আপুনিও পঢ়ক বাৰাক ওবামাই পঢ়া কিতাপ কেইখন

আপুনিও পঢ়ক বাৰাক ওবামাই পঢ়া কিতাপ কেইখন

ডিজিটেল ডেস্ক: বাৰাক ওবামা, নামেই যাৰ পৰিচয়।ব্যতিক্ৰমী ব্যক্তিত্বৰ গৰাকী আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ওবামা নি:সন্দেহে বিশ্বৰ প্ৰতিজন নাগৰিকৰে অন্যতম প্ৰিয় ব্যক্তি।সাধাৰণ জনতাৰ সৈতে তেওঁ স্থাপন কৰা সম্পৰ্কৰ বাবে প্ৰায় সকলো সময়তে তেওঁ চৰ্চাত থাকে।এইগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতিয়ে বছৰৰ শেষত তেওঁ বছৰটোত তেওঁ কি কিতাপ পঢ়িলে, কি সংগীত শুনিলে তথা কি ছবি উপভোগ কৰিলে সেয়া অনুৰাগীসকলৰ উদ্দ্যেশি ৰাজহুৱা কৰে।এই বছৰো ইয়াৰ ব্যতিক্ৰম নহয়।ওবামাই ছ'চিয়েল মিডিয়াত ২০২২ চনত তেওঁক সংগ দিয়া তেওঁৰ প্ৰিয় কিতাপসমূহৰ তালিকা উল্লেখ কৰিছে। তেওঁ লিখিছে, ‘এই বছৰত মই পঢ়া আৰু উপভোগ কৰা কেইখনমান কিতাপৰ বিষয়ে ইয়াত উল্লেখ কৰিছো। ২০২৩ চনত মই কোনবোৰ কিতাপ পঢ়া উচিত আপোনালোকে মোক জনাব।’

আপুনিও নিশ্চিয় জানিবলৈ ইচ্ছুক যে, এই মহান ব্যক্তিজনে কেনেধৰণৰ কিতাপ পঢ়ে। আপোনাৰ সুবিধাৰ্থে এই বছৰটোত ওবামাই পঢ়া কিতাপৰ তালিকাখন তলত উল্লেখ কৰা হ’ল-

দ্য লাইট উই কেৰী

৬১ বছৰীয়া ওবামাই এই বছৰটোত পঢ়া কিতাপৰ তালিকাত অন্তৰ্ভূক্ত আছে তেওঁৰ পত্নী মিচেল ওবামাৰ শেহতীয়া গ্ৰন্থ 'দ্য লাইট উই কেৰী'। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন প্ৰথম মহিলাগৰাকীয়ে তেওঁৰ এই কিতাপখনত মাতৃ, কন্যা, বন্ধু তথা পত্নী হিচাপে এগৰাকী মহিলাই অনিশ্চিত সময়ত কিদৰে কাৰোবোৰ জীৱন ৰক্ষাত সহায়ক হব পাৰে, তাক সৰলভাৱে বৰ্ণনা কৰিছে।

চি অফ ট্ৰেংকুইলিটি

এই বছৰ ওবামাৰ দ্বিতীয় প্ৰিয় কিতাপ আছিল এমিলি ছেইণ্ট জন মেণ্ডেলৰ 'চি অফ ট্ৰেংকুইলিটি'।এই বছৰতে প্ৰকাশিত কানাডিয়ান লেখকজনৰ এই উপন্যাসখনৰ বিষয়বস্তু হৈছে শতিকা আৰু মহাকাশজুৰি মানৱতাৰ কাহিনী, কিয়নো ১৯১২ চনত ভেঙ্কুভাৰ দ্বীপৰ পৰা লেখকে পাঠকক তিনিশ বছৰ পিছত চন্দ্ৰৰ এক অন্ধকাৰ উপনিবেশলৈ লৈ যাবলৈ সক্ষম হৈছে।

ট্ৰাষ্ট

ওবামাৰ আন এখন অন্যতম পছন্দৰ কিতাপ হাৰনান ডিয়াজৰ 'ট্ৰাষ্ট'। বুকাৰ বঁটা ২০২২-ৰ বাবে দীৰ্ঘদিনধৰি তালিকাভুক্ত হৈ থকা এই কিতাপখনৰ বিষয়বস্তু ধন, শক্তি আৰু অন্তৰংগতা। 

আপুনিও পঢ়ক বাৰাক ওবামাই পঢ়া কিতাপ কেইখন
গুগলে ট্ৰেফিকৰ আগজাননী কেনেকৈ লাভ কৰে আপুনিও জানি থওঁক

দ্য ৰিভলিউচনৰী: চেমুৱেল এডামছ

এই বছৰত ওবামাই পঢ়া আন এখন কিতাপ হৈছে ষ্টেচী শ্বিফৰ 'দ্য ৰিভলিউচনৰী: চেমুৱেল এডামছ'।এই বছৰতে প্ৰকাশিত এই কিতাপখন আমেৰিকান বিপ্লৱ কৰ্মী, ৰাজনীতিবিদ তথা দেশপ্ৰেমী চেমুৱেল এডামছৰ জীৱনী।

