পৰম্পৰা অব্যাহত! বলীউডলৈ ‘ষ্টাৰ কিড’ৰ সোঁত

পৰম্পৰা অব্যাহত! বলীউডলৈ ‘ষ্টাৰ কিড’ৰ সোঁত

ডিজিটেল ডেস্ক: ‘ষ্টাৰ কিড’ক কেন্দ্ৰ কৰি সময়ে সময়ে খুব চৰ্চাত থাকে বলীউড।কেতিয়াবা যদি যোগ্যজনৰ বিপৰীতে ‘ষ্টাৰ কিড’ক অগ্ৰাধিকাৰ, আন কেতিয়াবা আকৌ অদ্ভুদ কৰ্ম-কাণ্ডৰ বাবে লাইমলাইটত থাকে এইসকল ‘ষ্টাৰ কিড’। শেহতীয়াকৈ পুনৰ চৰ্চাৰ বিষয় হৈ পৰিছে বলীউডী তাৰকাৰ কেইটিমান সন্তান।হয়, আগন্তুক বৰ্ষত ‘বি টাউন’ত ভুমুকি মাৰিব বহুকেইজন ‘ষ্টাৰ কিড’য়ে।তেওঁলোকৰ ভিতৰত আছে সুহানা খান, অগষ্ট্য নন্দা, খুছী কাপুৰ, আৰ্য়ন খান, পছমীনা ৰৌশন আৰু আলিজেহ।

সুহানা খান ‘বলীউডৰ কিং’ শ্বাহৰুখ খান আৰু গৌৰী খানৰ একমাত্ৰ কন্যা।সুহানা খানক বলীউডৰ অন্যতম সফল পৰিচালক হিচাপে বিবেচিত জয়া আখটাৰৰ আগন্তুক ছবি 'আৰ্চিছ'ত দৰ্শকে দেখিবলৈ পাব।এই ছবিখনতে মেগাষ্টাৰ অমিতাভ বচ্চনৰ নাতি অগষ্ট্য নন্দাই সুহানাৰ বিপৰীতে মূল চৰিত্ৰত অভিনয় কৰিছে।ইতিমধ্যেই যথেষ্ট চৰ্চা লাভ কৰা 'আৰ্চিছ' অটিটি প্নেটফৰ্ম নেটফ্লিক্সত মুক্তি লাভ কৰিব।আনহাতে, অগষ্ট্যই ৰাষ্ট্ৰীয় বঁটা বিজয়ী পৰিচালক শ্ৰীৰাম ৰাঘৱনৰ সৈতে তেওঁৰ দ্বিতীয় খন ছবিতো ইতিমধ্যে স্বাক্ষৰ কৰিছে।

কন্যা সুহানাৰ লগতে শ্বাহৰুখ খানৰ পুত্ৰ আৰ্য়ান খানেও আগন্তুক বৰ্ষত ‘বি টাউন’ত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে।অৱশ্যে অভিনেতা হিচাপে নহয়, লেখক-পৰিচালক হিচাপেহে আৰ্য়ানে বলীউডত ভৰি দিব।

বিশিষ্ট সংগীত পৰিচালক ৰাজেশ ৰৌশনৰ কন্যা পছমীনা ৰৌশনো বলীউডত ভুমুকি মাৰিবলৈ সাজু হৈছে।'ইস্ক বিষ্ক'ৰ ৰিমেকৰ জৰিয়তে হৃত্বিক ৰোশনৰ সম্বন্ধীয় ভগ্নী পছমীনা ৰৌশনে পৰিয়ালৰ পৰম্পৰা ৰক্ষা কৰিবলৈ আগবাঢ়িছে।

বনী কাপুৰ আৰু শ্ৰীদেৱীৰ জ্যেষ্ঠ কন্যা জাহ্নবী কাপুৰৰ পাছত এইবাৰ কণিষ্ঠ কন্যা খুছী কাপুৰক দৰ্শকে বিগ স্ক্ৰীণত দেখিবলৈ পাব। জয়া আখটাৰৰ ছবি 'আৰ্চিছ'ত সুহানা আৰু অগষ্ট্যৰ লগতে খুছী কাপুৰেও এক অন্যতম মূখ্য চৰিত্ৰত অভিনয় কৰিছে। 

আনহাতে, ছলমান খানৰ ভতিজী আলিজেহে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত ছবি নিৰ্মাতা সৌমেন্দ্ৰ পাধিৰ পৰৱৰ্তী ছবিত অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছে।

পৰম্পৰা অব্যাহত! বলীউডলৈ ‘ষ্টাৰ কিড’ৰ সোঁত
'পাঠান'ৰ পিছত 'ডাঙ্কি'ক লৈ বিতৰ্কত শ্বাহৰুখ

উল্লেখ্য, অভিনয় দক্ষতাৰ অবিহনে কেৱল পৰিয়ালৰ কৃপাত বলীউডত দপ-দপাই থাকি ইতিমধ্যেই সীমাহীন সমালোচনাৰ সন্মুখীন হৈছে বহু ‘ষ্টাৰ কিড’।পিছে এইসকল তাৰকা সন্তানে আগন্তুক দিনত বলীউডত কি ৰং দেখুৱাই সেয়া অৱশ্যে সময়তহে লক্ষণীয় হ’ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in