‘কণী কেনেকৈ ভাঙে তাক শিকিবলৈ মোক ৭ দিন সময় লাগিছিল’

‘কণী কেনেকৈ ভাঙে তাক শিকিবলৈ মোক ৭ দিন সময় লাগিছিল’

ডিজিটেল ডেস্ক: দেশবাসীৰ অতিকৈ আপোন তথা বলীউডৰ সবাতোকৈ জনপ্ৰিয় অভিনেতা অমিতাভ বচ্চনে একেবাৰেই ৰান্ধিব নাজানে। মেগাষ্টাৰজনে এই বিষয়ে নিজেই ৰাজহুৱা কৰিছে।তেওঁৰ স্বীকাৰোক্তি মতে, তেওঁ কেৱল পানী উতলাব পাৰে।

হয়, টেলিভিছনৰ সবাতোকৈ চৰ্চিত কুইজ শ্ব’ ‘কৌন বনেগা কৰৌৰপতি’ত এই সমগ্ৰ বিষয়টো পোহৰলৈ আহিছে।শ্ব’টোৰ শেহতীয়া এটা খণ্ডত তেওঁ স্বীকাৰ কৰে যে তেওঁ কোনোমতে গৰম পানী কৰিব পাৰে।আনহাতে, কণী এটা কেনেদৰে ভাঙিব লাগে সেয়া শিকিবলৈ তেওঁক সময় লাগিছিল সম্পূৰ্ণ সাত দিন।উল্লেখ্য, সেই বিশেষ খণ্ডটোত অমিতাভ বচ্চনৰ অতিথি আছিল অভিনেতা বিকি কৌশল আৰু অভিনেত্ৰী কিয়াৰা আদৱানী। তেওঁলোকৰ সৈতে হোৱা বাৰ্তালাপতে মেগাষ্টাৰজনে এই সত্য অকপটে স্বীকাৰ কৰে।

বিকি কৌশল আৰু কিয়াৰা তেওঁলোকৰ ‘ডিজনী প্লাছ হটষ্টাৰ’ত মুক্তি পোৱা ছবি ‘গোবিন্দা নাম মেৰা’ৰ প্ৰচাৰৰ বাবে ‘কৌন বনেগা কৰৌৰপতি’ৰ অতিথি আছিল। এই অনুষ্ঠানতে অমিতাভে  কিয়াৰা আৰু বিকিক তেওঁলোকে ৰান্ধিব জানে নে নাই প্ৰশ্ন কৰিছিল।ইয়াৰ উত্তৰত কিয়াৰাই ৰান্ধিব জানে বুলি কোৱাৰ বিপৰীতে বিকিয়ে স্বীকাৰ কৰে যে তেওঁ কেৱল চাহ বনাব পাৰে।

‘কণী কেনেকৈ ভাঙে তাক শিকিবলৈ মোক ৭ দিন সময় লাগিছিল’
‘আত্মহত্যাৰ ৰোগ’ত আক্ৰান্ত আপোনাৰ প্ৰিয় অভিনেতা ছলমান খান

এই কথা প্ৰসংগত ‘বিগ বি’য়ে কয় যে, বিকি আৰু তেওঁ একে নাৱঁৰে যাত্ৰী।তেওঁ লগতে উল্লেখ কৰে য়ে, ‘তুমিতো চাহ বনাব পাৰা, মই কেৱল পানী উতলাব পাৰো।মই এবাৰ বিদেশলৈ গৈছিলো য’ত মই অকলে থাকিব লগীয়া হৈছিল। সেই সময়ত মই কণী ৰান্ধিবলৈ শিকিছিলো। কণীটো কেনেকৈ সঠিকভাৱে ভাঙিব লাগে তাক শিকিবলৈ মোক মুঠতে সাত দিন সময় লাগিছিল।’

উল্লেখ্য, ‘কৌন বনেগা কৰৌৰপতি’ৰ বৰ্তমান এই চিজনৰ অন্তিম সপ্তাহত চলি আছে।দৰ্শকে আৰু টি ভি স্ক্ৰীণত দেখিবলৈ নাপাব ‘কৌন বনেগা কৰৌৰপতি’ অৰ্থাৎ ‘কে বি চি’ৰ অন্যতম পৰিচয় ‘বিগ বি’ক।অমিতাভ বচ্চনে ইতিমধ্যে  ‘কে বি চি- ১৪’ৰ শ্বুটিং সামৰণি মাৰিলে।এই বিষয়ে নিজেই ছ’ছিয়েল মেডিয়া যোগে ৰাজহুৱা কৰিছে অভিনেতাজনে।তেওঁ উল্লেখ কৰা মতে, ‘আমি অতি শীঘ্ৰেই পুনৰ লগ পাম।এই মূহুৰ্তত মোৰ বহুত কথায়েই মনত পৰিছে।আপোনালোকে মোক যি দিছে, তাৰ বাবে মই চিৰকৃতজ্ঞ।পুনৰ লগ নোপোৱালৈকে সকলো ভালে থাকক’। ইয়াৰ লগতে ‘বিগ বি’য়ে তেওঁৰ শ্বুটিঙৰ অন্তিম দিনৰ বহু ফটো অনুৰাগীৰ মাজত ‘শ্বেয়াৰ’ কৰিছে।

‘কণী কেনেকৈ ভাঙে তাক শিকিবলৈ মোক ৭ দিন সময় লাগিছিল’
পৰম্পৰা অব্যাহত! বলীউডলৈ ‘ষ্টাৰ কিড’ৰ সোঁত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in