডৰ বাবে প্ৰায়েই চৰ্চাৰ শীৰ্ষত থাকে শ্বাহৰুখ খানৰ পুত্ৰ আৰ্যন খান। এইবাৰ এক সম্পৰ্কৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে এইগৰাকী ‘ষ্টাৰ কিড’য়ে। হয়, বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী নৰা ফাতেহীৰ লগত থকা সম্পৰ্কৰ বিষয়ে ৰাজহুৱা হোৱাৰ পাছতে এতিয়া চৰ্চাৰ শীৰ্ষত আৰ্য়ন।

Advertisment

হয়, আৰ্যন আৰু ন’ৰা নতুন বছৰ উদযাপনৰ বাবে সম্প্ৰতি ডুবাইত আছে। তেওঁলোকে কটোৱা ঘনিষ্ঠ মূহুৰ্তৰ ফটো ছ’ছিয়েল মেডিয়াত ভাইৰেল হোৱাৰ পাছতে অনুৰাগীৰ মাজত তুমুল চৰ্চা আৰম্ভ হৈছে। 

উল্লেখ্য যে, শেহতীয়াকৈ ‘বলীউডৰ কিং’ শ্বাহৰুখ খান আৰু গৌৰী খানৰ পুত্ৰ আৰ্য়ন খানে  ছ’ছিয়েল মেডিয়া যোগে বলীউডত প্ৰৱেশ কৰাৰ খবৰ নিজে ৰাজহুৱা কৰিছে। তেওঁৰ ‘ইনষ্টাগ্ৰাম আপডেট’ অনুসৰি, আৰ্য়নে তেওঁৰ প্ৰথম প্ৰকল্পৰ লেখনি সম্পূৰ্ণ কৰিছে।তেওঁ পৰিচালক আৰু লেখক হিচাপে বলীউডত আত্মপ্ৰকাশ কৰিব।আনহাতে, তেওঁৰ এই প্ৰথম কামটোৰ প্ৰযোজনা 'ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট'ৰ অৰ্থাৎ তেওঁৰ পিতৃ শ্বাহৰুখ খানৰ।

আৰ্য়নে তেওঁৰ ‘ইনষ্টাগ্ৰাম’ত অলপতে এখন ‘স্ক্ৰিপ্ট’ আৰু এখন ‘ক্লেপবোৰ্ড’ৰ ফটো ‘শ্বেয়াৰ’ কৰিছে য'ত 'ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট' লেখা আছে।ফটোৰ  শিৰোনামটোত লেখা আছে, ‘লেখনিৰ সৈতে মেৰিয়াই থোৱা... একচন ক'বলৈ অপেক্ষা কৰিব নোৱাৰি।’

আৰ্য়নৰ এই ঘোষণা লগে লগে তেওঁৰ গৌৰৱান্বিত পিতৃ-মাতৃ শ্বাহৰুখ খান আৰু গৌৰী খানে ছ’ছিয়েল মেডিয়াতে আৰ্য়নক প্ৰশংসা কৰি তেওঁক শুভকামনা জনাইছে।তেওঁলোকৰ লগতে বি টাউনৰ বহু নামী-দামী তাৰকাইও আৰ্য়নক শুভকামনা জনায়।

সুন্দৰ চেহেৰা তথা ব্যতিক্ৰমী ব্যক্তিত্বৰ বাবে প্ৰায়েই চৰ্চাত থাকে আৰ্য়ন খান।বিশেষকৈ বন্ধুৰ লগত পাৰ্টীৰ অনুষ্ঠানবোৰত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ থাকে আৰ্য়ন।আৰ্য়ন শ্বাহৰুখ খানৰ বিভিন্ন ব্যৱসায়িক প্ৰকল্পতো সক্ৰিয়ভাৱে জড়িত। বিগত বছৰৰ আৰম্ভণিতে সুহানা খানৰ সৈতে ডুবাইত আন্তৰ্জাতিক লীগ টি-২০ ট্ৰফীৰ মুকলি অনুষ্ঠানতো অংশগ্ৰহণ কৰিছিল আৰ্য়নে।

Also Read: একে সময়তে চাৰিখন কী ব’ৰ্ড বজাব পাৰে এ আৰ ৰহমানে

অৱশ্যে, আৰ্য়ন আৰু একেলগে কোনো ফটো প্ৰকাশ কৰা হোৱা নাই যদিও দুযোজনৰে ফটো উঠা ঠাই একেখিনিয়ে। যাৰ বাবে অনুৰাগীসকলে তেওঁলোকে একেলগে থকা বুলি অনুমান কৰি চৰ্চা আৰম্ভ কৰিছে।

nora fatehi aryan khan