‘আত্মহত্যাৰ ৰোগ’ত আক্ৰান্ত আপোনাৰ প্ৰিয় অভিনেতা ছলমান খান

‘আত্মহত্যাৰ ৰোগ’ত আক্ৰান্ত আপোনাৰ প্ৰিয় অভিনেতা ছলমান খান

ডিজিটেল ডেস্ক: বলীউডৰ ‘ভাইজান’ ছলমান খানে আজি ৫৮ বছৰ বয়সত ভৰি দিলে।তিনি দশক ধৰি বলীউডত ৰাজত্ব কৰা ছলমানৰ দেশবাসীৰ মাজত এজন অভিনেতা হিচাপেই নহয়, এগৰাকী ‘সোণালী হৃদয়’ৰ মানুহ বুলিও তেওঁৰ আছে এক সুকীয়া পৰিচয়।বলীউডৰ বিশিষ্ট্য চিত্ৰনাট্যকাৰ ছেলীম খানৰ জ্যেষ্ঠ পুত্ৰ ছলমানৰ জন্ম ১৯৬৫ চনৰ ২৭ ডিচেম্বৰত। ত্ৰিশ বছৰীয়া কেৰিয়াৰত ছলমানে বৰ্তমানলৈকে অসংখ্য বঁটা লাভ কৰিছে, যাৰ ভিতৰত আছে ছবি প্ৰযোজক হিচাপে দুটা ৰাষ্ট্ৰীয় বঁটা আৰু অভিনেতা হিচাপে দুটা ফিল্মফেয়াৰ বঁটা।বলীউডৰ এইজন ছুপাৰষ্টাৰক ভাৰতীয় ছবি জগতৰ আটাইতকৈ ব্যৱসায়িকভাৱে সফল অভিনেতা হিচাপেও গণ্য কৰা হয়। 

‘আত্মহত্যাৰ ৰোগ’ত আক্ৰান্ত আপোনাৰ প্ৰিয় অভিনেতা ছলমান খান
Fatima Sana Shaikh: মৃগী ৰোগত আক্ৰান্ত ফাতিমা

জনপ্ৰিয়তাৰ লগতে বিতৰ্কৰ ক্ষেত্ৰটো শীৰ্ষত থাকে এইজন অভিনেতা।প্ৰিয় অভিনেতা হিচাপে ছলমানক আমি সকলোয়ে জানো যদিও অভিনেতাজনৰ বিশেষ কেতবোৰ কথা আমি হয়তো বহুতেই নাজানো।আজি জন্মদিন উপলক্ষে ছলমানৰ বিষয়ে নজনা কথাবোৰ জানো আহক- 

১) ছলমান খানৰ প্ৰকৃত নাম আব্দুল ৰছিদ ছেলিম ছলমান খান। 

২) অভিনেতা নহয়, এজন লেখকহে হ'ব বিচাৰিছিল ছলমান।

৩) সকলোৰে জ্ঞাত যে, ছলমানে ‘মেইনে প্যাৰ কিয়া’ ছবিখনৰ জৰিয়তে বলীউডত ভুমুকি মাৰিছিল। প্ৰকৃততে ১৯৮৮ চনত মুক্তিপ্ৰাপ্ত ছবি ‘বিৱি হ’ ত’ এইচি’হে আছিল ছলমানৰ প্ৰথম বলীউডৰ ছবি। 

৪) চবোনৰ প্ৰতি আজৱ দুৰ্বলতা আছে ছলমান খানৰ। তেওঁৰ ঘৰৰ ‘বাথৰুম’টো বিভিন্ন প্ৰকাৰৰ চাবোনেৰে জমা হৈ থাকে।

৫) 'বীৰ' আৰু 'চন্দ্ৰমুখী'ৰ দৰে ছবিৰ চিত্ৰনাট্যকাৰ ছলমান খান।

৬) ছলমান সৰুৰে পৰা এজন বহু ভাল সাঁতোৰবিদ।সাঁতোৰক কেৰিয়াৰ হিচাপে লোৱা হয় কিজানি আজি অভিনেতা নহয়, এজন পেছাদাৰী সাঁতোৰবিদ হিচাপেহে পৰিচয় পালেহেঁতেন ছলমান খানে।

৭) ছলমান খান ‘ট্ৰাইজেমিনেল নিউৰালজিয়া’ নামৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত।ই হৈছে মুখৰ স্নায়ুৰ বিকাৰজনিত এক ৰোগ, যাক ‘আত্মহত্যাৰ ৰোগ’ বুলিও জনাজাত।

৮) ছলমান চীনা খাদ্যৰ লুভীয়া। অৱসৰৰ সময়ত তেওঁৰ কেৱল এই খাদ্যকে সংগী কৰি লয়। 

৯) ছলমান খান বলীউডৰ ইতিহাসৰ সবাতোকৈ জনপ্ৰিয় ছবি হিচাপে খ্যাত ‘বাজিগৰ’ৰ বাবে প্ৰথম পচন্দ আছিল। কিন্তু তেওঁ নেতিবাচক চৰিত্ৰত অভিনয় কৰিব নিবিচৰা বাবে চৰিত্ৰটো প্ৰত্যাখ্যান কৰিছিল।

১০) ১৯৯১ চনত যেতিয়া তেওঁ ক্ষীণ আছিল, সেই সময়ত এদিনত ৩৫ টা লৈকে ৰুটি খাইছিল ছলমানে।

১১) চিত্ৰশিল্পী হিচাপেও আন এক পৰিচয় আছে ছলমান খানৰ।ছলমানৰ এখন বহু আকৰ্ষিত চিত্ৰশিল্প আমিৰ খানৰ চ’ৰা ঘৰত সজাই থোৱা আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in