নতুন আলহীক আদৰিবলৈ সাজু বিকি-কেটৰিনা

সদায় নতুন নতুন খবৰৰ বাবে চৰ্চাৰ শীৰ্ষত থাকে ‘বি টাউন’ৰ জনপ্ৰিয় তাৰকাসকল।মনোৰঞ্জনৰ সমান্তৰালকৈ প্ৰেম, বিবাহ, বিচ্ছেদ আদি বিষয়ৰে প্ৰায় সকলো সময়তে এই তাৰকাসকলে বিশেষভাৱে অনুৰাগীক আকৰ্ষিত কৰি ৰাখে।এইবাৰ এক বিশেষ খবৰৰ বাবে চৰ্চালৈ আহিছে তাৰকা অভিনেত্ৰী কেটৰিনা কাইফ

author-image
Asomiya Pratidin
New Update
নতুন আলহীক আদৰিবলৈ সাজু বিকি-কেটৰিনা

ডিজিটেল ডেস্ক: সদায় নতুন নতুন খবৰৰ বাবে চৰ্চাৰ শীৰ্ষত থাকে ‘বি টাউন’ৰ জনপ্ৰিয় তাৰকাসকল।মনোৰঞ্জনৰ সমান্তৰালকৈ প্ৰেম, বিবাহ, বিচ্ছেদ আদি বিষয়ৰে প্ৰায় সকলো সময়তে এই তাৰকাসকলে বিশেষভাৱে অনুৰাগীক আকৰ্ষিত কৰি ৰাখে।এইবাৰ এক বিশেষ খবৰৰ বাবে চৰ্চালৈ আহিছে তাৰকা অভিনেত্ৰী কেটৰিনা কাইফ।হয়, খবৰ অনুসৰি আগন্তুক বৰ্ষত মাতৃত্বৰ সুখ অৰ্জন কৰিব কেটৰিনাই।

Advertisment

অতুলনীয় সৌন্দৰ্য আৰু সুকীয়া ব্যক্তিত্বৰে দৰ্শকক মোহিত কৰা কেটৰিনা বলীউডৰ আগশাৰীৰ ‘কৌশল পৰিয়াল’ৰ বোৱাৰী।এইগৰাকী অভিনেত্ৰী বিগত বৰ্ষৰ ৯ ডিচেম্বৰত ‘ষ্টান্ট এক্টৰ’ শ্বাম কৌশলৰ জ্যেষ্ঠ পুত্ৰ তথা অভিনেতা বিকি কৌশলৰ লগত বিবাহপাশত আবদ্ধ হৈছিল। 

এই সমগ্ৰ বিষয়টো সন্দৰ্ভত বৰ্তমানেও কেটৰিনা তথা বিকিয়ে অনুৰাগীক স্পষ্টকৈ জানিবলৈ দিয়া নাই। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে ছ’ছিয়েল মেডিয়াত ‘শ্বেয়াৰ’ কৰা এখন ফটোৰ আঁত ধৰিহে দেশবাসীয়ে কেটৰিনা গৰ্ভৱতী বুলি সন্দেহ প্ৰকাশ কৰিছে। বহু অনুৰাগীয়ে ইতিমধ্যে কেটৰিনাক শুভকামনাও জনাইছে।

উল্লেখ্য যে, কেটৰিনা কাইফ আৰু বিকি কৌশলে পৰিয়ালৰ সৈতে খ্ৰীষ্টমাছ উদযাপন কৰা ফটো ছ’ছিয়েল মেডিয়াত শ্বেয়াৰ কৰিছে। য’ত তেওঁলোকৰ লগত ছবি উদ্যোগটোৰ তেওঁলোকৰ অতি ঘনিষ্ঠ বন্ধুসকলকো দেখা গৈছে। ইয়াৰে এখন ফটোত কেটৰিনাক বিকি, বিকিৰ পিতৃ শ্বাম কৌশল আৰু মাতৃ বীণা কৌশল, ভাতৃ ছানী কৌশল আৰু অভিনেত্ৰীগৰাকীৰ ভগ্নী ইছাবেল কাইফৰ সৈতে দেখা গৈছে। পৰিয়ালৰ এই ফটোখনত কেটৰিনাই নিজৰ পেটটো ঢাকি ৰাখিছে, যাৰ বাবে অনুৰাগীসকলে তেওঁ গৰ্ভৱতী বুলি সন্দেহ প্ৰকাশ কৰিছে।

Also Read: ‘কণী কেনেকৈ ভাঙে তাক শিকিবলৈ মোক ৭ দিন সময় লাগিছিল’

ইফালে, নেহা ধুপিয়াই ‘প’ষ্ট’ কৰা এখন ফটোতো কেটৰিনাই নিজৰ পেট লুকুৱাই ৰাখিছে।নেহাৰ এই ফটোখনৰ দেখাৰ পাছত অনুৰাগীসকল একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে যে তেওঁলোকৰ প্ৰিয় অভিনেত্ৰীগৰাকীৰ শীঘ্ৰেই কোলা শুৱনি হ’ব।ইয়াৰ পাছৰে পৰা সীমাহীন অনুৰাগীয়ে কেটৰিনা আৰু বিকিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে বহু উপদেশ দি ‘কমেন্ট বস্ক’ ভৰাই দিয়ে। পিছে অনুৰাগীৰ এই সন্দেহ কিমান দূৰ সঁচা হয়, সেয়া অৱশ্যে সময়েহে ক’ব। 

Also Read: আপুনিও পঢ়ক বাৰাক ওবামাই পঢ়া কিতাপ কেইখন

bollywood breaking news bollywood actress