দ্য ফুৰ'জ: এ নভেল

নামৱালী চাৰ্পেলৰ 'দ্য ফুৰ'জ: এ নভেল' ওবামাৰ তালিকাত অন্তৰ্ভুক্ত আন এখন গ্ৰন্থ। এই গ্ৰন্থখনত ভাই-ভনী আৰু সম্পৰ্কৰ এক সুন্দৰ কাহিনী লিপিবদ্ধ কৰা হৈছে।

চাউথ টু আমেৰিকা: এ জাৰ্নি বিলো দ্য মেছন-ডিক্সন টু আন্টিং দা ছ'ল অফ এ নেশ্যন

ওবামাৰ কিতাপৰ তালিকাখনত ইমানী পেৰীৰ 'চাউথ টু আমেৰিকা: এ জাৰ্নি বিলো দ্য মেছন-ডিক্সন টু আন্টিং দা ছ'ল অফ এ নেশ্যন'ও অন্তৰ্ভূক্ত হৈছে।এগৰাকী বিশেষ মহিলাক

কেন্দ্ৰ কৰি কিতাপখন ৰচনা কৰা হৈছে।

দ্য স্কুল ফৰ গুড মাদাৰ্ছ

জেচামিন চানৰ 'দ্য স্কুল ফৰ গুড মাদাৰ্ছ' হৈছে বাৰাক ওবামাই এই বছৰ পঢ়া এখন অন্যতম কিতাপ। উচ্চ-মধ্যবিত্ত পিতৃ-মাতৃৰ সম্পৰ্কক কেন্দ্ৰ কৰি ৰচনা কৰা হৈছে এইখন উপন্যাস।

আপুনিও পঢ়ক বাৰাক ওবামাই পঢ়া কিতাপ কেইখন
সাৱধান হওঁক, নাকৰে দিয়া ভেকচিনৰ আছে পাৰ্শ্বক্ৰিয়া

ব্লেক কেক

চাৰ্মাইন ৱিলকাৰছনৰ 'ব্লেক কেক' কিতাপখনো ওবামাই এই বছৰ পঢ়ি শেষ কৰিছে।পৰিয়াল, বিবাদ, সম্পৰ্ক আৰু এই সকলোবোৰৰ ভিতৰত লাভ-লোকচানৰ খেলাখনক এই কিতাপখনত উপস্থাপন কৰা হৈছে।

ডাকচ: টু ইয়ৰ্ছ ইন দা অইল চেণ্ডছ

কেট বিটনৰ 'ডাকচ: টু ইয়ৰ্ছ ইন দা অইল চেণ্ডছ' হৈছে কানাডাৰ এক অকথিত কাহিনী, যি হৈছে এনে এখন দেশ যি ইয়াৰ সমতাবাদী লোকাচাৰ তথা প্ৰাকৃতিক সৌন্দৰ্যৰ ওপৰত গৌৰৱ কৰে আৰু একে সময়তে ইয়াৰ ভূমিৰ ধন আৰু ইয়াৰ লোকসকলৰ মানৱতা দুয়োটাকে শোষণ কৰে।

এন ইমেনছ ৱৰ্ল্ড

ওবামাৰ তালিকাত পৰৱৰ্তী স্থানত আছিল ‘এন ইমেনছ ৱৰ্ল্ড’। এড য়ঙৰ এই কিতাপখনত পৃথিৱীৰ বিভিন্ন জন্তুৰ কাহিনী অন্তৰ্ভূক্ত কৰা হৈছে।

লিবাৰেশ্যন ডে

ওবামাৰ প্ৰিয় কিতাপৰ তালিকাত চামিল হোৱা জৰ্জ চণ্ডাৰ্ছৰ ‘লিবাৰেশ্যন ডে’ হৈছে এনে কাহিনীৰ সংকলন যি ক্ষমতা, নৈতিকতা আৰু ন্যায়ৰ ধাৰণাবোৰ অন্বেষণ কৰে।

দ্য কেণ্ডি হাউচ

এই বছৰত বাৰাক ওবামাই পঢ়ি শেষ কৰা আন এখন কিতাপ হৈছে জেনিফাৰ এগানৰ 'দ্য কেণ্ডি হাউচ'। এই কিতাপখনত সংযোগ, পৰিয়াল, গোপনীয়তা আৰু প্ৰেমৰ বাবে মানুহৰ আকাংক্ষাৰ দৃঢ়তাক উপস্থাপন কৰা হৈছে।

আফটাৰ লাইভছ

'আফটাৰ লাইভছ' বাৰাক ওবামাৰ এই বছৰ পঢ়া কিতাপৰ তালিকাত স্থান লাভ কৰা অন্তিমখন কিতাপ। ২০২১ চনৰ সাহিত্যৰ ন’বেল বঁটা বিজয়ী এই কিতাপখনৰ ৰচনা আব্দুলৰজাক গুৰ্নাহৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in