/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/c0fc64e9-01b0-49e4-a02f-174a85107240/AP_FOR_WEB_urfi.jpg)
ডিজিটেল ডেস্ক: উৰ্ফী জাভেদ, সুকীয়া ব্যক্তিত্বৰ বাবে খুব কম দিনৰ ভিতৰতে খুবেই জনপ্ৰিয় হৈ পৰিল বলীউডৰ এইগৰাকী মডেল তথা অভিনেত্ৰী।বিশেষকৈ তেওঁ পৰিধান কৰা কাপোৰৰ ডিজাইনৰ বাবে সকলো সময়তে চৰ্চাৰ কেন্দ্ৰত থাকে উৰ্ফী।কেৱল সেয়াই নহয়, কাকো খাতিৰ নকৰি তেওঁ কোৱা চিধা-চিধি কথাৰ বাবেও সকলো সময়তে সমালোচনাত থাকে এইগৰাকী অভিনেত্ৰী। এক কথাত ক’বলৈ গ’লে, বলীউডৰ আগশাৰীৰ অভিনেত্ৰীৰ সমান্তৰালকৈ ব্যতিক্ৰমী কৰ্ম-কাণ্ডৰ বাবে প্ৰায় প্ৰতিদিনেই দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰে উৰ্ফী জাভেদে।
উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ এটা মুছলমান পৰিয়ালত ১৯৯৭ চনৰ ১৫ অক্টোবৰত উৰ্ফীৰ জন্ম হয়। লক্ষ্ণৌৰ চিটি মণ্টেছৰী স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰা উৰ্ফীয়ে লক্ষ্ণৌৰ এমিটি বিশ্ববিদ্যালয়ৰ পৰা গণ সংযোগত স্নাতক ডিগ্ৰী লাভ কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/b61ca025-d71a-4007-98f9-6ac29177141f/urfijaved.jpg)
২০১৬ চনত উৰ্ফী জাভেদে ‘ছনী টিভি’ৰ ‘বৰে ভাইয়া কি দুলহানিয়া’ত অভিনয় কৰি দেশবাসীৰ মাজত চিনাকি হৈ পৰে।ইয়াৰ পাছত অভিনেত্ৰীগৰাকীয়ে ‘ষ্টাৰ প্লাছ’ৰ ‘চন্দ্ৰ নন্দিনী’ত ছায়াৰ চৰিত্ৰত আৰু ‘মেৰী দুৰ্গা’ ধাৰাবাহিকত আৰতিৰ চৰিত্ৰত অভিনয় কৰে।
‘সাত ফেৰো কি হেৰা ফেৰী’, ‘বেপন্নাহ’, ‘জিজি মা’, ‘দায়ন’, ‘এ মেৰে হমছফৰ’ আদি হৈছে উৰ্ফী অভিনীত আন কেইখনমান জনপ্ৰিয় হিন্দী ধাৰাবাহিক। আনহাতে, ২০২০ চনত তেওঁ শিৱানী ভাটিয়া হিচাপে টেলিভিছনৰ খুবেই জনপ্ৰিয় ধাৰাবাহিক ‘য়ে ৰিস্তা ক্যা কেহলাতা হে’ত যোগদান কৰে। ইয়াৰ পাছত তেওঁ ‘কসৌটি জিন্দেগী কী’ত তানিশা চক্ৰৱৰ্তীৰ চৰিত্ৰত অভিনয় কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/15c6e2a4-f5af-4743-84fc-919522933394/urfi222.jpg)
উৰ্ফীয়ে ৰিয়েলিটি শ্ব' ‘বিগ বছ অ'টিটি’তো অংশগ্ৰহণ কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।তেওঁ বহুকেইটা সংগীত ভিডিঅ’টো ইতিমধ্যে কাম কৰিছে।উৰ্ফীয়ে এমটিভি ইণ্ডিয়াৰ ৰিয়েলিটি শ্ব' ‘এমটিভি স্প্লিটচভিলা এক্স ৪’ত অংশগ্ৰহণ কৰিছিল।
সম্পৰ্কৰ বাবেও প্ৰায়ে লাইমলাইটত থাকে এইগৰাকী অভিনেত্ৰী। ঘনাই বহুতৰে লগত নাম সাঙোৰ খায় উৰ্ফী জাভেদৰ।তেওঁৰ ‘মেৰী দুৰ্গা’ৰ সহ অভিনেতা পাৰস কালনাৱতৰ সৈতে দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক আছিল যদিও ২০১৮ চনত দুয়োৰে বিচ্ছেদ হয়।
ছ’ছিয়েল মেডিয়াতো খুব সক্ৰিয় উৰ্ফী। বহু অনুৰাগীক তেওঁ বহু প্ৰশ্নৰ উত্তৰ নিজে দিয়ে।বিশেষকৈ অনুৰাগীসকলে তেওঁ পিন্ধা কাপোৰৰ বাবে তেওঁক সীমাহীন সমালোচনা কৰি বহু প্ৰশ্ন উত্থাপন কৰে।এগৰাকী অনুৰাগীৰ প্ৰশ্নৰ উত্তৰত উৰ্ফীয়ে তেওঁৰ ব্যতিক্ৰমী সাজ-পাৰ নিজে তৈয়াৰ কৰে বুলিও জানিবলৈ দিয়ে।যিমানেই সমালোচনাৰ সন্মুখীন নহওঁক কিয়, বৰ্তমানলৈ সকলো সমালোচনাৰ উচিত উত্তৰ দি আহিছে অভিনেত্ৰীগৰাকীয়ে।
Also Read: ন’ৰা- আৰ্য়নৰ ঘনিষ্ঠ মূহুৰ্তৰ ফটো ভাইৰেল