/asomiyapratidin/media/media_files/2025/03/17/bJmt77smgC7YRktUCf3S.jpeg)
ডিজিটেল ডেস্ক: সঁচাকৈয়ে বেয়া খবৰ ! এটাৰ পাছত এটাকৈ ভাঙিছে টেলিভিছনৰ অতি জনপ্ৰিয় যুটি। শেহতীয়াকৈ ভাঙিল সকলোৰে প্ৰিয় যুটি 'প্ৰিয়ংকিত'। হয়, অভিনেত্ৰী প্ৰিয়ংকা চাহৰ চৌধুৰী আৰু অভিনেতা অংকিতা গুপ্তাৰ দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কত আউল লাগিল। এই খবৰে কেৱল তেওঁলোকৰ অনুৰাগীকে নহয়, সমগ্ৰ টেলিভিছন উদ্যোগটোকে আচৰিত কৰি তুলিছে। কেইদিনমান পূৰ্বে আকৌ অন্ত পৰিছে প্ৰণালী ৰাথোৰ আৰু হৰ্ষদ চোপ্ৰা, জন্নত আৰু ফেজলৰ সম্পৰ্ক।
ইজনে সিজনক আনফ'ল' কৰিলে প্ৰণালী-হৰ্ষদে
প্ৰণালী আৰু হৰ্ষদৰ যুটিটোৰ অগণন অনুৰাগী। যদিও দুয়োজনে কেতিয়াও ৰাজহুৱাভাৱে তেওঁলোকৰ সম্পৰ্কক মানি লোৱা নাছিল, তথাপিও তেওঁলোকৰ মাজৰ বন্ধনে স্পষ্টকৈ দেখুৱাইছিল যে এই সম্পৰ্ক বন্ধুত্বতকৈ বহু বেছি। দুয়োৰে ছ’চিয়েল মিডিয়াত ইজনে সিজনৰ লগত ছবি শ্বেয়াৰ কৰাৰ অভ্যাস আছিল। কিন্তু এতিয়া প্ৰণালী ৰাথোৰে হৰ্ষদৰ সৈতে থকা সকলো ছবি ছ’চিয়েল মেডিয়া একাউণ্টৰ পৰা আঁতৰাই দিছে। যাৰ ফলত তেওঁলোকৰ বিচ্ছেদ যে হৈছে, সেয়া নিশ্চিত হৈছে।
জন্নত-ফেজলৰ ব্ৰেকআপ
প্ৰণালী-হৰ্ষদৰ পাছতে পোহৰলৈ আহিল আন এটা দুখৰ খবৰ। হয়, সম্পৰ্ক শেষ হ'ল জন্নত জুবেইৰ আৰু ফেজল শ্বেইখৰ। অতি সোনকালে তেওঁলোক দুয়োৰে বিয়া হোৱাৰ কথাও আছিল। কেৱল এয়াই নহয়, 'চেলিব্ৰেটী মাষ্টাৰচেফ' শ্ব’ত জন্নত আৰু ফেজলৰ বিবাহৰ কথাও খুব চৰ্চা হৈছিল। কিন্তু এতিয়া ছ’চিয়েল মেডিয়াত ইজনে সিজনক আনফ’ল’ কৰিছে। যিয়ে তেওঁলোকৰ সম্পৰ্ক ভঙা খবৰটো নিশ্চিত হৈছে।
কি হ'ল অংকিত-প্ৰিয়ংকাৰ ?
সকলোৰে প্ৰিয় যুটি অংকিত গুপ্তা আৰু প্ৰিয়ংকা চাহৰ চৌধুৰীৰ বিচ্ছেদক লৈ এতিয়া উত্তাল ছ'চিয়েল মেডিয়া। এই যুটিটো আছিল টিভি উদ্যোগৰ অন্যতম চৰ্চিত যুটি। প্ৰায়ে তেওঁলোকৰ সম্পৰ্কক লৈ চৰ্চা হৈছিল আৰু তেওঁলোকৰ বিবাহৰ কথাও চলিছিল। কিন্তু এতিয়া হঠাৎ তেওঁলোকৰ বিচ্ছেদৰ খবৰে সকলোকে স্তম্ভিত কৰি তুলিছে। বৰ্তমান দুয়োজনে এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। কিন্তু সম্পৰ্ক শেষ কৰিবলগীয়া এনে কি হৈছিল অংকিত-প্ৰিয়ংকাৰ, তাকে জানিবলৈ অনুৰাগী এতিয়া যথেষ্ট উৎসাহী হৈ আছে।
Also Read: এই জুচ খায়েই এতিয়াও ধুনীয়া হৈ আছে ৫১ বছৰীয়া মলাইকা